Uncategorized

#JEC Part 25

Previous: #JEC Part 24
চাহৰ প্লেটখন নি চেণ্টাৰ টেবুলখনত থলো।তেওঁ নাইচোন। বাহিৰলৈ ওলাই চালো। বাৰাণ্ডাৰ ওখ চিৰি কেইটা আইতাই উঠিব পৰা নাই। দেউতাই অাৰু তেওঁ ধৰি ধৰি আনিছে।ভিতৰলৈ আনি দৰ্জাৰ ওচৰতে থকা ‌সৰু ছ’ফাখনত বহুৱাই দিলে।আইতাৰ সন্মুখত থকা ডাঙৰ ছ’ফাখনত দেউতা আৰু তেওঁ বহিছে। ওচৰতে থকা সৰু বিচনাখনত নিশা।
:হব বোপাই, পাৰিম দিয়া, তুমি হবলা আমাৰ সৰু মাইনাৰ কলেচৰ ?
আইতাই কলেজ তো কলেচ বুলি কয়। শুনি শুৱলা পাওঁ বাবে কোনেও শুধৰাই দিয়া নাই।
:হয় আইতা।
আৰু কিবাকিবি সুধি আছে আইতাই, তেওঁ খুব উত্সাহেৰে উত্তৰবোৰ দিয়া যেন লাগিল। আচলতে আইতাৰ লগত কথা পাতি সকলোয়ে ভাল পায়। কেৱল আইতাৰ মাত এষাৰ লব লৈকে ওচৰ চুবুৰীয়া মানুহ প্ৰায় সদায় বৰদেউতাৰ আহে। কিন্তু তেওঁ আইতাৰ সৈতে এনেকে কথা পাতিব বুলি সপোনতো ভবা নাছিলো।
ভাবি কেতিয়াবা আচৰিত হওঁ। খং, অভিমান, জেদ কিয় এই সকলোবোৰ কেৱল মোৰ কাৰণেই? মোৰ ওচৰত কিয় বাৰে বাৰে সংযম হেৰুৱাই পেলায় তেওঁ?সুধিব বিচাৰো তেওঁক, কিন্তু নোৱাৰোঁ। ভয় লাগে। মোৰ প্ৰশ্নই যদি তেওঁৰ পুৰণা ঘাঁত আঘাত কৰে!

চেনি নিদিয়াকৈ দুটা কাপত চাহ বাকিলো। দেউতাৰ ডায়েবেটিছ আছে, সেইবাবে মিঠা কমাই খায়। বাইদেউৰ দোকানত তেওঁ ও সদায় চেনি নিদিয়া চাহ বিচাৰে। নিশাৰ ভাষাত তেওঁ ফিটনেচ ফ্ৰিক। নাখায় যেতিয়া নিদিওঁ। চাহ কাপ আগবঢ়াই দিলো।
আইতাৰ চাহকাপত চেনি এচামুচ গুলি কাঁহৰ বাটি এটাত ঢালি আগবঢ়াই দিলো, চাদৰৰ আঁচলটো আগলৈ টানি চাহৰ বাটিটো তাতে লৈ খোৱাটো আইতাৰ অভ্যাস।
:মাজনী, এওঁক চেনি নিদিয়া চাহ দিলি যে।
:মই মিঠা অলপ কমাই খাওঁ আংকল।
:ওৱ ‘ আই, তোমাৰো হবলা আমাৰ সৰু পোনাৰ নিচিনাকৈ কিবা হেই চেনি বেছি হোৱা বেমাৰ আছে????
:WHAT? NOOO.
হে প্ৰভূ, খং উঠিল ছাগে আকৌ।
নিশাই পেটত ধৰি হাঁহি হাঁহি বিচনাখনতে পৰি দিছে।
তেওঁ মোৰ ফালে চালে,মুখ খন ৰঙা। লাজত নে খঙত নাজানো।
পৰিস্থিতি বিষম হোৱা আগতে চম্ভালিব লাগিব।
:আইতা সেইবোৰ বাদ দিয়াচোন, চাহকাপ ভাল হৈছেনে? তুমি ভালপোৱা কাৰণে ইলাচি দি দিছো।
:ভাল হৈছে আকৌ। বৰ সোৱাদ হৈছে।
ওচৰ চাপি আইতাৰ ছফাখনৰ হাত থোৱা জেগাখিনিত বহিলো।
:এওঁক নিদিলি চোন? তোমাৰ কথা শুনিয়েই থাকো বুইছা, আজিহে দেখিলো। সৰু মাইনাৰ লগৰী ন।
নিশা আহি আইতাৰ ভৰি চুই সেৱা কৰিলে।চাহৰ বাতিটো মোৰ হাতত দি নিশাক সাৱটি ধৰিলে আইতাই। গালে মুখে টপৰ টপৰ চুমা দুটামানো খালে। দিয়ক, অাৰু মৰমেৰে উপচাই দিয়ক তাইক। পৰা হলে মোৰ ভাগৰ মৰমখিনিও দিম মই তাইক। নোপোৱাৰ যাতনাই নিশাক খুলি খাবলৈ নিদিওঁ মই। তিৰবিৰাই থকা চকুকেইটাৰে তাই এবাৰ মোৰ ফালে চালে, সামৰি থ নিশা, এই মৰমবোৰ বৰ দুৰ্লভ।নিশাৰ লগতে মোকো ছপাই নি চুমা এটা খালে আইতাই। কিজানিবা মই অভিমান কৰোঁ।
:তেনেই সৰুতে চুলি পকিলে হেৰৌ।তেল তোল অকণ ঘঁহিব লাগে। আমাৰ এইজনীক মই আগতে সদায় নাৰিকল তেল ঘঁহি দিওঁ। অাজি তোমাকো দিম দেই।
গম পাইছিলো নিশাৰ highlight কৰা চুলি দেখি আইতাই তেনেকুৱা কিবা এটাই কব।
নিশাই বেয়া পাইছে নেকি বুলি তাইৰ ফালে চালো, নাই, মুখ টিপি টিপি হাঁহি অাছে, অৰ্ণৱেও মাজে মাজে ৰখাব নোৱাৰি মুখ টিপি হাঁহিছে। নমো, আইতাই যেন মোৰ কথা একো নুলিয়াই।
:ইচ ৰাম। আকৌ পৰিলাও নি কবাত। আঁঠু চোন চেল খাই আছে। কাপোৰো ফাটিলে দেহি। গেলা বতৰ বুইছা। গোটেইখন পিছল। বেছি দুখ পালা নি মাজনী। মই চিলাই দিম ৰবা।
এইবাৰ আঁঠুৰ ওচৰতে ফটা পেন্ট টোলৈ চকু গল আইতাৰ।
:তুমি আমাৰ এইৰ ভাগৰ কিবা এটা সলাই পিন্ধিব পাৰিবা। চোলা এটা তাইকো দে আকৌ সৰু মাইনা। নিজেও চোন মেখেলা চাদৰ সলোৱাই নাই। এইযোৰ কাপোৰ আকৌ মই দিছো বুইছা নাই। বোলো ওঠৰ বছৰীয়া হলি এতিয়া, মেখেলা চাদৰ হে দিম। কাইলে পৰহিলে বিয়া বাৰু দিলে চোন লাগিবই। পিছে এইক নো কেনেকে বিয়া দিম জানো। তেনেই কেঁচুৱা ছোৱালী নিচিনা হৈয়ে আছে। মই বোলো তোৰ বয়সত মই তিনিটা লৰা ছোৱালীৰ মাক হলো।
লাজতে মৰো যেন লাগিছে। আইতাই কি কি কব এতিয়া ঠিক নাই। আঁৰ চকুৰে তেওঁৰ ফালে চালো। নাই আইতাৰ কথাবোৰ শুনা নাই। দেউতাৰ লগত কিবা গভীৰ আলোচনাত মগ্ন। ৰক্ষা।
:আইতা কিনো কথাবোৰ কৈ থাকা।
নিশাই কিন্তু বৰ ৰস পাইছে আইতাৰ কথাত। খুচৰি খুচৰি মোৰ কথা উলিয়াইছে। আইতাই এফালৰ পৰা সৱ গাই গৈছে।
:এইজনী আমাৰ ঘৰখনৰ জীৱ টো বুইছা। কেতিয়াবা ভাবো বিয়া বাৰু নিদিওঁ,মোৰ ওচৰতে থাকক।
:but why damn it?
একেজাপে বহাৰ পৰা উঠিলে। দেউতাই ধৰিবই পৰা নাই কি হল।
মানে তেওঁ শুনিলে।
ইয়াৰ পিছৰখিনি মই নাভাবো।
:তেনেই বেঙে জাপ মৰা দি জাঁপ মাৰি উঠিলা যে। অাৰু কথাষাৰ কিবা বিদেশী ভাষাত কলা হব পায়। বুজি নেপালো নহয়।
এইবাৰ খং উঠিছে তেওঁৰ। কিয়? নাজানো।
:আইতাই এনেই জমাই অাছে অৰ্ণৱ দা।take a chill man.
নিশাৰ কথাত তেওঁ অলপ শান্ত হোৱা যেন লাগিল।
:তোমালোক অকণ বহা, মই এওঁলোকক আগবঢ়াই আনোগৈ। বতৰো বেয়া। শৰাই সফুঁৰা সব লৈ আহিবলৈ দিগদাৰ হব। মই স্কুটাৰখন লৈ অলপ আগবাঢ়ি যাও।
:বেয়া নাপায় যদি মোৰ লগতে বলক। গাড়ীখন লৈ গলে সুবিধা হব।
মানুহজনৰ এই কথাবোৰ মোৰ ভাল লাগে। সহায় কৰি ভালপোৱা স্বভাৱ অাজিৰ দিনত বিচাৰি পোৱা টান। দেখি ভাল লাগে তেওঁ যেতিয়া বাইদেওক চিলিণ্ডাৰ তো উঠাই নিয়াত সহায় কৰি দিয়ে, দোকান বন্ধ কৰিবৰ সময়ত বস্তু কেইটা কঢ়িয়াই অটখনত উঠাই দিয়ে। কোমল মন এটা নহলে জানো এনেবোৰ কাম সম্ভৱ।
:বৰ ভাল হব হে, ৰবা মই ভৰি হাত তিয়াই কাপোৰ কেইটা সলাই লওঁ,পূজা ঘৰলৈ যাম নহয়।
দেউতা ভিতৰলৈ যোৱাৰ লগে লগে তেওঁ বাহিৰলৈ ওলাই গল। যাওঁতে চকুৰ ইংগিতেৰে মোকো মাতি থৈ গল। আইতা অাৰু নিশা নিজৰ কথাত মচগুল।
লাহেকে আঁতৰি তেওঁৰ পিছে পিছে খোজ ললো। বৰদেউতাহঁতৰ ঘৰৰ ফালৰ ৱালখনত আউজি ৰৈ আছে । এইবাৰ অলপ চিন্তিত যেন লাগিল তেওঁক।
অলপ আঁতৰি ৰৈ আছো। একো কোৱা নাই। নকয় চাগে। ঘূৰি গুচি আহিব লওঁতেই বাওঁহাতখনত খামুচি ধৰিলে।
:you can’t escape miss Astha.
ধক্।
একেটানে নি ওচৰ পোৱালেগৈ, গুলপীয়া কাপোৰযোৰতকৈ বেছি চাগে মোৰ গালখন হে গুলপীয়া হৈছে। কপালত টোপ টোপ ঘাম। পুজা ঘৰত দিয়া সেন্দুৰৰ ফোট টো বৈ গৈছে। তেওঁ হাতেৰে ঠিক কৰি দিব খুজিলে।
নাই, অাৰু নোৱাৰোঁ। হাতখন আঁতৰাই দুখোজ পিছুৱাই আহিলো।
:আইতাই কিয় তেনেকৈ কৈছে?
:কি কলে নো?
:তুমি জানা মই কি সুধিছো।
:…..
:তুমি সদায় আইতাৰ লগতে থাকিবা?
উফ্। আইতাই কিবা এটা এনেই কলে আৰু। সেইটো কথাতে ইমান খং উঠিব লাগেনে।
:আইতাই ধেমালি কৰিছিলে।
:মই নাই কৰা কিন্তু।
:মানে?
:মানে কি তুমি জানা।
এই মানুহজন কিয় ইমান অবুজন? সব কথাতে অধীৰ।
:I need one more answer.
:কি?
:আইতাই সদায় এনেকে মৰম কৰে?
সোঁ ফালৰ গালখনত আইতাই চুমা দিয়া ঠাই কণত আলফুলে হাত বুলাই দিলে তেওঁ।
চকু মুদি সামৰি লৈছো ভালপোৱাৰ মিঠা অনুভৱ।
ৰৈ যা সময়। ৰৈ যা।
বৈ যাব দে আবেগৰ পাৰভঙা নৈ খন।
সপোনৰ সীমনাত দেও দি নাচিব দে মোক প্ৰথম প্ৰেমৰ মাতাল ৰাগীত।
:আস্থা!
:হমম
:আইতাই তো বহুত তামোল খাই, মই দেখিছো। তাত প্ৰব্লেম নাই? চিগাৰেট লৈ ইমান প্ৰব্লেম কিয়?
এইটো কেনেকুৱা প্ৰশ্ন! সপোনৰ দেশৰ পৰা আহি দিঠক পালোহি।
তেওঁ সঁচাকে বুজা নাই মই কিয় তেনেকে কলো। আইতা অাৰু তেওঁৰ মৰম একে হব পাৰে জানো।
:আইতাই মোক বহুত মৰম কৰে।
:মইয়ো কৰো।
:কি??
:Nothing. You will never understand.
মোক তাতে এৰি গুচি অহিল, দেউতাৰ সৈতে গাড়ীত বহিলগৈ।
এই অদ্ভুত মানুহজন! কি বিচাৰে মোৰ পৰা, কি নাইপোৱা তেওঁ জীৱনত?

…. আগলৈ

184 thoughts on “#JEC Part 25

  1. বা ……কাহিনী টোৰ এই মুহূৰ্ত খিনিত,অণৱ আৰু নিশাক গাওঁৱৰ মনোমোহা পৰিৱেশ টোলৈ লৈ যোৱা….মোৰ ভাবেৰে কাহিনিটো তেতিয়া আৰু বেছি ধুনিয়া হব,,,,,,,love you baa😘😘😘

    Liked by 3 people

    1. তাতে এতিয়া সুনাৰু ফুল ফুলাৰ বতৰ,,,,ফুল ক সকলোৱেই ভালপাই,,,,,মন আৰু বেছিপুলকিত হৈ পৰিব,তুমাৰ এই ধুনিয়া story তোত সুনাৰু ফুলে ঠাই পালে,,,,
      মই কোৱা কথাখিৰ বাবে বেয়া নাপাবা বা,,,I really love you…love you so much

      Liked by 1 person

  2. Wow…superb love story indraanee Baa.. moi 1-25 loi akeloge porhisu….bohut Val lagise porhi .. eyak kalponik rupot dekhale aru val lagibo..asha koru apunar story tue jen ata kalponik rup loi uthe .

    Like

  3. আকৌ অপেক্ষা ! আৰু এক সময়ৰ বাবে ,কেতিয়াবা পঢ়িবলৈ পাম ?
    বা আপুনি জয়ী হৈছে ,আপোনাৰ অনুপম সৃষ্টিৰ মাজেৰে ৷ মোৰ ৰং তুলিকাত প্ৰাণ পায় উঠা আাস্থা জনি যেন আপুনি ৷

    Like

  4. Part bur aru digholia koribo nuware ne…. Olp porhi monai nobhore…. Parile 3-4 ta man k part akeloge upload dbo na please….. Eman interesting lage kintu hekhei hoi thake…. AAkou 24 ghonta baat sabo lage😞

    Like

  5. Wao bhut dhunia kahini… Podhi thakute ktia Delhi pora guwahati palu gome napalu….. Next part r karne exited hoi asu😊😊😊

    Like

  6. কাহীনিটো পঢ়ি বহুত ভাল পাইছো কিন্তু Astha নিচিনা সহজ সৰল ছোৱালি বিছাৰি পোৱাটো হে সহজ নহয়…. বহুত ধুনিয়া লিখনি তুমাৰ … আহিবলগীয়া ভাগ কেইটাৰ প্ৰতি বহু আগ্ৰহেৰে বাট চাই আছো… ধন্যবাদ

    Like

    1. ঠিক কথা কৈছে আপুনি, গোটেই ভূ-ভাৰস্থ চলাথ কৰিলেও আজিৰ দিনত আস্থাৰ দৰে ছোৱালী বিচাৰি পোৱা নাযাৰ, মবাইল ইন্টাৰনেটৰ যুগত জকাই চুকৰ ৰহিমলাও সাতঘাটৰ চেঙেলী

      Like

  7. Jec r premot moiu pori goisu.. story2 pohi thka hmoiyt mur ankwa lge jn.. sokur agt bhahi ase.. bhut dhuniya story ba.

    Like

  8. 💞💞💖💖💜চকু মুদি সামৰি লৈছো ভালপোৱাৰ মিঠা অনুভৱ
    ৰৈ যা সময় । ৰৈ যা ।
    বৈ যাব দে আবেগৰ পাৰ ভঙা নৈখন ।
    সপোনৰ সীমনাত দেও দি নাচিব দে মোক প্ৰথম প্ৰেমৰ মাতাল ৰাগীত 💜💖💖💖
    বহুত ধুনীয়া লাগিছে বা……..

    Like

  9. Xidina raati Pratidin time-ot Indranir interview dekhi JEC-r proti agrah hol.Pisdina link to khuli 1 to 24 ekke ushahote pohi pelalo.Xundar likhonee, xundar bhab-prakash.Nojonakoye moi nije 70th doxokoloi ghuri goisilo, jot mor nija kisomaan smritiye aajio ringiai.Any way, “Xunaru fulaar botorot Indraniye diya JEC-r Upohaar toe, duporiyar prosondo Rodor uttapot esati rib-rib koi boli thaka moloya botah jen laagise”. Thank you Indrani for your such a good writings.

    Like

  10. ‘আগলৈ’ বুলি শব্দটো দেখিয়ে বেয়া লাগে।একেবাৰে যেন চব পঢ়ি শেষ কৰো তেনেকুৱা লাগিছে।😊😊😊😊😊😊😊😊

    Like

  11. খুবেই ধুনীয়া হৈছে । বৰ মৰমেৰে আগবাঢ়িছে কাহিনী টো ।

    Like

  12. Nice , ভাল লাগিলে পঢ়ি , বা আপুনি যাতে আৰু ভালকৈ কাহিনীটো লিখিব পাৰে তাৰে কামনা কৰিছোঁ।।।

    Like

  13. Kabir Singh film খনৰ “kaise Hua” গানটি শুনি থাকোতে মোৰ সদায় ‘অৰ্ণৱ আস্থা’ ৰ কথা ভাবি থকা যায় । বহুত ভাল লাগে ।

    Like

  14. মুদি সামৰি লৈছো ভালপোৱাৰ মিঠা অনুভৱ
    ৰৈ যা সময় । ৰৈ যা ।
    বৈ যাব দে আবেগৰ পাৰ ভঙা নৈখন ।
    সপোনৰ সীমনাত দেও দি নাচিব দে মোক প্ৰথম প্ৰেমৰ মাতাল ৰাগীত
    বহুত ধুনীয়া লাগিছে বা……..

    Like

  15. Baa story tu porhi enekuwa lagise jn apunar monor majot thoka astha joni apuniye…..bohut val lagise baa….💖💖💕💕💓💓

    Like

  16. ba….Ene lagise ai story mur soku agot bhahi ahise…Ek ek moment….Heart touching…Story….

    Baaa send me link my email id…

    Like

  17. Baa.. kiman dhunia likhise heitu itimodhye pray hokolue gom paise.. hridoy sui jua eta story… Character bilak imagine korie bhal lagise.. tar majote Jen nijoku bisari paisu korbat… Just waiting for the next part.. ako ebar kolu hridoy sui goise apunar likhonie..

    Like

  18. সুক্ষ্ম অণুভূতি সম্পন্ন ব্যক্তিৰ দ্বাৰাই হে এনে কাহিনী আৰু বৰ্ণনা সম্ভৱপৰ।এইখিনিতে শৰৎ কালৰ গাৱৰ বৰ্ণনা এটা হলে ভাল লাগিব।বেয়া নাপাবা।তুমি কব পৰাকৈ মোৰ বয়স হৈছে।

    Like

  19. Hoi tu class r kitap pohiboloi eman exaited nasilu jiman “jec” pohiblle hoi thaku ba moi ai kahini tur lgte tumar thinking, tumar mind set tumar vakha buror premt pori goisu as a brother

    Like

  20. বা কাহিনিতোৰ বাকিবোৰ খতনা কেতিয়া কে দিৱা i am so exciting ,plz ba hnkale post kribo bay the way amazing love story ❤ ❤ ❤ ❤ 💕 😍 👌

    Like

  21. #JEC ক যদি এখন ছবি বনোৱা হয় সঁচাকৈ কৈছোঁ বলীউডত হিলাই দিব বা। বহুত সুন্দৰ হৈছে ৰৈ আছো পিছৰ খণ্ড তোলৈ

    Like

  22. Logote dialogue kisuman aru dle bhal lagibo. Arnab aru Asthar bahireu baki buror mukhot. Olop jodi situations bur maje maje expand kori dia bhal lagibo.

    Like

  23. @Indranee Sharma awesome story
    I read all part and I am love it this story and I want to see Miss @Astha I know that imagniry content but I want to meat @Astha And I am waiting for next part .
    Yours story reader
    Instragram id @bulbul__hussain

    Liked by 1 person

  24. ভাল লাগিল কিছুমান সৰু সৰু অনুভুতি যিবোৰ জীয়া প্ৰেমৰ এক সাক্ষী স্বৰূপ।

    Like

  25. Plzz ba 26 part tu diok joldi moi wait koribo para nai aru …..eman val lagise story tu ..dine rati vabi thaku story tur bikhoi

    Like

  26. আপোনাৰ কাহিনীটোৰ প্ৰতি কিয় ইমানকৈ আগ্ৰহী হৈ পৰিছো নিজেই নাজানো !!?? পৰৱৰ্তী অংশসমূহ সোনকালে দিব বুলি বাটচাই ৰলো ৷৷৷৷

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s