কথাটো শেষ কৰিবলৈও নিদিলে মোক আয়ুয়ে।গুচিয়েই গ'ল।মই যেন বুজিবলৈকো সময় নাপালোঁ।তাৰ পিছে পিছে 'পেটু মামা' বুলি চিঞৰি চিঞৰি গৈ থকা থুপুলৈ চাবলৈকো তাৰ সময়েই নহ'ল।নিজেই শিকাইছিল থুপুক, পেটুৱা মামা বুলি মাতিবলৈ।নুফুটি সেইটো 'পেটু মামা' হৈছিলে।আজি তাৰ ইমান কিহৰ খং যে এনেকৈ গুচি গ'ল!ককাও আচৰিত হ'ল।তালৈকে মোলৈকে চাহ বনাই লৈ অনা তৰাও একে ঠাইতে ৰ'ল।পিছে উষ্টাডি… Continue reading #আবিৰ খণ্ড(৬৬)
#আবিৰ খণ্ড (৬৫)
:ছাল থকা ডিম দিয়া,এইয়া না না।ৰাতিপুৱাই ঘৰত এইয়া লৈ হুলস্থূল।আমি কোনেও বুজা নাই ছাল থকা ডিম কি বস্তু।অমলেট বনাই দিলোঁ,সেইটো নহয়।বইল কৰি দিলোঁ, সেইটো ও নহয়।মুঠতে থুপুৱে আজি ছাল থকা ডিম হে খাব।বেলেগ কাম একো নাই পৰা কৰিব।সুৰেশক ফোন কৰি আজি ঘৰৰ পৰাই কাম কৰিম বুলি কৈছোঁ।ৰাতিপুৱাই মাৰ ফ্লাইট আছিল।অনিৰুদ্ধও কালি ৰাতিয়েই গাড়ী লৈ হায়দৰাবাদলৈ… Continue reading #আবিৰ খণ্ড (৬৫)
#আবিৰ খণ্ড(৬৪)
:তুমি এবাৰ তেওঁক লগ কৰি লোৱা,প্লিজ।মা আচৰিত হ'ল।:কাক?:অথনি যে ফটো..মানে এলবামত যে:চুপ,একদম চুপ।এইবোৰ ধেমালি বুলি ভাবিছ নেকি মাজু।তোৰ এই যি মন যায় যেতিয়াই মন যায় কৈ দিয়া, কৰি দিয়া স্বভাৱটো এৰ।:নেৰোঁ, কিয় এৰিম।তুমি জানো নিজৰ জেদ এৰিছা?সলাব পৰিছা নিজকে?দেউতাক ভাল পাব পাৰিছা?ভাল বোৱাৰী, ভাল মা, ভাল পত্নী হোৱাৰ অভিনয় কৰিব পাৰিছা?নাই পৰা।সৱেই নোৱাৰে।অন্ততঃ তোমাৰ মোৰ… Continue reading #আবিৰ খণ্ড(৬৪)
#আবিৰ খণ্ড (৬৩)
তেওঁৰ চুলিৰপৰা এটোপাল পানী টুপকৈ মোৰ গালতে পৰিল।বডী ৱাছৰ সতেজ সুগন্ধি বিয়পি পৰিল মোৰ ভিতৰলৈকে।বহুত বেছি দিনো হোৱা নাই তথাপিও যেন এটা যুগৰ মূৰত মই আকৌ লগ পাইছোঁ তেওঁক।:I missed you to Anirudh.হঠাৎ তেওঁৰ পিঠিত থকা মোৰ হাতখনৰ ওপৰত কোমল স্পৰ্শ এটা অনুভৱ কৰিলোঁ।নিজৰ সৰু হাতখনেৰে থুপুৱেও আঁকোৱালি ল'ব জানিছে অনিৰুদ্ধক।অলপ পাছত আৰু এটোপাল পানী… Continue reading #আবিৰ খণ্ড (৬৩)
#আবিৰ খণ্ড (৬১)
আঁতৰি যোৱাৰ পাছতো তেওঁ মোৰ মাজত সিঁচি গ'ল নিজক ভালপোৱাৰ হাজাৰটা অজুহাত।ব্যস্ত ৰুটিনৰ মাজত সম্পূর্ণ এক ঘণ্টা সময় তেওঁৰ বাবে উলিয়াই ৰাখোঁ।যিমানেই দেৰি নহওঁক কথা নপতাকৈ নোশোৱে তেওঁ।তালৈ গৈ প্ৰথম দুদিনমান গা বেয়া হ'ল।জ্বৰ,চৰ্দি।পানী সলনি হ'লে হয়েই।সেইকেইদিন অলপ বেছিয়েই ফোন,মেছেজ।মই নাথাকোঁতে কি কৰিছিল নাজানো।ইফালে ককা আৰু আয়ু নতুন ঘৰ বিচৰা মিছনত নামিছে।যিটো কাম মই নোহোৱাকৈ… Continue reading #আবিৰ খণ্ড (৬১)
#আবিৰ খণ্ড(৮৫)
ইমানবোৰ ভাললগা!ক'ত লুকুৱাই ৰাখিছিলা অ' মোৰ যাযাবৰী জীৱন?মোৰ হাতত ধৰি এইবাবেই বাৰে বাৰে উভতাই আনিছিলা মোক?এই বাবেই বিষণ্ণ ৰাতিৰ শেষত মোক কৈছিলা.. জীয়াই থাক অনন্যা..জীয়াই থাক..ধূসৰ ধূসৰ দিনতেই লিখিছলা নে এই সেউজীয়া দিনবোৰৰ কাহিনী!আছিল নে তেতিয়াও মোৰ বাবেই অতবোৰ বুকুত ইমানবোৰ হেঁপাহ!জীৱন!নতুন বন্ধুত্বৰ বাবে অভিনন্দন তোমাক!তোমাক ভাল পাওঁ এতিয়া, ভীষণ! হেৰাই যোৱা দিনবোৰৰ ছবিবোৰে মনত… Continue reading #আবিৰ খণ্ড(৮৫)
#আবিৰ খণ্ড (৮৪)
ককাৰ মৃত্যৰ সম্পূৰ্ণ ছটা মাহ পাৰ হৈ যোৱাৰ পাছত, ককাৰ ৰূমৰ বিছনাৰ সন্মুখৰ খালি দেৱালখনত আউজি আমি দুটা আকৌ বহিছোঁ।সৰুতে এনেকৈ তলত বহি আমি ককাৰ পৰা সাধু শুনিছিলোঁ।আমি মানে মই আৰু আয়ু।সি নাহিল, ককাৰ ঢুকোৱাৰ খবৰ পায়ো সি নাহিল, সৱেই তাক বেয়া পাইছিল, মই নাই পোৱা।ভালকৈ জানো মই তাক।নোৱাৰে সি মুখা-মুখি হ'ব,পলাই ফুৰিব কেইদিনমান।মনে মনে… Continue reading #আবিৰ খণ্ড (৮৪)
#আবিৰ খণ্ড(৮৩)
জীৱনৰ চৰম সত্যক মানিবলৈ কোনেও মোক এবাৰো বুজাবলৈ নাহিল।গোসাঁইঘৰত মই মাত্ৰ থাপনাখনলৈ চাই বহি আছোঁ।এই মৃত্যু অপমৃত্যু নহয়..কিন্তু অবাঞ্চিত নিশ্চয় হয়।যদি ককাক লৈয়ে যাব খুজিছিলা, সুস্থ কৰি মোক নতুন সপোন কিয় দেখুৱাইছিলা মাধৱ?কি কৰিম এতিয়া মই?ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰিম?মই কি হৈ কথাবোৰ ভাৱিম?মাক হৈ?জী হৈ?পত্নী হৈ?নে বগা বাংলোৰ মালিক হৈ?ককাই ৰাতিয়েই জ্বলোৱা… Continue reading #আবিৰ খণ্ড(৮৩)
#আবিৰ খণ্ড (৮২)
সন্ধিয়াৰ আকাশত পূৰ্ণচন্দ্ৰৰ ৰূপোৱালী জোনাক।বতাহত শৰতৰ কোমল সুবাস।জানকী কাননৰ চাৰিও কোণত ধূপ ধুনাৰ সুগন্ধি।ককাৰ নিৰ্দেশমতে আজি ভগৱানক সন্ধিয়াৰ পূজাত ভোগ দিয়া হৈছে।মায়ে গা ধুই ভগৱানৰ বাবে পায়স বনাইছে।আগলি কলপাতত সজাই শৰাই আগবঢ়াইছে।কোনো বিশেষ দিন নহয় আজি।কিন্তু ককাৰ ইচ্ছা।আজি মাধৱক ভোগ দি পূজা কৰিব।আমাকো সন্ধিয়াৰ পূজাত বহিবলৈ কৈছে।:এওঁক ধুতি এখন দে।হাতত সেইখন লৈ মোৰ ফালে চালে… Continue reading #আবিৰ খণ্ড (৮২)
#আবিৰ খণ্ড(৮১)
চহৰখন এৰিবলৈ মোৰ কষ্ট হৈছিল।বহুত বেছি কষ্ট হৈছিল।অনিৰুদ্ধ, আয়ু আৰু হিবাক মই বুকুত বান্ধি লগতে লৈ আহিছিলোঁ। "মিছ কৰিম বহুত,সোনকালে ঘূৰি আহিবা প্লিজ""তুম ৱাপছ জৰুৰ আনা অনন্যা""ভালেই হৈছে তই যাৱগৈ, কামোৰ হৈ গৈছিলি অলপ" তিনিওটাৰে সেমেকা মুখ কেইখন এয়াৰপোৰ্টৰ বাহিৰত এৰি মই গুচি আহিছিলোঁ।গোটেই বাটটো পুৰণি স্মৃতিবোৰ সুঁৱৰি আহোঁতে কেতিয়া অসম পালোহি গমেই নাপালোঁ।যোগেশ দা… Continue reading #আবিৰ খণ্ড(৮১)