#আবিৰ খণ্ড (৮০)

মোৰ বাবে জীৱনটো এতিয়া আলো-ছায়াৰ ছয়াময়া এখন ছবি।
নিজেই ধৰিব নোৱাৰি, মনিব নোৱাৰি।
শূণ্য বুকুত বৈ থাকে প্ৰেম,মমতাৰ নৈ, কোমল হৈ যাওঁ সময়ৰ লগত।শিল কঠিন মানুহজনীক পাহৰি পেলাওঁ।

কিন্তু সময়ে মোক কৈ থাকে বাৰে বাৰে “সলনি নহ’বি অনন্যা,জীয়াই থাকিবলৈ কষ্ট হ’ব”।

শুবলৈ লোৱাৰ অলপ পাছতে ফোন বাজিল, অনিৰুদ্ধৰ মাকৰ ফোন।যদিও হস্পিতালত থাকোঁতে প্ৰায় প্ৰতিদিনেই তেওঁৰ মাক-দেউতাকে ককাৰ খবৰ লৈ আছিল,আজি তিনি চাৰিদিন ধৰি এবাৰো ফোন কৰা নাই।এই বাৰ বজাত কিয় বা ফোন কৰিছে?

: নমস্তে আণ্টি।
:মাফ কৰ দ’ বেটা ৱ’…

সঁচা কথা এটা লুকুৱাই ৰখা টান।যি ভয় কৰিছিলোঁ সেইয়াই হ’ল।অনিৰুদ্ধৰ আইতাকৰ সন্মুখত ধৰা পৰিল আমাৰ ফাঁকিবোৰ।থুপু যে অনিৰুদ্ধৰ সন্তান নহয় সেইয়া তেখেতে জানিব পাৰিছে।আমাৰ বিষয়ে অনিৰুদ্ধৰ মাক-দেউতাকৰ লগত আলোচনা কৰি থাকোঁতে ভুলবশত কথাটো ওলাই পৰিল।আৰু তাৰ পাছত সকলো খুলি ক’বলগীয়া হ’ল।যাৰ ফলত মোৰ সেইখন ঘৰত প্ৰৱেশ কৰাৰ বাটবোৰ বন্ধ কৰি দিয়া হ’ল।

:কি কৈছে আইতাই?
:তেওঁ জীয়াই থকালৈকে তুমি এইখন ঘৰত সোমাব নোৱাৰিবা।তোমাৰ মুখ চাব নোখোজে তেওঁ।
:হমম।

আকৌ মোক বাৰে বাৰে ক্ষমা খুজিলে মানুহগৰাকীয়ে।
:অনিৰুদ্ধই জানে নে?
:জানে,তাক আজি ৰাতিপুৱাই কৈছোঁ।বৰ খং কৰিছে।মোৰ লগত কথাই নাই পতা।তুমি বুজাবা প্লিজ।
:ঠিক আছে।আৰু মই আপোনাক বেয়া পোৱা নাই।এইটো কথা এদিন নহয় এদিন তেখেতে জানিলেইহেতেঁন।আপুনি মনটো বেয়া নকৰিব।সঁচা কথা ক’বলৈ হ’লে মই ফাঁকি দি সেইখন ঘৰত সুমাবলৈ বিচৰাও নাছিলোঁ।আৰু আইতাৰ খং উঠাটো স্বাভাৱিক।তেখেত নিজৰ জেগাত শুদ্ধ ।মই আপোনালোকক বেয়া পোৱা নাই আণ্টি।

নিজকে যেতিয়া অনিৰুদ্ধৰ আইতাকৰ ঠাইত ৰাখি চালোঁ,মানুহগৰাকীক মই বেয়া পাব নোৱাৰিলোঁ।মোৰ এই সাতাইশ বছৰীয়া জীৱনত যি বিচাৰধাৰা আৰু মানসিকতা মই গঢ়ি তুলিছোঁ, সেইয়া সলনি কৰিবলৈকে চোন মোৰ কষ্ট হয়।তেনেস্থলত তেখেতৰ আশী বছৰীয়া জীৱনৰ অভিজ্ঞতাৰে গঢ় লোৱা বিচাৰধাৰা হঠাতে সলনি কৰেই বা কেনেকৈ?সেইয়া শুদ্ধ নে অশুদ্ধ সেইয়া পিছৰ কথা।
সকলো কথা কেৱল মোৰ আৰু অনিৰুদ্ধৰ দৃষ্টিৰে চোৱাতো জানো উচিত হৈছে!

:মই এতিয়া বুজিছোঁ,অনিয়ে কিয় ইমান ভাল পায় তোমাক।মই আৰু পাপা তোমালোকৰ সৈতে সদায় আছোঁ ।আমি তোমাক নিজৰ হেৰাই যোৱা ছোৱালীজনী বুলিয়েই মানি লৈছোঁ।কিন্তু মাক জোৰ কৰি আমি এইবোৰ কথা মনাব নোৱাৰোঁ।তেখেত অলপ খঙাল।বুজি পাইছা ন?
:বুজিছোঁ আণ্টি।
:মোক মা বুলি মাতিবলৈ বেয়া পোৱা?
অলপপৰ ঠৰ লাগিলোঁ।কথাবোৰ তেনেকৈ ভবাই যে নাছিলোঁ।আৰু মোৰ বাবে গোটেই কথাবোৰ কিমান বেছি নতুন আৰু অনাকাংক্ষিত সেইটো বুজাও কেনেকৈ?
:আণ্টি,মই এতিয়াও নাজানো মোৰ আচল মা কোন।যিগৰাকীক মা বুলি এতিয়া মাতি আছোঁ তেওঁৰ লগত সম্পৰ্কটো ভাল হওঁতেই জীৱনৰ ভালেখিনি সময় গুচি গ’ল।সেইবাবে মোৰ বাবে কথাবোৰ ইমান সহজ নহয়।আপোনাক মই যিদিনাই অন্তৰেৰে মা বুলি গ্ৰহণ কৰিম,নিশ্চয় মা বুলিয়েই মাতিম।কিন্তু কিছুমান বস্তু কেৱল কৰিব লাগে কাৰণেই মই কৰিব নোৱাৰোঁ।

:মই বুজি পাইছোঁ।অনিৰুদ্ধই এনেই নকয়, তুমি আনতকৈ বেলেগ।তুমি যিমানেই নিজকে কঠোৰ বুলি নাভাবা কিয়,তুমি আচলতে খুব কোমল মনৰ ছোৱালী।সদায় এনেকৈয়ে থাকিবা ‘চ’না বেটা’।আৰু সেই দিনটোৰ বাবে ৰৈ থাকিম,যিদিনা তুমি মোক মা বুলি মাতিবা।।অনিৰ লগত কথা পাতি মোক জনাবা দেই

:হ’ব।

ফোনটো লৈ ৰৈ থাকিলোঁ বহু পৰ।এইবাবেই যে সপোন দেখিবলৈ ভয় কৰোঁ মই।দেখা নাছিলোঁ কেতিয়াও।অনিৰুদ্ধৰ ঘৰৰ দুৱাৰ বন্ধ মোৰ বাবে।হ’ব।মানি লৈছোঁ।অনিৰুদ্ধৰ বুকুৰ দুৱাৰ তো খোলা আছে সদায়।আৰু ঘৰ সেইখনেই,য’ত আমি ভালপোৱা মানুহবোৰ থাকে।

তেওঁলৈ ফোন নকৰিলোঁ।মানুহক খং কৰিবলৈ, দুখ কৰিবলৈ, অভিমান কৰিবলৈকো যে অকণমান নিজা সময় লাগে।মই জানো তেওঁ নিজেই মোক এই কথাটো ক’ব।নোকোৱাকৈ থাকিব নোৱাৰে।
শোৱাৰ সময়ত থুপুৰ ফটোখন চাই চুমা এটা খাই শুই যাওঁ, আজি সেইকণ মৰমৰ ভাগ অভিমান কৰি থকা অনিৰুদ্ধৰ ফটোখনকো দিয়া হ’ল।


অফিচত সম্পূৰ্ণ এটা সপ্তাহ লাগিল সকলো ফৰ্মেলিটি শেষ কৰি কামৰ দায়িত্ব সম্পূৰ্ণৰূপে এৰিবৰ বাবে।যিহেতু মই ‘Buy Out’ ৰ সুবিধা লৈছিলোঁ, সেইবাবে সম্পূৰ্ণ তিনিমাহৰ নটিছ পিৰিয়দ ছাৰ্ভ কৰিব লগীয়া নহ’ল।কিন্তু তাৰ বিনিয়মত এটা নিৰ্দিষ্ট পৰিমাণৰ টকা দিব লগীয়া হ’ল।সুৰেশ আৰু অমৃতে প্রথমদিনাই মোক মাতি খুব ভালকৈ কথা পাতি বুজাবলৈ চেষ্টা কৰিছিল যাতে মই মোৰ সিদ্ধান্ত সলাই পেলাওঁ।তেওঁলোকে ভাবি লৈছিল যে মই কেৱল অমৃতৰ সেই মেইলটোৰ বাবেই চাকৰি এৰিছোঁ।শুনি হাঁহি উঠিছিল।কিমান কি সহিছোঁ মই, এইটো তাৰ তুলনাত তেনেই সাধাৰণ কথা।ককাৰ অসুখৰ বাবে হে যে মই এইটো সিদ্ধান্ত লৈছোঁ বুজাই ক’লো।

যদিও আশা কৰা নাছিলোঁ গোটেই টিম একেলগ হৈ মোৰ বাবে কেক এটা কাটি ফেয়াৰৱেল পাতিলে।আনকি ভিডিও কল কৰি সুভাষিণীও যোগ হ’ল।কোলাত অকণমানি কেঁচুৱাটো লৈ মোৰ বিষয়ে দুআষাৰ ক’লে।নাজানো কিয়, কাৰোৰে প্ৰতি মনত কোনো অভিযোগ নৰখাকৈ বিদায় ল’লো।টানিয়া আহিও ধুনীয়াকৈ কথা পাতিলে।আগতে যদি কিবা বেয়া ব্যৱহাৰ কৰিছিল তাৰ বাবে ক্ষমা খুজিলে।ময়ো মনৰ সকলো তিক্ততা আঁতৰাই ৰাখিলো।কাৰণ মোৰ বাবে এই মানুহবোৰ আকৌ অচিনাকি হৈ পৰিব।

কৃতিকা আৰু হিবা মোৰ লগে লগেই থাকিল গোটেই দিনটো।ডেস্কৰ বস্তুবোৰ খালি কৰোঁতে মনটো বেয়া লাগিছিল।হাজাৰ স্মৃতি আছে এই ঠাইখিনিত, অনিৰুদ্ধৰ সৈতে কিমান যে কথা, খুঁত খাত লাগিলোঁ এইখিনি ঠাইত।এটা এটাকৈ সৱবোৰ মনত পৰিল।সকলোৰে পৰা হাঁহিমুখেৰে বিদায় ল’লো।আহিবৰ সময়ত সুৰেশ আহি ক’লে
:Anytime you want to join us, please feel free to contact me, okay?
:Sure Suresh!
:You are a very hard working woman, very rare to find. But you definitely need to work on your personality, you cant be so brutally blunt. Just an advice.

অমৃতে হাঁহি হাঁহি কোৱা কথাষাৰ মিছাও নহয় মই জানো।মই এই কৰ্মক্ষেত্ৰৰ বাবে টেকনিকেলি ফিট হ’লেও প্ৰফেচনেলি এতিয়াও হোৱা নাই।সেই কথা মই মানি লৈছোঁ।কিন্তু এই লৈ আক্ষেপ নাই।সকলোবোৰ অভিজ্ঞতা সামৰি ৰাখিম।হাতত টানিয়াই তুলি দিয়া গিফ্টৰ টোপোলাটো তুলি মিশ্ৰিত অনুভৱ লৈ অফিচৰ শেষৰ দিনটো সামৰি ঘৰলৈ উভতিলোঁ।লগত হিবা।তাই আজি মোৰ লগতেই থাকিব।অলপ পিছত আয়ুকো মাতিছোঁ।অনিৰুদ্ধ নাহে,আজিৰ নিশাটো বন্ধুৰ নামত।মই মাতোঁতে ক’লে
:কাইলৈ আবেলি হে ফ্লাইট, দিনটো মোৰ লগত থাকিবা, লাঞ্চ একেলগে কৰিম।

ঘৰটো সম্পূৰ্ণ খালি, টিভি আৰু ফ্ৰীজ আয়ুৰ ৰূমত,সি আকৌ মোক পইচা দিয়ে সেইকেইটাৰ কাৰণে।গালি খাই মনে মনে থাকিল।পাকঘৰৰ সৰু সুৰা বস্তুবোৰ সহায়কাৰী মহিলা গৰাকীক দি দিলোঁ।ককাৰ ডাঙৰ বিচনাখন বিক্ৰী কৰি দিলোঁ।

মাটিত পাৰি থোৱা মোৰ সৰু মেট্ৰেছ খন আৰু এখন নিৰ্দিষ্ট বিচনা চাদৰ অনিৰুদ্ধই কাকোৱেই দিবলৈ নিদিলে।সেইখন তেওঁৰ।কাৰণ এটি বিশেষ নিশাৰ সাক্ষী সেইয়া।মোক কৈছিল
:আধৰুৱা হৈও ধুনীয়া আছিল সেই নিশাটো।মোৰ বাবে সদায় বিশেষ।
নিদিলোঁ কাকো।কাইলৈ যোৱাৰ আগতে ভালকৈ সামৰি অনিৰুদ্ধৰ হাতত গতাই দিব লাগিব।

গেছটো হিবাই নিব,তাই নিজাকৈ ৰূম এটা লোৱাৰ কথা ভাবিছে।স্বামীয়ে লগ কৰিবলৈ আহিব বিচাৰে।কথাটো কওঁতে গোটেইজনী লগতে ৰঙা চিঙা পৰিছে।মানুহজনে খুব মৰম কৰে তাইক।তাইৰ খুব ভাল বন্ধু হৈ পৰিছে।ভায়েকৰ যত্ন লয়,মাকৰ প্ৰতিটো প্ৰয়োজনৰ সময়ত নিজ পুত্ৰ দৰে কাষত থাকে।

আয়ু আৰু তাই আজি দুয়োটা একেলগে আহিব খোজা নাছিল।মই জোৰ কৰাত মান্তি হ’ল।দুয়োটাকে এসাজ নিজ হাতেৰে ৰান্ধি খুৱালোঁ।খুব কথা পাতিলোঁ।পুৰণা কথাবোৰ পাতোঁতে দুয়োটা লাহে লাহে সহজ হ’ল।আয়ুক দুইজনীয়ে খুব জ্ঞান দিলোঁ।দুয়োটাৰে মাজৰ অসহজ বোধ নাইকিয়া হ’ল।
ককা আৰু থুপুৰ লগত ভিডিঅ’ কল কৰি সৱেই কথা পাতিলোঁ।
:পেটু মামা, থুমি মোলে আও এটা নঙা মানু (ৰঙা মানুহ) দিবা?
আইৰণ মেনৰ পুতলা এটা লাগে তাক, আগতে দিয়াটো নিজেই গা ধুৱাই ধুৱাই অৱস্থা নাইকিয়া কৰিলে।
হিবাক আজি বিয়া পাতিম বুলিয়েই কৈ দিলে।ইমানেই ধুনীয়া দেখে সি।
ককাৰ স্বাস্থ্য আজি যথেষ্ট ভাল দেখিছোঁ।থুপুৰ লগত থাকিলে এনেও মানুহৰ মনবোৰ ভাল হৈ থাকে।আৰু মন ভাল মানেই শৰীৰৰ আধা বেমাৰ ভাল হৈ যায়।ককাই কথাৰ মাজতে মোক ক’লে

:ইহঁতক কিবা ভাল উপহাৰ এটা দিবি।মোৰ ফালৰপৰা।
:হ’ব ককা।
:অনিৰুদ্ধই সদায় ফোন কৰি আছে, আজি মোলৈ কিবা এটা দিছে নহয়।মাৰে ক’ব ৰ।
অনিৰুদ্ধই ককাৰ বাবে এটা সম্পূৰ্ণ health kit পঠিয়াই দিছে আজি।থুপুৰ কাৰণেও learning kit এটা।সেইবোৰ মোক কিন্তু কেতিয়াও নকয়।মৰম লাগে এইবোৰ কথাতে।

মই ৰন্ধা ছাগলী মাংস, হিবাই ৰন্ধা পোলাও আৰু চিকেন ড্ৰাই ফ্ৰাই খাই তিনিওটা মাটিতে পৰি আছোঁ।কথাৰ যে শেষেই নহয়।

মাজ ৰাতি আয়ু গুচি গ’ল।হিবা মোৰ লগত থাকিল।

:হিবু, মুঝে এক হেল্প ছাহিয়ে।

মনৰ মাজত পুহি ৰখা এটা ইচ্ছা তাইৰ আগত ব্যক্ত কৰিলোঁ।
:তুম চিউৰ হ’ অনন্যা।
:হা।

মোৰ ফ্লাইট আচলতে কাইলৈ নাই, পৰহিলৈ আছে।দেওবাৰ সেইদিনা।কেৱল অনিৰুদ্ধক হে কাইলৈ বুলি কোৱা হৈছে।তেওঁৰ বাবেই বিশেষ কিবা এটা ভৱা হৈছে।ঠিক তেওঁৰ বাবেও নহয়,’আমাৰ বাবে’।

যাৰ বাবে মোক হিবাৰ সহায় লাগিবই।

পিছদিনা দুইজনী ওলাই গৈ দৰকাৰী বস্তুবোৰ কিনিলোঁ।অনিৰুদ্ধক মিছা কথা ক’বলগীয়া হৈছে বাৰে বাৰে।ফ্লাইট delay হ’ল,হিবাৰ গা বেয়া কাৰণে তাইৰ ৰূমলৈ আহিছোঁ ইত্যাদি ইত্যাদি।চাৰি মান বজাত তেওঁৰ খং তুংগত উঠিল।
:মই তোমাৰ ঘৰৰ সন্মুখত আছোঁ।ক’ত আছা তুমি?
:মই এয়াৰপোৰ্ট পালোহি, ইমান খেলিমেলি আজি ফ্লাইটৰ।সেইকাৰণে আপোনাক ফোন কৰিবলৈ সময়েই নহ’ল।
আৰু একো কোৱাৰ সুযোগ নিদি ফোন কাটি দিলে তেওঁ।

ঠিক আঠ মান বজাত আমাৰ কামবোৰ শেষ হ’ল।হিবা নিজৰ ৰূমলৈ গুচি গ’ল।অনিৰুদ্ধই মোৰ ফোন নুঠায় এতিয়া মই জানো।
সেইবাবে এটা দীঘলীয়া মেছেজ লিখিবলগীয়া হ’ল।

“সপোন এটা ময়ো দেখিছিলোঁ অনিৰুদ্ধ!
ৰৈ আছোঁ, একেখিনি ঠাইতে….আধৰুৱা স্মৃতি লৈ ঘূৰি যোৱাৰ ইচ্ছা যে মোৰ নাই।এই চহৰখনে মোক জীয়াই তুলিলে, অসম্পূৰ্ণ কৈ একোৱেই এৰি যাব নোখোজোঁ ।
আৰু এটা অনুৰোধ.. মই আপোনাক ঠিক তেনেদৰেই চাব বিচাৰোঁ, যিদিনা প্ৰথম বাৰৰ বাবে দেখিছিলোঁ।
Please come soon”

মেছেজ চিন হোৱাৰ পিছমুহূৰ্ততে ফোন বাজিল।
:What is this?Are you mad?
:ৰৈ আছোঁ।সোনকালে আহিব প্লিজ।বাই।
:নাযাওঁ মই।
:মই গৈ লৈ আহিম।

ফোনটো কাটি দিলে।

বহুসময় অপেক্ষা কৰিলোঁ।হয়তো খং কম নাই।

চাৰে দহ বজাত কলিং বেল বাজিল।
মোৰ অনুৰোধ ৰক্ষা কৰি সেই একেযোৰ চুইট পিন্ধি আহিছে তেওঁ।মাত্ৰ চকুত সোণালী ফ্ৰেমৰ চছমাযোৰৰ ঠাইত ব্লু কালাৰৰ লেন্স।
সাগৰ গভীৰ চকু কেইটা এতিয়া সাগৰৰ দৰেই নীলা।

ঘৰটোলৈ সোমাই আহি ডাঙৰ হৈ গ’ল তেওঁৰ ধুনীয়া চকুহাল।

:You did all this?
:Hiba also helped.I needed some “we” time.

ফেৰী লাইটৰ টিপ টিপ পোহৰ, বিছনাৰ কাষৰ সৰু গ্লাছৰ বাউলটোত থকা ফ্ল’টিং কেণ্ডেল কেইডাল, অ’ত ত’ত সিচৰতি হৈ থকা গোলাপৰ পাহি বোৰ,পকাত লগাই থোৱা ডাঙৰ ডাঙৰ চেণ্টেড কেণ্ডেল কেইডালৰ সুগন্ধি আৰু মোৰ লেপটপত বাজি থকা অনিৰুদ্ধৰ এটা প্রিয় গীত।অৰিজিত সিঙৰ কণ্ঠত বাজি আছে

“আজ জানে কি জিদ না কৰ’ “

:মিছা কথা কোৱাৰ বাবে ছৰী।

:I want to see you properly.

আন দিনাতকৈ সৰুকৈ ওলাইছে অনিৰুদ্ধৰ মাতটো।বেছি পোহৰৰ লাইট টো নিজেই অন কৰি দিলে তেওঁ।
সন্মুখত লাজৰ আৱৰণ আৰু মায়ে দিয়া ৰঙা কাপোৰযোৰেৰে ঢাকি থোৱা মোৰ নতুন ৰূপটো দেখি আকৌ এবাৰ আচৰিত হ’ল তেওঁ।অনিৰুদ্ধই ভালপোৱাৰ দৰেই খোলা চুলি,সামান্য কাজল আৰু ষ্ট্ৰ’বেৰী লিপবামৰ সামান্য আভাস।দুহাতত হিবাই আঁকি দিয়া মেহেন্দিৰ উজ্জ্বল ৰং।অনিৰুদ্ধই ভাল পোৱা সুগন্ধি।
সোণালী ৰঙৰ মিহি পায়েলযোৰ আৰু ককালত সৰু সৰু পাথৰৰ কমৰবান্ধডালৰ বাহিৰে মোৰ শৰীৰত আন একো গহনা নাই।
সিদিনা হিবাৰ বাবে উপহাৰ কিনিবলৈ যাওঁতে তেওঁ বাৰে বাৰে কৈ থকা বাবে কিনি পেলাইছিলো এই দুপদ গহনা।তেওঁৰ কইনা হওঁতে পিন্ধিবলৈ বুলি।

:Ananya!
:Hmm.
:Pinch me please!

তেওঁৰ সন্মুখত আঁঠু কাঢ়ি বহিলো।পিছফালে লুকুৱাই ৰখা গোলাপফুল পাহ তেওঁৰ সন্মুখত দাঙি ধৰি সুধিলো..

:Mr Anirudh, will you please marry me?

হাঁহি হাঁহি কান্দিছে অনিৰুদ্ধই।হাতখন মুঠি মাৰি মুখত লগাই ঘন ঘন উশাহ লৈছে।
একো ক’ব নোৱাৰে এতিয়া, মই জানো।মোৰ সৈতে পকাতে আঁঠু কাঢ়ি তেওঁ ও বহিল।চকুৰ জিলমিল পানীবোৰ মোহাৰি দিলোঁ।

:অনিৰুদ্ধ,কাইলৈ কি হ’ব মই নাজানো, জানিব নিবিচাৰোঁ।এইখন চহৰ এৰি যাবলৈ কষ্ট হৈছে মোৰ।কাৰণ এইখন চহৰে এজনী আন্ধাৰ ভালপোৱা ছোৱালীক পোহৰমুখী কৰি তুলিলে।ভাল পাবলৈ শিকালে।মোক মোৰ জীৱনৰ প্ৰথম ভালপোৱা দিলে..

থুপুৱে মোৰ সাধুবোৰ শুনাৰ দৰেই একান্তমনে শুনি আছে অনিৰুদ্ধই।

:Today is the day, I want to live like your wife Anirudh!
I dont want to care about tomorrow anymore!
বহুত ভাবিলোঁ, বহুত সহিলোঁ।আজিৰ এটা দিন মই থুপুৰ মাক, মাৰ জীয়েক বা ককাৰ নাতি হৈ জিয়াব বিচৰা নাই।
অনন্যা হৈ জিয়াবৰ খুজিছোঁ আজিৰ নিশাটো।

অনিৰুদ্ধই জানে, মই আজিলৈকে কোনো কথাতে সমাজৰ স্বীকৃতি বিচৰা নাই।আমাৰ মিলনকো কোনো স্বাক্ষৰিত কাগজ বা হোমৰ জুইৰ অনুমতিৰ দৰকাৰ নাই।
দুটি আত্মাৰ মিলন কেতিয়াবাই হৈছে, অনন্যা আৰু অনিৰুদ্ধ কেতিয়াবাই এক হৈ গৈছে।আজি মাথোঁ সেইয়া উপলব্ধি কৰাৰ হে আকাংক্ষা।

অনিৰুদ্ধ থিয় হ’ল,লগে লগে মই।বুকুৰ উশাহ ঘন।

:I am sorry if..
:Shhh

দীঘলীয়া সময়ৰ বাবে মোক চুপ কৰি ৰাখিলে এযোৰ ওঁঠে ।সৱল দুবাহুত লৰচৰ কৰিব নোৱাৰাকৈ স্থিৰ কৰি ৰখা হ’ল।অনিৰুদ্ধৰ ব্লেজাৰ, ৱেষ্ট ক’ট,টাই এপদ এপদকৈ আঁতৰাই গৈছে তেওঁ।মমবোৰৰ দৰেই গলিছে প্ৰতিটো উশাহ, প্ৰতিটো স্পৰ্শত প্ৰাণ পাই উঠা অস্ফুট শব্দবোৰ।

দুহাতেৰে তুলি নি শুৱাই দিলে মাটিত সজাই থোৱা বিচনাখনত।

ৰঙা চাদৰ একাষৰীয়া কৰি মোৰ বুকুত স্থায়ী ঠিকনা বিচাৰি লোৱা তেওঁৰ নামৰ আখৰ কেইটাত সমস্ত অধিকাৰেৰে ওঁঠ গুজি দিলে অনিৰুদ্ধই।শিয়ঁৰি উঠিলোঁ।জুনুককৈ বাজি উঠিল ভৰিৰ পায়েল।মোৰ শৰীৰৰ সমানেই কঁপিছে নাভিত জিলিকি থকা কমৰবান্ধ।
হাতেৰে খামুচি ধৰিলোঁ পাতল গুলপীয়া বিচনা চাদৰ খন।
ভ্ৰূক্ষেপ নাই অনিৰুদ্ধৰ।
আজিৰ নিশাটোৰ লগত যেন এক আঘোষিত প্ৰতিযোগিতাত নামিছে তেওঁ।ঘড়ীৰ কাটাৰ লগত এপল দুপলকৈ টুটি অহা ৰাতিটোক চেৰ পেলাবলৈ তেওঁ যেন আজি বদ্ধপৰিকৰ!
নিশা যিমানেই গভীৰ হৈছে,গভীৰতৰ হৈছে প্ৰতিটো স্পৰ্শ।
দীঘলীয়া বিচ্ছেদৰ পূৰ্বে চলিছে প্ৰাপ্তিৰ এক নতুন আখৰা।
নাই কোনো ব্যৱধান, নাই কোনো আধৰুৱা আৱেগ।
আজি যেন সকলো সম্পূৰ্ণ,মই, অনিৰুদ্ধ, আমাৰ অভিমানত আধৰুৱা হৈ ৰোৱা হাজাৰটা ভালপোৱাৰ মিঠা মিঠা মুহূৰ্ত।
মোৰ দেহৰ প্ৰতিটো কোণত প্ৰথমবাৰৰ বাবে ভালপোৱাৰ মিঠা পৰশ।
ড্ৰাগছৰ নিচাত অনুভৱ কৰিব নোৱাৰা সকলো অনুভৱ আজি মই সামৰিব পাৰিছোঁ।
প্ৰথম বাৰৰ বাবে জী উঠিছোঁ পুৰুষৰ স্পৰ্শত।
নিচা মোৰ আজিও লাগিছে, অনিৰুদ্ধৰ নিচা, ভালপোৱাৰ নিচা।

বাৰে বাৰে কাণত ওঁঠ গুঁজি অনিৰুদ্ধই সোঁৱৰাইছে মোক

:I love you Ananya!
:হমম।
:Say you won’t leave me again.. say it!
অনিৰুদ্ধৰ নীলা চকুকেইটা মমৰ পোহৰত আৰু বেছি সুগভীৰ হৈ ধৰা দিছে।কপালত বিৰিঙি আছে ঘামৰ কণিকা।
উফ!
কিয় অনিৰুদ্ধই নুবুজে, কথা কোৱাৰ শক্তি যে হেৰুৱাই পেলাইছোঁ মই।
সকলোবোৰ চোন খেলিমেলি,ৰঙা বুটা বচা কাপোৰযোৰ, মোৰ চুলিখিনি,দুচকুৰ কাজল, ওঁঠৰ বোল…
:I won’t..

অনিৰুদ্ধই সম্পূৰ্ণ কৰি তুলিলে এটি সন্তানৰ মাতৃ হৈয়ো ভালপোৱাৰ স্পৰ্শ নোপোৱা এগৰাকী নাৰীক।

অজানিতে মোৰ চকুৰ পৰা দুটোপাল পানী বৈ আহিছে।দুচকুত চুমা আঁকি চুলিত হাত ফুৰাই দিছে অনিৰুদ্ধই।

:Are you alright?

লাজ এটাই আৱৰি ধৰিলে।
:Hmm.
:Sleep now, it’s almost morning!

তেওঁ বুকুৰ মাজত সুমুৱাই চুলিত আঙুলি বুলাই দিলে।টোপনি আহিল।


সাৰ পাইছোঁ যদিও চকু কেইটা মেলিবৰ মন যোৱা নাই।খেপিয়াই চাওঁ অনিৰুদ্ধ মোৰ কাষত নাই।জোৰ কৰি চকু মেলি দেখোঁ, ককাই পাতি যোৱা থাপনা খনৰ সন্মুখত ধূপ জ্বলাই চকু মুদি বহি আছে তেওঁ।নয়নভৰি চাইছোঁ প্ৰাৰ্থনাৰ দৰেই নিৰ্মল মোৰ প্ৰিয়তম পুৰুষক।যেন কোনো চিত্ৰকৰে অঁকা ছবিহে,যাক সাঁচি ৰাখিব পাৰি বুকুৰ দেৱালত।

:সাৰ পালা?
:উম।
তেওঁ গা ধুই কাপোৰ কানি পিন্ধি ৰেডি।কেৱল সেয়াই নহয়, মোৰ কাপোৰযোৰ, তেওঁৰ ব্লেজাৰটো, টাই ডাল, ৱেষ্টকোট সকলোবোৰ ধুনীয়াকৈ জাপি চকীখনত থৈ দিছে।
বগা চাৰ্ট আৰু নেভি ব্লু ফৰ্মেল পেণ্টটোৰ লগত তিতা খেলিমেলি চুলিখিনিহে একেবাৰেই মিলা নাই।

:আপুনি কেতিয়াবাই উঠিলে?
:এঘণ্টা মানৰ আগত। Had to buy this.
টুথব্ৰাছ কিনিবলৈ যাব লগীয়া হ’ল বেচেৰা।
:ফ্লাইট দুই বজাত ৰাইট?
:হম।
:ৰেডি হোৱা সোনকালে, জৰুৰী কাম এটা আছে।
:আজি???
:Yes!Now go get ready.
মোৰ অসহজ পৰিস্থিতি তেওঁ বুজি পালে। পাতল চাদৰখনেৰে যিমান পাৰোঁ ঢাকি ৰাখিছোঁ নিজক।
:মই গাড়ীখন চাই আহোঁ।
দৰ্জাখন জপাই তেওঁ ওলাই গ’ল।বাথৰুমত সোমাই বহুত সময় আইনাত নিজকেই চাই থাকিলোঁ।
এজনী নতুন ‘অনন্যা’,অনিৰুদ্ধৰ ‘অনন্যা’।
তন্দ্ৰালস দুচকুত উজাগৰী নিশাৰ মিঠা মিঠা আৱেশ, গাল দুখন ৰঙা।
স্বাৱাৰটো খুলি চকু কেইটা জপাই দিলোঁ।

অনিৰুদ্ধৰ কথামতেই বগা চুৰিডাৰ পিন্ধি ৰঙা দুপাত্তা এখন লৈ ওলাই আহিছোঁ।মোৰ ঘৰৰপৰা অলপ আঁতৰত থকা ডাঙৰ শিৱ বাবাৰ মন্দিৰটোত তেওঁ গাড়ী ৰখালে।মোৰ হাতত ধৰি মন্দিৰৰ ভিতৰলৈ লৈ গ’ল।
:জৰুৰী কামটো যে কৈছিলোঁ।
ভগৱানত অগাধ বিশ্বাস তেওঁৰ।এতিয়া যে মোৰো জন্মিছে।
আৰতিৰ থাল খনত হাত ফুৰাই মোৰ মুখত লগাই দিলে।
চন্দন আৰু সেন্দূৰ মিহলি ফোঁট এটা আঁকি দিলে কপালত।
সেৱা কৰা সময়তো মোৰ হাত খন এৰি নিদিলে তেওঁ।

:Now you are officially mine.

ভগৱানৰ সন্মুখত আন এজন ভগৱানে মোক আকৌ জীয়াই তুলিলে।

নিজ পিতৃ মাতৃৰ পৰিচয় নজনা, এসময়ত কেৱল নিচাৰ মাজতেই ডুবি থকা, এটা অবৈধ সন্তানৰ মাতৃৰ শিৰত আঙুলিত ৰৈ থকা অৱশিষ্ট সেন্দূৰ খিনি সানি দিলে অনিৰুদ্ধই।

ইয়াতকৈ বেছি ভালপোৱা মানুহে সহিব পাৰেনে?
কোনেও নেদেখাকৈ পণ্ডিতজীৰ লগত কথা পাতি থকা অনিৰুদ্ধৰ ভৰিত হাত থৈ ময়ো ভগৱানক কিবা এটা বিচাৰিলোঁ।

(আগলৈ)

16 thoughts on “#আবিৰ খণ্ড (৮০)

  1. কি ধুনীয়া…. আস!!!😌😌…..
    ভাষা নাই বা…..

    ❤️❤️❤️❤️❤️❤️

    Like

  2. আপোনাৰ লিখনিত আকৌ এবাৰ প্রেমত পৰিছো বা। ❤❤❤❤❤

    Like

  3. লিখনিবোৰত বিচাৰি পাওঁ হেৰুওৱা প্ৰেমৰ ঠিকনা।।।wait for next part

    Like

  4. Baa aji AABIR dim buli koisil dxun…roi asilu phriboi…apunar problem hoi ase jdi ktha nai diok…apuni time milai dilei hbo..roi thakim phriboloi…

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s