#আবিৰ খণ্ড(৭৮)

মই কোন?
সেইয়া যেন নতুনকৈ জুকিয়াই চাবলৈ ভগৱানে মোক এইখিনি সময় দিছে।
এফালে জীৱন মৰণৰ যুঁজত মোৰ ভগৱান জন।যি মোক জীয়াই ৰাখিলে অতদিনে।যিদিনা মই নিজকে শেষ কৰি দিবলৈ ওলাইছিলো,সেইদিনা কেৱল এইজন মানুহৰ বাবেই মই আকৌ এবাৰ জীয়াই থকাৰ কথা ভাবিছিলোঁ।

কাষত বহি থকা মানুহজনলৈও চালোঁ।ভালকৈ চোৱাই যে নাছিলোঁ কেতিয়াও।পঞ্চাশৰ অধিক বয়সতো নিজকে বার্ধক্যৰ চাপৰ পৰা আঁতৰাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা।ফ্ৰেন্স কাট দাড়িবোৰৰ এডাল দুডালত ৰূপালী ৰং ধৰিছে।চুলিত নিয়মিত ৰং সানি ক’লা কৰি ৰাখে।দুয়োখন হাতত আঙুলিতকৈ বেছি আঙুঠি,বিভিন্ন ৰঙী পাথৰ।প্ৰত্যেকটো কামৰ আগতে তেওঁৰ বিশ্বাসী এজন জ্যোতিষীৰ পৰা লোৱা আঙুঠিবোৰ এটা এটাকৈ পিন্ধোতে এতিয়া পিন্ধিবলৈ আঙুলিয়েই নাইকিয়া হৈছেগৈ।মানুহজন ভিতৰি সাংঘাটিক অকলশৰীয়া, মই জানো।কিন্তু তাৰ বাবে তেওঁ নিজেই যে দায়ী।
মানুহজনক মই ভাল নাপাওঁ, কিন্তু বেয়াও নাপাওঁ।
এনেকুৱা বহু মানুহ আমাৰ জীৱনত থাকে।
আমি ভাল-বেয়া একো পাব নোৱাৰাকৈ পৃথক হৈ থাকে আমাৰ পৰা।যাৰ উপস্থিতি বা অনুপস্থিতিয়ে আমাৰ জীৱনত একো প্ৰভাৱ পেলাব নোৱাৰে।কেতিয়াও নোৱাৰে।

চকীখনত মূৰটো পেলাই টোপনি যাবলৈ চেষ্টা কৰা মানুহজন কেতিয়াবা বাৰু ভাল মানুহ আছিলনে?????কোনোবা খিনিত হয়তো আমি দুয়ো দুয়োৰে লগত অন্যায় কৰিছোঁ।
তেওঁৰ কিবা ক’বলগীয়া আছে নে?
মায়ে মোক কোৱা কাহিনীটোতকৈ দেউতাৰ কাহিনীটো যদি বেলেগ হয়!
হ’বও তো পাৰে!
আকৌ ভাবিছোঁ,দেউতাই ব্যৱসায়ৰ নামত সাধাৰণ মানুহৰ লগত কৰা অন্যায় বোৰ!
ষড়যন্ত্ৰ বোৰ!
স্বাৰ্থপৰতা বোৰ!
সেইবোৰ দেখাত বা বুজাত তো মোৰ ভুল হোৱা নাই।

আজি তিনিদিন সময় আমি এনেকৈয়ে পাৰ কৰিছোঁ।সুধিবলগীয়া জৰুৰী কথা কেইটাৰ বাহিৰে দেউতা আৰু মোৰ মাজত আৰু বেলেগ কথা নহয়।মই দিনটো ইয়াতে চুক এটা বিচাৰি লেপটপ খুলি বহি থাকোঁ।জৰুৰী মিটিং কেইখন গাড়ীৰ ভিতৰত বহি জইন কৰোঁ।মা দিনত এবাৰ আহে।মন কৰোঁ মা আৰু দেউতাৰ মাজত সৌজন্যতামূলক ভাৱেও একো কথা নহয়।ডক্টৰে একেখিনি কথাকে দুয়োকে বেলেগকৈ বুজাই দিয়ে।

ককাৰ হাৰ্টত কেইবাটাও ব্লক।আগতে angioplasty কৰা ঠাইতো ষ্টেণ্টকেইটাৰ দুয়োফালে ব্লক ধৰা পৰিছে।এতিয়া মাত্ৰ এটাই উপায়।অপেন হাৰ্ট ছাৰ্জাৰী।কিন্তু ককাৰ ব্লাড চুগাৰ আৰু হাই ব্লাড প্ৰেচাৰৰ বাবে সেইয়াও সহজ নহ’ব।তাৰোপৰি আশীৰ ঊৰ্ধৰ মানুহ এজনৰ বাবে এইয়া কিমান ফলপ্ৰসূ হ’ব তাক লৈ ডক্টৰো নিশ্চিত হ’ব পৰা নাই।সাধাৰণতে এই বয়সৰ মানুহৰ মৰ্টেল ৰেট বেছি, গতিকে ডক্টৰে সিদ্ধান্ত আমাৰ হাতলৈ এৰিলে।

আৰু তাকেই আলোচনা কৰিবলৈ কেণ্টিনৰ এখন টেবুলত মা,দেউতা আৰু মই একেলগে বহিব লগা হৈছে।

:বাহিৰত ছাৰ্জাৰী হৈ যাব,লৈ যাওঁ ।
দেউতাই বেছি দূৰলৈ ভাৱিব নোৱাৰে,সেইয়া আমি জানো।
:ডক্টৰে নিজেই চিউৰ নহয়,দেউতাৰ শৰীৰে এইটো ছাৰ্জাৰী ল’ব নোৱাৰে।থকা দিনকেইটা ভালকৈ থাকক।দৰৱ খিনি সময়ত দি যত্ন ল’লেই হ’ল।
:জানি বুজি মৰিবলৈ ঠেলি দিম নেকি?তুমিতো ভালেই পাবা দেউতা মৰিলে।
মা দেউতাৰ সচৰাচৰ দেখি অহা তৰ্ক আৰম্ভ হৈ গ’ল।
:দেউতা, প্লিজ।এইখিনি সময়ত অন্ততঃ আমাক শান্তি দিয়ক।ককাৰ গোটেই প্ৰফাইলবোৰ চাই ডক্টৰে যি কৈছে সেইটো আমি মানিবই লাগিব।হিম’ গ্লবিনো বহুত কম।ইমান এটা দুৰ্বল শৰীৰত এইটো ছাৰ্জাৰী সম্ভৱ নহয়।গতিকে ককা যিমান দিন থাকে, ভালকৈ থাকক।কষ্ট নোপোৱাকৈ থাকক।গোটেই জীৱনটো ককাক একোৱেই দিব নোৱাৰিলোঁ আমি।দুখ আৰু হতাশাৰ বাহিৰে একোৱেই নাপালে মানুহজনে।এতিয়া অন্ততঃ অকণমান শান্তি দিয়া।মই ৰিকুৱেষ্ট কৰিছোঁ দেউতা।প্লিজ আৰু অশান্তি নিদিব।সহ্য কৰিব নোৱাৰে ককাই।

মা-দেউতাৰ মুখত অনুশোচনাৰ চিন সুস্পষ্ট।

:সময় এতিয়াও আছে দেউতা,ককাক যে অলপ দিনৰ বাবে হ’লেও আমি ঘূৰাই পাইছোঁ,ভগৱানক তাৰবাবে ধন্যবাদ দিয়ক।আৰু যদি আপোনাৰ ব্যৱসায়ী মনটোৱে ইয়াত একো লাভ দেখা নাই,তেন্তে মই আজি আপোনাক প্ৰমিজ কৰিছোঁ ককাৰ শেষৰ দিনকেইটা শান্তিত থাকিবলৈ দিয়ক, বিনিময়ত আপোনাক মই মোৰ নামত থকা সকলো খিনি দি দিম।একো নালাগে মোক।

উঠি গুচি আহিলোঁ তাৰপৰা ।
যদি অলপো বিবেক আছে,দুয়োয়ে নিজৰ মাজৰ প্ৰব্লেমবোৰ আঁতৰাই বুঢ়া মানুহজনৰ কথা ভাৱক।কথা পাতক বুলিয়েই দুয়োকে একেলগে এৰি আঁতৰি আহিলোঁ।

আৰু ঠিক আধা ঘণ্টাৰ পাছত দুয়ো একেলগে মোক ক’লে

:দেউতাক ঘৰতে ৰাখি যত্ন লোৱা ভাল হ’ব।তই ঠিকেই কৈছ।


সম্পূৰ্ণ এটা সপ্তাহ হস্পিতালত কটাই ককাক লৈ আমি ঘৰলৈ ঘূৰি আহিলোঁ।ভীষণ দুৰ্বল মানুহজন।বিচনাতেই সকলো ব্যৱস্থা।ডায়েপাৰ লগাই থ’ব লগীয়া হৈছে।সকলো সময়তে কেৱল মোকেই ওচৰত বিচাৰি থাকে।আন কাকো নিবিচাৰে।খুৱাই দিয়া,গা-ধুৱাই দিয়া,ডায়েপাৰ সলাই দিয়া সকলোবোৰ মই কৰিব লাগে।কৰিছোঁ,নিজকে ধন্য মানিছোঁ ককাৰ বাবে এইখিনি কৰিবলৈ পায়।মাত্ৰ এইকেইটা দিনতে মোৰ থুপু ও যেন বহুত ডাঙৰ হ’ল।অলপো আমনি নকৰে।ককাৰ ওচৰতে বহি থাকে।
“থুমি দুখু পালা?মই মঅম কই দিঠু”
ককাৰ চুলি আঁচোৰি দিয়ে,মূৰ পিটিকি দিয়ে।কণমানি থোপোকা হাত দুখনেৰে মূৰ মালিচ কৰিও দিয়ে।নিজৰ ভাগৰ কাজু এটা,কিছমিছ এটা দিয়ে।গান গাইয়ো শুনায়।
তৰাই শিকোৱা গান
“দিলেলে দিলেলে”
সুৰ টানোতে চকু মুদি দিয়ে একদম।
সলনি হৈছে কথাবোৰ।
ঘৰৰ নিয়মবোৰ।
দেউতা ঘৰলৈ উভতি আহিছে।কিন্তু মাৰ সৈতে একেটা ৰূমতে থকা নাই।আলহী কোঠাত থাকে।একো নাই, যি যেনেকৈ সুখী,তেনেকৈয়ে থাকক।ককাই কিন্তু দেউতাৰ লগত একেবাৰেই কথা পতা দেখা নাই।মাত্ৰ কিবা এটা সুধিলে এটা শব্দত উত্তৰ হে দিয়ে।
আচলতে সকলোকে সময়ৰ প্ৰয়োজন হৈছে।
চিনেমাৰ দৰে তো আৰু একেদিনাই মানুহৰ পৰিৱৰ্তন হৈ নাযায়, হ’ব নোৱাৰে।

আৰু এই গোটেইবোৰৰ মাজতে মোক মানসিক ভাৱে জুৰুলা কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰিলে অমৃতে।হস্পিতালৰ পৰা ৰাতি ৰাতি কাম কৰিও মই তেওঁক সন্তুষ্ট কৰিব নোৱাৰিলোঁ।অৱশ্যে মই বেলেগৰ নিচিনাকৈ অমৃতৰ মন ভাল লগাবলৈ চেষ্টাও নকৰিলোঁ।এই সময়ত মোৰ priority কেৱল ককা।আন একো নহয়।আৰু মোৰ এই ব্যৱহাৰত ক্ষুণ্ণ হৈ অমৃতে এটা দীঘল মেইল গোটেই টিমৰ মানুহক এড্ৰেচ কৰি লিখিলে।যাৰ ফলত মই ল’ম বুলি ভাবি থকা সিদ্ধান্তটো সময়তকৈ আগতেই ল’ব লগীয়া হৈছে।

বহুত চিন্তাৰ অন্তত,মই সেই বুটামটো টিপিছিলোঁ।

“Separate From Infotech”

ইয়াত ৰিজাইন দিবলৈ মস্ত দীঘল এপ্লিকেচন লিখিব নালাগে।অফিচৰ ইন্টাৰনেল চাইটত গৈ এই বুটাম টিপি দিলেই প্ৰচেছ ষ্টাৰ্ট হৈ যায়।সকলো concerned ব্যক্তিলৈ মেইল যায়।সকলো আচৰিত হ’ল।মোক immediate অফিচলৈ যাবলৈ কোৱা হ’ল।
মোৰ এই সিদ্ধান্তত আটাইতকৈ অসন্তুষ্ট মানুহজন হ’ল অনিৰুদ্ধ।যোৱা তিনিদিন ধৰি আমাৰ মাত-বোল প্ৰায় বন্ধ।মই বুজাবলৈ চেষ্টা কৰিও হাৰি গ’লো।তেওঁৰ মতে মই আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত লৈছোঁ।তেওঁ তেনেকৈ ভৱাটো স্বাভাৱিক।কিন্তু মই জানো যে সম্পূৰ্ণ সুস্থ মগজুৰে মই এই সিদ্ধান্ত লৈছোঁ।বৰ্তমান সময়খিনিত এইয়াই সঠিক সিদ্ধান্ত।মই আৰু থুপুৰ বাবে এইখিনি সময় ককাৰ লগত থকাটো খুবেই প্ৰয়োজন।কাইলৈ দহ বজাত মই অফিচত ৰিপোৰ্ট কৰিবই লাগিব।সেইবাবে থুপুক মাৰ ওচৰতে ৰাখি মই অকলেই ফ্লাইট লৈ বেংগালুৰু যাবলৈ ওলাইছোঁ।
ককাক মাত লগাওঁতে কৈছে

:সোনকালে গুচি আহিবি,তই নাথাকিলে মোক কোনে চাব।

চাব, সৱেই চাব, কিন্তু ককাই মই ওচৰত থকাটো বিচাৰে।থুপুক এৰি থাকিবলৈ ভয় কৰে।সেইবাবে মই চাকৰি ৰিজাইন দিয়া সিদ্ধান্তটোত ককা সুখী।

ফ্লাইটত উঠাৰ আগে আগে আকৌ এবাৰ অনিৰুদ্ধলৈ ফোন কৰিলোঁ।তিনিবাৰ মান ৰিং হৈ হৈ বন্ধ হৈ গ’ল।চাৰি নম্বৰ বাৰত উঠালে

:কি হ’ল?
:আহি আছো।
:কেইটাত পাবাহি?
:সাত পঞ্চলিছত লেণ্ডিং।
:Okay.

বেংগালুৰুত বৰষুণ।পিঠিত বেগটো লৈ কেব এখন লওঁ বুলি আগবাঢ়িলোঁ।অনিৰুদ্ধই ফোন এটাও নাই কৰা।মোৰ মেছজেৰ ৰিপ্লাই ও নাই দিয়া।
OLA Zone টোত গৈ ৰৈ আছোঁ।বৰষুণৰ বাবে কেবৰ অলপ অসুবিধা।
হঠাৎ কোনোবাই পিছফালৰ পৰা মোৰ বাওঁহাতখনত ধৰি টানি নিলে।অন্যমনস্ক হৈ থকা বাবে উফৰি যোৱাদি গ’লো।সন্মুখত এখন কঠোৰ মুখ আৰু এযোৰ খঙাল চকু লৈ অনিৰুদ্ধ।
বগা চাৰ্টটো তিতি গাত লিপিট খাই ধৰিছে।টান মাংশপেশীবোৰ স্পষ্টকৈ দেখা পোৱা গৈছে।ওপৰৰ দুটা বুটাম খোলা।অফিচৰ পৰা অহা নাই যে নিশ্চিত।মোক টানি নিয়া হাতখন এতিয়াও সজোৰে ধৰি ৰাখিছে।
ইমান দিনৰ মূৰত দেখিও অলপো মৰম নাই।অনিৰুদ্ধ এনেকুৱাই।সকলো extreme।মৰম,খং, অভিমান, জেদ সকলোবোৰ।
:দুখ পাইছোঁ।
:ময়ো পাইছোঁ।

হাতখনত ধৰিয়েই লৈ গ’ল মোক।বৰষুণক উপেক্ষা কৰি অনিৰুদ্ধ আগবাঢ়িছে।এটা শব্দও উচ্চাৰণ কৰা নাই।মোৰ ফালে চোৱা নাই এবাৰো।হাতখন কিন্তু এৰি দিয়া নাই।চকু কেইটা অলপ ৰঙা।

গাড়ীৰ সন্মুখৰ দৰ্জা খুলি মোক প্ৰায় বহুৱাই দিয়া দি দিলে।
বৰষুণজাক আৰু বেছি জোৰেৰে আহিছে।
তেওঁ আহি ড্ৰাইভিং ছিটত বহিল।
:ইমান বৰষুণ,ট্ৰেফিক বহুত হ’ব।
:So?You want to talk about the bloody traffic huh?
কঁপি গ’লো।অনিৰুদ্ধই গাৰ জোৰেৰে ষ্টিয়েৰিং ডালত হাতখন মাৰি পঠিয়াইছে।
:আপুনি যে একো কোৱা নাই সেইকাৰণে.
:You should shut up too..
:Yeah.. but..

আৰু কিবা কোৱাৰ আগতেই এযোৰ চেঁচা ওঁঠ মোৰ ওঁঠত সজোৰে গুজি দিয়া হ’ল।অভিমান আৰু আক্ষেপত কঠোৰ হোৱা এযোৰ ওঁঠ।
আন দিনাতকৈ পৃঠক এই চুম্বন,মৰমৰ উমাল পৰশতকৈ যেন অভিমানৰ কোমল আঘাত বেছি!

অনিৰুদ্ধৰ তিতা চুলিত মোৰ হাতখন হেৰাই গ’ল।আৰু মোৰ মৰমৰ সামান্য স্পৰ্শত মমৰ দৰে গলিল তেওঁ।

:Be mine please…Ananya!

বৰষুণৰ পানীৰ মাজতে তেওঁৰ চকুৰ পৰা বৈ আহিল এটোপাল কুহুমীয়া পানী।

মোৰ প্ৰিয়তম পুৰুষ অনিৰুদ্ধ,ইমান আৱেগিক,ইমান আকলুৱা !
:I am sorry Anirudh, I am really sorry.

(আগলৈ)

4 thoughts on “#আবিৰ খণ্ড(৭৮)

  1. বৰ চুটি হ’ল যেন লাগিল আজি বা…….

    As usual val lgil ❤️❤️……. next part tu khunkale Pam bulk akha thakil 😁😊😊……

    Like

  2. I’m desperately waiting for the next post 🥺 seriously it was too seductive 😭 huh 🥵
    This is my first comment that I felt like yesss I should leave it here🥺

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s