#আবিৰ খণ্ড(৭৯)

Viraham Pongeley,
Hrudhayam Oogele,
Adharam Anchuley,
Mádhuram Koreley

(Kadalalle-Dear Comrade)

FM ত তেতিয়া “ডিয়েৰ কমৰেড” চিনেমা খনৰ kadalalle গানটো বাজি আছে।
মোৰ সোঁহাতখন নিজৰ বাওঁ হাতেৰে খামুচি থাকিয়েই গাড়ীৰ গিয়েৰ সলাইছে অনিৰুদ্ধই।তেওঁৰ ম্লান পৰি যোৱা বিমৰ্ষ চেহেৰাটো দেখি মোৰ বুকুখনে কান্দি উঠিছে।
কেৱল ময়েই নে?অকাশ খনেও চোন আজি তেওঁৰ বাবে কান্দিছে।মুষলধাৰে আহিছে বৰষুণজাক।গাড়ীৰ ৱাইপাৰেও বাট দেখুৱাব নোৱাৰি হাৰ মানিছে।বাহিৰখন ভালকৈ নেদেখা হৈ আহিছে।ৰাস্তাত লাহেকৈ পানী জমা হ’বলৈ আৰম্ভ কৰিছে।হে প্ৰভু, ঘৰত সোমাই ল’ব পৰিলেই হ’ল।

অলপদূৰ অহাৰ পাছতেই আয়ুৰ ফোন আহিল।যোৱাৰ দিনা তাক ভালকৈ একো নজনালো বুলি এতিয়াও বেয়া পাই আছে।সদায় ফোন কৰি ককাৰ খবৰ লয়।দিনত দুই তিনিবাৰ ভিডিঅ’ কল কৰে।মই বেংগালুৰু এৰাৰ দুখত দুখী হোৱা আন এজন মানুহ।কিন্তু তাৰ খং বা অভিমান নাই।কাৰণ সি মোৰ ঘৰৰ ভিতৰুৱা সকলো কথাই জানে।সি দেউতাকো ভালকৈ চিনে।
:হেল্ল’।
:কেব পালি নাই?
:অনিৰুদ্ধ আহিলে।ঘৰলৈ গৈ আছোঁ এতিয়া।
:ঠিক আছে।মই ফচি গ’লো অফিচত।ওলাব নোৱাৰিম।কাইলৈ ৰাতিপুৱা আহিম।বিচনাখন আজিয়েই OLX ত দি দিবি।ফ্ৰীজ আৰু টিভি মই ৰাখিম,পইচা তো দি দিম তোক।
আয়ুয়ে কথা উলিয়াই আছে,আৰু আনফালে আমাৰ কথা শুনি অনিৰুদ্ধৰ খং দুগুণে বাঢ়িছে।
চকুত পৰিছে কঠোৰ মুখখনত স্পষ্টকৈ দেখা পোৱা প্রতিডাল শিৰা-উপশিৰা।দাঁত কেইটা যে জোৰেৰে কামুৰি আছে ধৰিব পাৰি।
:আয়ু,মই ৰাখিছোঁ এতিয়া। কাইলৈ কথা পাতিম।

গোটেই ৰাস্তাটো এটাও শব্দ নক’লে অনিৰুদ্ধই।বৰষুণ ফালি তীব্ৰগতিৰে চলিছে ব্লেক SUV খন।
অনিৰুদ্ধক এতিয়া আৰু বুজিবলৈ বাকী নাই মোৰ।থুপুৰ দৰেই মৰম আকলুৱা,অকণমান জেদী,ভীষণ এক্সপ্ৰেচিভ।এতিয়া মই কিবা কোৱা মানেই খংটো আৰু বঢ়াই দিয়া।

ঘৰৰ সন্মুখত গাড়ীখন ৰাখি তেওঁ আনফালে মুখ ঘূৰালে।
:ভিতৰলৈ নাহে?
:No.
মুখখন হাতেৰে ধৰি মোৰ ফালে ঘূৰাই দিলোঁ।
:প্লিজ।
:তুমি যোৱা।
:ঠিক আছে।জোৰ নকৰোঁ।বাই।
বেছিকৈ তিতাৰ আগতেই দৌৰি গৈ বিল্ডিঙৰ ভিতৰ সোমালো।তেওঁ নাহিল।কিন্তু গুচিও যোৱা নাই।ওপৰলৈ উঠি আহিও গাড়ীখন দেখি আছোঁ।
অকলে ঘৰটোলৈ সোমাই যাওঁতে বুকুখন গধুৰ হৈ আহিল।যোৱাৰ আগতে তৰাই ঘৰটো ধুনীয়াকৈ চফা কৰি ভাগে ভাগে বস্তুবোৰ সামৰি সাৰি মচি থৈ গৈছিল।হ’লেও বন্ধ হৈ থকা বাবে অলপ সেমেকা গোন্ধ এটা পালোঁ।বেগটো থৈয়েই দৰ্জা খিড়িকীবোৰ খুলি ঝাড়ু ডাল হাতত ল’লো।লেভেণ্ডাৰ ৰুম ফ্ৰেছনাৰটো একেবাৰে খালি কৰি পেলালোঁ।
সৰহকৈ ধূপ অলপ চাৰিওফালে লগাই দিলোঁ।
দৰ্জাখন বন্ধ কৰোঁ বুলি আহোঁতেই দেখোঁ মুখ খন থুপুৰ নিচিনাকৈ ফুলাই সন্মুখত অনিৰুদ্ধ ৰৈ আছে।
:আহক।
জোতাযোৰ খুলি ভিতৰলৈ আহিল।প্লাষ্টিকৰ চকী খনত বহি পকালৈ চাই আছে।গোটেই মানুহটো তিতি শেষ।ভিতৰৰ পৰা টাৱেল এখন আনি হাতত দিলোঁ।
:আপুনি মচি লওক।মই fresh হৈ আহোঁ।
মই চুলিত শ্বেম্পু কৰি,গা ধুই কাপোৰ কানি সলাই ওলাই আহিলোঁ,তেওঁ কিন্তু একভাগেই বহি আছে।
মই দিয়া টাৱেলখনো কাষৰ চকীখনত থৈ হে দিলে।
খং?
অভিমান?
ওহোঁ,মৰম।
সন্মুখত আহি ৰ’লো।নাই, নাচায় মোৰ ফালে।টাৱেলখন লৈ তেওঁৰ তিতা চুলিখিনি মচিবলৈ লাগিলোঁ।
জেদ মোৰো আছে, মৰম যে তাতোকৈ বেছি আছে।
খং কমিল।
দুহাতেৰে মোৰ কঁকালত মেৰিয়াই মুখ খন মোৰ বুকুত গুজি দিলে তেওঁ।
:Ani..
:Hmmm

উফ!
কেনেকৈ কওঁ,এই এটি মুহূৰ্তৰ বাবেই যে জীয়াই থাকোঁ মই।
এই একেটি উশাহৰ বাবে বুকুৰ শিলবোৰ ভাঙি পেলাব পাৰোঁ মই!
মৰা মানুহক জীয়াই তুলিব পৰাকৈ সমৃদ্ধ মোৰ প্ৰিয় পুৰুষ!
জীৱনত যদি এবাৰলৈ মই নিজকে ভাল পাইছোঁ,সেইয়া কেৱল এই এজন মানুহৰ বাবেই।
অনিৰুদ্ধৰ তিতা চোলাটো লাগি মোৰ কুৰ্তীটো ও তিতি গৈছে।

:ছাৰ্টটো বহুত তিতিলে,চৰ্দি লাগিব।
:লাগক।
নাই অলপ দেৰীলৈ এৰি নিদিয়ে।এনেকৈয়ে ধৰি ৰাখিব।
তিনিজন পুৰুষ, বয়স ভিন্ন,চিন্তা ভিন্ন,কিন্তু কোনোবাখিনিত যেন একেই কোমলতা।মৰমৰ বাবে একভাগেই হাহাকাৰ কৰি উঠে।অকণমান মৰমতে জী উঠে,নাপালেই অভিমানী হৈ উঠে।
থুপু,ককা,অনিৰুদ্ধ।
দুহাতেৰে তেওঁৰ মুখনি তুলি ধৰিলোঁ।
বাৰে বাৰে মোক ভালপাবলৈ শিকোৱা চকুযোৰ,পানীত তিতা দীঘল দীঘল পলক,অবিন্যস্ত চুলি,আনদিনাতকৈ অলপ বেছি দীঘল হোৱা ঘন দাড়ি খিনি,মাত্ৰ সেই ধুনীয়া হাঁহিটো হে নাই।

বুকুত কিবা এটাই হানি গ’ল।
হাঁহিটো মোৰ বাবেই যদি একেবাৰেই নাইকিয়া হৈ যায়।
হাতখন ফুৰাই দিলোঁ তেওঁৰ গালত।চকু কেইটা জপাই দিলে অনিৰুদ্ধই।

:আপোনাৰ চৰ্দি লাগিব।মই গৰম পানী কৰি আনো।চাওঁ।

চাৰ্টৰ বাকীকেইটা বুটাম মই নিজেই খুলি দিলোঁ।হাত দুখন মেলি দিলে।তাৰমানে গা টো ময়েই মচি দিব লাগিব।দিলোঁ।
:এইটো মই ইটো ৰূমত অলপ ফেনৰ তলত দি দিওঁ।
আঁতৰি আহোঁতেই তেওঁ একে লেঠাৰিয়ে কেইবাটাও হাঁচি মৰা শুনিলোঁ।কিমান দেৰি চাগে বৰষুণত ঘূৰি আছিল ঠিকনা নাই।

পাতল কম্বল খন নি গাত দি দিলোঁ।

সৰু চৰিয়া এটাত গৰম পানীত নিমখ অকণমান দি তেওঁৰ ওচৰলৈ আনিলোঁ।
:ভৰি কেইটা ডুবাই দিয়ক।
:I am fine, you don’t have to do all these.
কথাটো শেষ নহ’ল।আৰু কেইটামান হাঁচি একেলগে আহিল।
ভৰি দুটা নিজেই টানি আনি পানীত ডুবাই দিলোঁ।
:এনেকৈ থৈ দিয়ক অলপ দেৰি।মই চাহ আনো।
:নালাগে।
:মোক লাগে,বহুত মূৰ বিষাইছে।

কাপ দুটা ধুই আমূল তাজাৰ নতুন পেকেট এটা কাটি ল’লো।আদা দিয়া চাহ অকণমান খাবলৈ মন গৈছে।চাহখিনি উতলিবলৈ দি ৰৈ আছোঁ।
ভগৰে হেঁচা মাৰি ধৰিছে,মূৰটো লাহে লাহে বিষাবলৈ আৰম্ভ কৰিছে।ভোকো লাগিছে।কিবা এটা অৰ্ডাৰ কৰিলেও এই বৰষুণত কিমান দেৰি লাগিব ঠিক নাই।চাউল কেইটামান সিজাই ঘিঁউ আৰু চেনি দি খাই শুই থাকিম।
অহ!
কথাবোৰ ভাবি থাকোঁতে পাহৰি গৈছোঁ যে মোৰ সৈতে আৰু এজন মানুহ আছে।
তেওঁ বাৰু নিজেই ক’বনে মই আজি তোমাৰ লগত থাকিম বুলি?
নে মই ক’ব লাগিব আপুনি নাযাব বুলি?
অসহজ লাগিছে চোন মোৰ।
মোৰ ভৱনাত যতি পৰিল।
পিছফালৰ পৰা মেৰিয়াই ধৰি মোক কম্বলৰ ভিতৰত সুমুৱাই লৈছে অনিৰুদ্ধই।
তেওঁৰ উদং বুকুত মোৰ চুলিখিনি সিঁচৰিত হৈ পৰিল।
:I was rude, sorry.
:খং কমিলে?
:ওহোঁ।ইমান ভালপোৱা মোক,ইমান কেয়াৰ কৰা,তথাপিও এৰি যোৱাৰ কথা ভাৱিব পাৰা কেনেকৈ?
:মোক ভুল বুজিছে আপুনি।
:বুজাই দিয়া তেন্তে।
কাণত ওঁঠ লগাই কৈ উঠিল তেওঁ।
চাহ খিনি উফন্দি অহা দেখি আঁতৰি আহিলোঁ।তেওঁ গৈ মাটিত পাৰি থোৱা বিচনা খনত বহিল।চাহৰ কাপটো আগবঢ়াই দি ময়ো কাষতে বহিলো।
:এতিয়া থুপু থকা হ’লে ক’লেহেঁতেন তোমাৰ নাকু নাকু হৈছে।
:সি মিছ কৰে আপোনাক,সুধি থাকে মোক।
:তুমিতো একেবাৰেই আঁতৰাই নিব খুজিছা এতিয়া?বেয়া লগা নাই মোলৈ?

অনিৰুদ্ধই আঘাত কৰিবলৈকে কৈছে তেনেকৈ, মই জানো।কিন্তু কিয় জানো শোক এটাই খুন্দা মাৰি ধৰিলে।মোৰ এনেকুৱাই হয়।আনৰ হাজাৰটা কটু কথা মই হাঁহি মুখেৰেই সহিব পাৰোঁ, কিন্তু মই ভাল পোৱা মানুহে অকণমান দুখ দিলেও মই কান্দি পেলাওঁ।আগতে সেই ক্ষমতা কেৱল ককাৰ আছিল,এতিয়া অনিৰুদ্ধৰো আছে।

:আপুনি সঁচাকৈ তেনেকৈ ভাবিছে?মই ককাৰ এইটো অৱস্থাত এৰি আপোনাৰ ওচৰলৈ গুচি আহিব লাগিছিল?
:মইতো তেনেকৈ কোৱা নাই।কিন্তু তুমি সৱ সিদ্ধান্ত ইমান জলদি কিয় লৈ পেলালা।জব ৰিজাইন দিয়াৰ পাছত মোক কৈছা।ঘৰত তো আৰু মানুহ আছে ককাক চাবলৈ।নাৰ্ছ এগৰাকী ৰাখিব পাৰিলেহেঁতেন আমি।তুমি আৰু অলপ দিন ছুটি ল’ব পাৰিলাহেঁতেন।এবাৰ তো ভালকৈ আলোচনা কৰি চাব পাৰিলাহেঁতেন।

:হস্পিতালত থকা দিনকেইটাত মই ষোল্ল ঘণ্টা কাম কৰিছোঁ।তাৰ পাছতো কিন্তু অমৃতে এইটো মেইল পঠিয়াই দিছিল।

মোবাইলটোত তেওঁক মেইল খুলি দেখুৱালো।
:অনিৰুদ্ধই, মই জানো মই একেবাৰে শুদ্ধ সিদ্ধান্ত লোৱা নাই।কিন্তু ইমান মানসিক অশান্তি লৈ মই থাকিব নোৱাৰোঁ।বহুতেই এনেকৈ চাকৰি কৰি আছে,হয়তো এক দুই বছৰৰ পিছত সৱ ঠিক হৈ যাব।কিন্তু এই সময়খিনি মই ককাক দিব খুজিছোঁ,অফিচৰ ইণ্টাৰনেল পলিটিক্সত নহয়।অমৃত মোৰ বাবে কোনো নহয়।নাজানো মোৰ লগত কিয় ইমান প্ৰব্লেম হৈছে তেওঁৰ।কিন্তু এইবোৰত লাগি মই সময় নষ্ট কৰিব নোৱাৰোঁ।আৰু মোৰ নিজৰ ওপৰত ইমানটো বিশ্বাস আছে যে মই অলপ কষ্ট কৰিলে ইয়াতকৈ ভাল জব পাই যাম।তাৰ কাৰণে মই নিজৰ আত্মসন্মান ত্যাগ নকৰিলেও হ’ব।

:মোক কোৱা নাছিলা কিয়?
:অমৃত আপোনাৰ পুৰণি বন্ধু।মোৰ লগত তেওঁ যিয়েই নকৰক, তাৰ বাবে আপোনালোকৰ মাজৰ সম্পৰ্ক বেয়া নকৰিব।মই সেইটো বিচৰা নাই।
চাহৰ কাপকেইটা লৈ উঠি আহিলোঁ।অনিৰুদ্ধ ভাবুক হৈ পৰিল।
:You think about everyone,except ‘us’!
এইবাৰ তেওঁৰ সন্মুখত বহিলো।
:I want to be your partner Anirudh, not a liability.
মোৰ সমস্যাবোৰ আপোনাৰ ওপৰত জাপি দিয়াৰ ইচ্ছা একেবাৰেই নাই মোৰ।মই এতিয়াও নিজকে আপোনাৰ যোগ্য বুলি নাভাবোঁ।আপুনি বহুত ভাল মানুহ।মই আপোনাক ডিজাৰ্ভ কৰোঁ নে নাই তাকো নাজানো।কিন্তু মই সদায় আপুনি সুখত,শান্তিত থকাটো বিচাৰোঁ।মোৰ পৰিয়ালৰ মানুহবোৰ ইমান সহজ নহয়।আপুনি বুজিবলৈ সময় লাগিব।দেউতা যেনেকৈ ঘূৰি আহিছে মোৰ এতিয়াও বিশ্বাস কৰিবলৈ টান হৈছে।সেই মানুহজনে কৰিব নোৱাৰা কাম একো নাই।ককাৰ অসুখৰ সুযোগ লৈ যদি কিবা অঘটন ঘটাই দিয়ে মই অলপো আচৰিত নহওঁ।আপোনাক কেতিয়াও এইবিলাকৰ মাজলৈ টানিব বিচৰা নাই মই।নালাগে আপুনি সোমাব।মই ভালপাওঁ আপোনাক,বহুত বেছি।মই যেনেকৈ থুপুক এইবোৰৰ পৰা আঁতৰাই ৰখাৰ কথা চিন্তা কৰোঁ ঠিক তেনেকৈ আপোনাকো আঁতৰাই ৰাখিব বিচাৰোঁ।

:But I want to help you Ananya!
:I know.
মোক যেতিয়াই সহায়ৰ দৰকাৰ হ’ব,মই আপোনাক নিশ্চয় ক’ম।কিন্তু এতিয়া নহয়।এতিয়া আপুনি মোক কৰিব পৰা সহায় এটাই আছে।
:কি?
:মোক অলপ সময় লাগে।
অনিৰুদ্ধ মনে মনে ৰ’ল।
তেওঁৰ হাত দুখন খামুচি ধৰিলোঁ।
:মই আপোনাৰ পৰা আঁতৰি যোৱাৰ কথা ভাবিবও নোৱাৰোঁ অনিৰুদ্ধ।মাত্ৰ মই সেই ঘৰখন এৰি অহাৰ আগতে মোৰ কৰিবলগীয়া খিনি কৰি আহিব খুজিছোঁ।
:I can wait forever.. but promise me you will come back..
:Anirudh.. can I hug you please?

উত্তৰলৈ বাট নাচাই সজোৰে সাৱটি ধৰিলোঁ মই।
তেওঁৰ গাৰ পৰা খহি পৰিছে কম্বল খন।
তেওঁৰ উদং বুকুত মুখ গুজি মোৰ বহু কথাই কৈ পেলালোঁ।
কিমান সময় যে তেনেকৈয়ে পাৰ হৈ গ’ল।

:Hey, don’t cry like this, please!

অনিৰুদ্ধই চকুপানী মোহাৰি গালত হাত ফুৰাই দিলে।

:I want to show you something Anirudh ,may I ?
:Sure.

মই যি কৰিবলৈ গৈ আছোঁ তাৰ বাবে মোক সাহস লাগে,কিন্তু এই সময়ত যে ইয়াৰ প্ৰয়োজনো আছে।
আনটো ৰূমলৈ আহি কুৰ্তিটো খুলি পেলালোঁ,ৰৈ ৰৈ বৈছে উশাহৰ নৈ।মই যি কৰিবলৈ গৈ আছোঁ,তাৰ পাছত অনিৰুদ্ধৰ অভিব্যক্তি কি হ’ব মই নাজানোঁ।
তেওঁৰ সেমেকা চোলাটো হাতত তুলি লৈ আকৌ এবাৰ শুঙি চালোঁ।ক’লা প্লাজ’টোৰ ওপৰত পিন্ধি লৈছোঁ সেইটো।
খোলা ৰাখিছোঁ ওপৰৰ দুটা বুটাম।
আৰু তাৰ পাছত…
ৱাৰ্ডৰ’বটোৰ লগত সংলগ্ন আইনাখনত নিজকে চাই চাই ৰৈ আছোঁ।
গাৰ সমস্ত তেজ আহি মোৰ গালতেই আহি জমা হৈছে হি।

:কি কৰি আছা তুমি?
উচপ খাই উঠিলোঁ।আৰু মই ঘূৰি দিয়াৰ লগে লগেই তেওঁ বুজি উঠিল মই কি দেখুৱাব খুজিছিলোঁ।

হয়।
বুকুৰ সেই দাগটো,যি মোৰ অতীতৰ অন্ধকাৰবোৰ কঢ়িয়াই ফুৰিছিল, সেই দাগটোৰ ওপৰত মই এটা নাম লিখি পেলাইছিলোঁ।অনিৰুদ্ধৰ বাগদত্তা হৈ যেতিয়া ঘৰৰ পৰা ঘূৰি আহিছিলোঁ, বেংগালুৰুলৈ আহি প্ৰথম কাম এইটোৱেই কৰিছিলোঁ।কাৰণ মই সকলো পাহৰি অনিৰুদ্ধৰ সৈতে এটি নতুন জীৱন আৰম্ভ কৰাৰ সপোন দেখিছিলোঁ।এই দাগটোৰ স্থান সেই নতুন জীৱনত নাই,সেইবাবেই তাৰ ওপৰত খোদিত কৰিছিলোঁ মোক নতুন জীৱন দিয়া মানুহজনৰ নাম।
“Anirudh”
আৰু তেতিয়াৰপৰাই সেই ঠাইকণ মোৰ প্ৰিয় হৈ পৰিছিল,মই চুই চাব পৰা হৈছিলোঁ।আৰু যেতিয়াই চুইছিলোঁ,চকুপানীৰ সলনি হাঁহি এটা বিৰিঙি উঠিছিল।
ভাৱছিলোঁ, আমাৰ জীৱনৰ আটাইতকৈ ধুনীয়া ৰাতিটোত তেওঁ দেখিব নিজৰ নাম,সুখী হ’ব।
কিন্তু এতিয়া যে তেওঁ জনাৰ দৰকাৰ,মই কেতিয়াও তেওঁক পাহৰি যাব বিচৰা নাই,কোনোদিন আঁতৰি যোৱাৰ কথা ভবা নাই।
চিৰদিনৰ বাবে বুকুৰ মাজত সাঁচি ৰাখিব খোজা মানুহজন তেওঁৰ বাহিৰে আন কোনো নহয়,হ’বই নোৱাৰে।
মোৰ প্ৰথম,একমাত্ৰ আৰু শেষ ভালপোৱা অনিৰুদ্ধ!

সন্মুখত শব্দহীন অনিৰুদ্ধ, অপলক নেত্ৰে চাই ৰৈছে নিজৰেই নতুন ঠিকনা।
মোৰ বুকুৰ সোঁমাজত, জিলিকি আছে, “Anirudh”।
:মই যে কথাবোৰ ভালকৈ ক’ব নাজানো,সেইকাৰণে লিখি পেলালোঁ।আপুনি…
:Crazy woman…
:আৰু গালি নুশুনো।
কুছি মুচি সোমাই পৰিলোঁ তেওঁৰ বহল বুকুত।কান্দি কান্দি হাঁহিবৰ সময় এইয়া।
আমাৰ সময়,একান্তই আমাৰ।
বিৰহৰ সুৰ পাহৰি প্ৰেমৰ ৰাগত উতলা মোৰ বুকুৰ চিফুং ।
:Can I touch it?
:উম।
:বহুত বিষাইছিল চাগে ন।
তেওঁৰ আঙুলিৰ কোমল পৰশত কঁপি উঠিলোঁ।
:ওহোঁ।
:কিয় কৰিলা?
:মোৰ মন গৈছিল।
:বহুত দিগদাৰি দিছোঁ ন মই।
:থুপুতকৈ অকণমান বেছি।

গলি গলি শেষ হৈ গ’ল সকলো অভিমান।
মনৰ আকাশত ভালপোৱাৰ ৰামধেনু,দুগালত অবিৰৰ ৰং।
অনিৰুদ্ধই চুমাৰে উপচাই পেলাইছে মোৰ সমগ্র মুখমণ্ডল।কিন্তু আজিৰ এই প্ৰেমৰ প্ৰকাশত নাই কোনো আদিম বাসনা।
এইয়া কেৱল আদৰৰ বিমূৰ্ত প্ৰকাশ।

:Ananya!
:Hmmmm.
:Look at me.
অনিৰুদ্ধৰ দুচকলৈ চালোঁ।
:I think I should leave. Everything must be so overwhelming for you. I am sorry for being so intimidating.I mean look at you!

এৰা,একেলেঠাৰিয়ে হোৱা টোপনি ক্ষতি, খোৱাৰ খেলিমেলি মোৰ শৰীৰত স্পষ্টকৈ দেখা পোৱা গৈছে।চকুৰ তলত ক’লা দাগ।তাতেই আজিৰ দিনটোৰ ভগৰে আৰু দুৰ্বল কৰি তুলিছে।

:You can stay if you wish!
:তুমি কিয় কৈছা মই জানো।মোক ভালপোৱাৰ প্ৰমাণ নালাগে অনন্যা।

এৰা,ভালপোৱাত প্ৰমাণ নালাগে।আজি যদি মই অনিৰুদ্ধৰ ওচৰত নিজকে সমৰ্পন কৰিব খুজিছো,সেইয়া হয়তো একমাত্ৰ তেওঁক হেৰুৱাই পেলোৱাৰ ভয়ত।মনত ইমানবোৰ ধুমুহা লৈ ময়োতো নোৱাৰিম সম্পূৰ্ণৰূপে তেওঁৰ হ’ব।

: I can’t take advantage of your fragile state Ananya,but If I stay here I can’t control my emotions as well. I must leave.

একো উত্তৰ নাছিল মোৰ ওচৰত।অনিৰুদ্ধই সকলোবোৰ কৈ দিয়াৰ আগতেই বুজে।আৰু নিজৰ মনৰ কথাবোৰ কোনো পৰ্দা নথকাকৈ কৈ দিবও পাৰে।

:ভোক লাগিছে?
:উম।বহুত।
:মই লৈ আনিছোঁ কিবা এটা।খাই শুই থাকিবা।
:আৰু আপুনি?
:মোৰ ডিনাৰ বনাই থোৱা আছে ঘৰত।
:অকলে খাব নালাগে, ইয়াত খাব লাগিব।
:ঠিক আছে।চাৰ্টটো দিবা নে মই এনেকৈয়ে যাম।
:Haww! মোৰ বাহিৰে এনেকৈ আৰু কোনেও চাব নোৱাৰিব কৈ দিছোঁ।
:Don’t make this face, I will eat you up someday.

কুৰ্তিটো লৈ বাথৰুমলৈ দৌৰিলোঁ।

অলপ পিছত মই ভাল পোৱা পিজ্জা আৰু choco lava কেক লৈ অনিৰুদ্ধ আহিল।খোৱা শেষ কৰি তেওঁ যাবলৈ ওলাল।
:You have done enough damage to your health.শুই যাবা সোনকালে, মই ৰাতিপুৱা লৈ যামহি।

বৰষুণৰ পিছৰ আকাশখন মোৰ মনটোৰ দৰেই ফৰকাল।
খাবলৈ বহি থুপুলৈ ভিডিঅ’ কল কৰিলোঁ।সি ককাক চামুছেৰে পানী খুৱাই আছে।
:মো বউত কাম আথে, তা তা।
:অকণমান কথা পাতা সোন।
:মোক দে নিনিলা,থুমি বেয়া।
কেঞা আঙুলিটো দেখুৱাই কট্টি কৰি দেখুৱালে।
বাপেক পুতেক দুইটাৰে attitude একেই।

(আগলৈ)

5 thoughts on “#আবিৰ খণ্ড(৭৯)

  1. Eman val lagise pohi baa.. tumar likha bur xodai notun kiba thake ekgheyami nhoi val lage haitu karone.. likhi jba next part loi wait kori asu dei❤

    Like

  2. মৰমবোৰ সদায় এনেকৈয়ে থাকক….❤️❤️❤️❤️
    বহুত ভাল লাগিল বা…..
    ৰৈ আছো পিছৰ খণ্ডটিলে….

    Like

  3. Bohut val lagil phri… Ontor sui juwa likhoni❤️❤️… anedore likhi jaok baa next part loi roi thakim 💞💞

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s