#আবিৰ খণ্ড(৮১)

চহৰখন এৰিবলৈ মোৰ কষ্ট হৈছিল।বহুত বেছি কষ্ট হৈছিল।অনিৰুদ্ধ, আয়ু আৰু হিবাক মই বুকুত বান্ধি লগতে লৈ আহিছিলোঁ।

“মিছ কৰিম বহুত,সোনকালে ঘূৰি আহিবা প্লিজ”
“তুম ৱাপছ জৰুৰ আনা অনন্যা”
“ভালেই হৈছে তই যাৱগৈ, কামোৰ হৈ গৈছিলি অলপ”

তিনিওটাৰে সেমেকা মুখ কেইখন এয়াৰপোৰ্টৰ বাহিৰত এৰি মই গুচি আহিছিলোঁ।গোটেই বাটটো পুৰণি স্মৃতিবোৰ সুঁৱৰি আহোঁতে কেতিয়া অসম পালোহি গমেই নাপালোঁ।যোগেশ দা ৰৈয়ে আছিল।ঘৰ পাওঁতে ন বাজিবৰ হ’ল।
আজি ঘৰৰ বাৰাণ্ডাত কোনো বহি থকা নাই।একেবাৰেই শান্ত পৰিৱেশ।থুপুৰো দেখা দেখি নাই।ভিতৰলৈ সোমাই যাওঁতে ককাৰ
ৰূমত তাক দেখিলো।দৌৰি আহিল মোক দেখি।

:থুমি কেনে কুকাই গৈথিলা।মই কানিছিলো।

কপালত এটা মস্ত টেমুনা।পৰিলে চাগে ক’ৰবাত।

:এয়া কি হ’ল থুপু?

সি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ লাগিল।কেতিয়াও সি এনেকৈ কন্দা নাই।মূৰটো মোৰ কান্ধতে পেলাই দিছে।
মাৰ তেতিয়ালৈ দেখাদেখি নাই।বেগবোৰ তৰাক আনিবলৈ কৈ ককাৰ ওচৰলৈ গ’লো।
:পালিহি গোসাঁনী, যা যা হাত ভৰি ধুই কিবা এটা খাই ল।
:মা নাই নেকি?
:আছে, ৰূমতে আছে নেকি চাগে।জিৰাইছে অকণমান।
ককাই ফাঁকি দিছে মোক।এইটো সময়ত মা কেতিয়াও বিছনাত নপৰে।
:মোক দে ধুম কই দিঠিলে?
:কোনে?
সি নকয়।তাক কোলাত লৈ মাৰ ওচৰ পালোগৈ।অসময়ত মা কেতিয়াও নুশুৱে।দুবাৰ মান মতাৰ পিছত মায়ে উঠি চালে।চকু কেইটা ৰঙা হৈ ফুলি আছে।
:এইবাৰ কি কৰিলে?
:তই আহিছ হে ৰ চোন।
:থুপুক কোনে মাৰিলে?
হাতৰ মুঠি টান হৈ আহিছে মোৰ।যেন সন্মুখত যাকে পাম তাকেই মাৰি দিম মই এতিয়া।
:ককাৰ লগত কালি ৰাতি আকৌ লাগিছে।বেমাৰী মানুহজনকো এৰা নাই ।থুপু তাতে খেলি আছিলে।তই ফোন কৰাৰ অলপ পাছতে।মই পাকঘৰত ইহঁতক ইটো সিটো চাই দিছোঁ।শুনি আছোঁ বাপেৰৰ অসভ্যলি বোৰ।সম্পত্তি লাগে,ঘৰটো লাগে, ককাই যোগেশক কিবা দি থৈছে বোলে সেই লৈও কাজিয়া।থুপুৰ চিঞৰ শুনি দৌৰি গৈছোঁ।সি বেচেৰাই কিনো বুজে,তৰাই আঁতৰাই নিয়া পাছতো দৌৰি দৌৰি ককাৰ ওচৰ পায়গৈ।মানুহটোৱে জানি কৰিলে নে নেজানি কৰিলে গম নাপাওঁ, কিন্তু ইয়াক যিটো শব্দ কৈ গালি পাৰিলে, মই নোৱাৰিলোঁ সহিব।ককাৰ সন্মুখতে এক চৰ লগাই দিলো।মোক পাপে চুলেও চুব।মোক মাৰিবলৈ খেদি আহিছিল।থুপুৱে ভয় খাই কান্দোতে তাকো যিটো ঠেলা মাৰিলে, বেচেৰা চকী খনত মূৰটো দি পৰিল গৈ।

:কি কৈছিল ইয়াক?
:নালাগে শুনিব তই।থুপু তুমি তৰা জেঠাই ওচৰলৈ যোৱা সোন।
:নাই না, নাই না।
থুপুৱে আৰু অলপ জোৰেৰে মোক সাৱটি ধৰিলে।মই জানো দেউতাই কি কৈছিল।সকলো বুজি পাওঁ।’জহৰা’ শব্দটো আগতেও শুনিছোঁ তেওঁৰ মুখত।তেতিয়া মোৰ বাবে ওলাইছিল, এতিয়া থুপুৰ বাবে।
:ফোন কৰা, এতিয়াই মাতা ইয়ালৈ।
:মাজু শুনচোন।
ৰ’বলৈ সময় মোৰ ওচৰত নাই।একেবাৰেই শান্ত ভাৱে ফোন কৰিলোঁ অধীৰ গোস্বামীলৈ।একো যেন হোৱাই নাই তেনেকৈ কথা পাতিলে।ঘৰলৈ মাতিলোঁ।ক’ত আছে সুধিবৰ প্ৰয়োজন বোধ নকৰিলোঁ।আধা ঘন্টা মানৰ পিছত ওলালহি।লগত এজন অচিনাকি মানুহ।থুপুৰ কাৰণে এসোপামান খেলা বস্তু, চকলেট লৈ আহিছে।
:কালি কি হ’ল মই গম পালোঁ।
:সৱ মাৰৰ কাৰণে হৈছে।
:আপোনাৰ গাত এতিয়াও একো দোষ নাই ন?
:মই নিয়মিত দৰৱ খাই থকা মানুহ।মোৰ চিকিৎসা চলি আছে।মেণ্টেল ট্ৰিটমেণ্ট চলি থকা মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইকন জ্ঞান নাই।

দেউতাৰ এই স্বভাৱটো আমি সৱেই জানো।যিমানেই ডাঙৰ পাপ নকৰক, শেষত ভিক্তিম দেউতা নিজেই হয়।আনকি কাৰোবাক যদি দেউতাই মৰিও পেলাই, দোষ মৰা জনৰ গাতে জাপি দিব ধুনীয়াকৈ।এইবাৰ নিজকে মানসিক ৰোগী বুলি ক’লে।তেখেতৰ হেনো split personality disorder আছে।লগত অহাজন ডক্টৰ।হয়ভৰ দিছে দেউতাৰ কথাত।
:দুখ লাগিল জানি।চিকিৎসা কৰাই থাকক, ভাল পাব।এতিয়া আচল কথালৈ আহোঁ, আজিৰ পৰা এইখন ঘৰত হয় মই থাকিম, নহয় আপুনি।
:বেমাৰৰ সময়ত এতিয়া মোক তহঁত সৱেই মিলি অকলশৰীয়া কৰিবলৈ ষড়যন্ত্ৰ কৰিছ।
ককা ওলাই আহিছে ড্ৰয়িং ৰূমলৈ।মানুহজনক কষ্ট নিদিওঁ বুলিয়েই যিমান পাৰোঁ ধৈৰ্য্য ধৰি আছোঁ।কিন্তু লাহে লাহে নোৱাৰা হৈ আহিছোঁ মই।
:ককা,সিদ্ধান্ত তোমাৰ।কিন্তু এখেত ইয়াত থাকিলে, থুপুক লৈ মই যামগৈ।মোৰ কোনো আপত্তি নাই যোৱাত ।আপুনি যি ভাল দেখে কৰক।
হঠাৎ ভীষণ ভাৱে স্বাৰ্থপৰ হ’বলৈ ইচ্ছা হ’ল মোৰ।কেৱল থুপুৰ কথা ভাবিৱৰ মন গ’ল।তাক জহৰা বুলি কোৱা মানুহটোক শেষ কৰি দিবলৈ মন গ’ল।
:মোক এই শেষৰ দিনকেইটা শান্তি লাগে মাত্ৰ।ভাবিছিলোঁ আটাইকেইটা মানুহ একেলগে থাকিব পাৰিলে ভালেই হয়।কিন্তু এতিয়াচোন..
ককাৰ শেষৰফালে মাতটো লাগি ধৰিছে।চকু কেইটাত পানী।
মোৰ কিন্তু অলপো দুখ লগা নাই।কাৰোৰে কাৰণেই চকুপানী বোৱাবলৈ ইচ্ছা যোৱা নাই।
দেউতাই তেতিয়াও চালে বেৰে কোবাই কথা কৈয়ে আছে ।
:মা, তুমি কিবা ক’বা?
:মাজু,মই স্বাৰ্থপৰ মানুহ,বেয়া মানুহ,তেনেকৈয়ে থাকিবলৈ দে।হঠাৎ তোৰ দেউতাৰৰ সকলো ইচ্ছাকৃত ভুল মাফ কৰি মই মহান হ’ব নোখোজোঁ।ইচ্ছা আৰু সময় এটাও নাই।নিৰ্দিষ্ট দূৰত্বত থাকি ভাল পাম।আৰু তেনেকৈয়ে সুখীও হ’ম।
তোৰ আৰু ককাৰ সুখৰ বাবে মানুহটোক এইখন ঘৰত আজীৱন সহ্য কৰিম।কথা দিছোঁ।কিন্তু আঁকোৱালি নলওঁ, কেতিয়াও নলওঁ।দৰকাৰ হ’লে নাৰ্ছ হিচাপে এজন ৰোগীৰ শুশ্ৰূষা কৰিম।পত্নী হ’ব কিন্তু নোৱাৰোঁ।

সিদ্ধান্ত শেষত ময়েই ল’লো।লোৱাটো জৰুৰী আছিল।
:আপোনালোক এতিয়া যাওক, উকিলৰ লগত আহিব পিছৰবাৰ।

কাকো একো কোৱাৰ সুযোগ নিদি ৰূমত সোমালোঁ।নিজকে চম্ভালিব পৰা হৈছোঁ এতিয়া।কিন্তু থুপুৰ লগত কোনোবাই বেয়া কৰাটো মই কেতিয়াই সহ্য কৰিব নোৱাৰোঁ।আজীৱন নোৱাৰিম চাগে।

থুপুক বুকুতে বান্ধি ৰাখিলো।অনিৰুদ্ধক ফোন কৰি সমস্ত কথা খুলি ক’লো।
:He is definitely sick, be careful.
:Hmm.
:সঁচা হ’বও পাৰে।
:হ’ব পাৰে।যদি সঁচাকৈয়ে মানসিকভাৱে অসুস্থ তেন্তে মোৰ সমবেদনা আছে।বাকী খিনি ডক্টৰে কৰিব।মই একো নকৰোঁ সেইটো সঁচা।মই ইমান ‘ভাল’ মানুহ নহয়, হ’বৰ মন নাই।
পইচাৰ হিচাপ, মানুহক মেনিপুলেট কৰা কামবোৰ দেখোন ঠিকেই কৰে, তেতিয়া মেণ্টেল প্ৰব্লেম টো ক’লৈ যায়?
:তোমাৰ বহুত খং উঠি আছে, শুই যোৱা এতিয়া।
:অনিৰুদ্ধ।
:কোৱা।
:মই কিবা এটা ভাবিছোঁ, আপোনাক জনাম।

এসপ্তাহ লাগিল সকলো কাম কৰোঁতে।কিন্তু সিদ্ধান্ত ময়েই ল’লো।ককাৰ লগত আলোচনা কৰি দেউতাৰ লগতে বা আৰু ৰাজু দাদা কো ফোন কৰি মাতিলো।
অকণমানি কেঁচুৱা এৰি বা নাহিল।ৰাজু দা আৰু দেউতা একেলগেই বগা বাংলোৰ ভিতৰত প্ৰৱেশ কৰিলে।
ককাৰ বিশাল সম্পত্তিৰ ভাগ হ’ল।
২৫% শতাংশ দেউতাৰ নামত।
২৫% মাৰ নামত।
২৫% বাৰ নামত।
২৫% যোগেশ দাৰ নামত।
ককাৰ ইচ্ছামতে বগা বাংলো মাৰ নামত থাকিল।
দেউতাৰ অলেখ আপত্তি, নুশুনিলো।
ৰাজু দা সুখী।বায়েও ফোন কৰি ভালকৈ কথা পাতিব পৰা হ’ল।কাৰণ নামচাইত এশ বিঘা মাটিৰ বাগানৰ মালিক হ’ল তাই।পুৰণি সকলো কথা পাহৰাই দিব পৰা সুখ তাইৰ বাবে।

:নিজৰ কাৰণে একো নাৰাখিলি?
মায়ে সুধিলে।ককাই এইটো কথাত বেয়া পায় মোৰ লগত কথা পতা প্ৰায় বন্ধই কৰি দিছে।বুজিছোঁ বেয়া পাইছে মোক।
:ককা,বেয়া পাইছা?
:তই আমাতকৈ বেলেগ।বুজি পাওঁ এতিয়া।বেয়া পোৱা নাই।যোগেশক যে তাৰ ভাগটো দিলি, বৰ সুখ পালোঁ।মাৰৰ ভাগৰ খিনি তহঁত দুইজনীয়ে মিলি ভালকৈ চলাবি।যোগেশ থাকিবই।বাকী যি যেনেকৈ পাব লাগে পাইছে।আপত্তি কৰিবলৈ থল নাই।তই যে একো নল’লি।
:কিবা এটা খুজিম দিবা?
:কি লাগে ক আকৌ।
:মা আৰু যোগেশ দাৰ কাষত সহায় হিচাপে মই সদায় থাকিম, যি কৰিব লাগে কৰিম।কিন্তু মই সদায় ইয়াত থাকিব নোৱাৰিম।সকলো ঠিক কৰি থুপুক লৈ গুচি যাম মই।অনুমতি দিবা নে?

ককা উঠি গ’ল,একো উত্তৰ নিদিলে।আজিৰ দিনটো বহু কিবা কিবি ঘটি গ’ল,হয়তো ককাক সময় লাগিব ইমানবোৰ নিজৰ মাজত সামৰিবলৈ।
দেউতাই ঘৰৰ বহুকেইটা পুৰণা বস্তু মাৰ্ঘেৰিটাৰ ঘৰলৈ লৈ গৈছে।
মানুহজনলৈ খং নুঠা হৈছে আজিকালি।দুখ হে লাগে।বস্তুবাদী মানুহৰ সুখ নাই বুলি এনেই নকয়।অধীৰ গোস্বামী তাৰ জ্বলন্ত উদাহৰণ।ৰাজু দাক লৈ মাৰ্ঘেৰিটাৰ পাৰ্টি কৰিব আজি।
কৰক।ভালে থাকক তেওঁলোক।মাত্ৰ মোৰ পৰা, মাৰ পৰা, ককাৰ পৰা আৰু বিশেষকৈ থুপুৰ পৰা বহুত দূৰৈত থাকক।


তিনিটা মাহ পাৰ হৈ গ’ল।

ককা আৰু যোগেশদাৰ লগত বহু কাম,কথা শিকিছোঁ।কিছু পুৰণি কৰ্মচাৰী দেউতাৰ লগত গুচি যোৱাৰ বাবে ফেক্টৰীত নতুন কৰ্মচাৰী নিয়োগ কৰিব লগীয়া হৈছে।পাত কঢ়িওৱা ট্ৰাক কেইখনৰ প্ৰতিখনৰ ড্ৰাইভাৰ আৰু লগত যোৱা ল’ৰাকেইজনক এতিয়া নামেৰে সৈতে চিনি পোৱা হৈছোঁ।ওচৰৰ সৰু সৰু বাগানবোৰৰ যিসকলে আমাৰ ফেক্টৰীত চাহপাত দিয়েহি তেওঁলোকৰ সৈতেও চিনাকি হৈছোঁ।মায়ে আগৰপৰাই চিনি পায়।মন কৰিছোঁ দেউতাতকৈ বহুত বেছি ভালকৈ মায়ে সকলো মেনেজ কৰিব পাৰে।বহু কথা জানে।হয়তো সেইবাবেই দেউতাৰ ইমান মেইল ইগো হাৰ্ট হয় মাৰ সন্মুখত।

ককা লাহে লাহে সুস্থ হৈছে।তিনিমাহৰ প্রতিটো দিন মই ককাৰ লগতেই পাৰ কৰিছোঁ।খুব কথা পাতিছোঁ।থুপু,মই, মা আৰু ককা একেলগে বহি লুডু খেলিছো,পুৰণা হিন্দী চিনেমা চাই হাঁহিছোঁ।ফুৰিবলৈ গৈছোঁ।
দেউতাৰ বাবেই ককাৰ পৰাও আঁতৰ হোৱা আত্মীয় মানুহৰ ঘৰলৈ ককাক লৈ গৈছোঁ।মানুহবোৰ কোনো বেয়া নহয়,মাত্ৰ দেউতাই হে ভাল নাপালে কাকোৱেই।

মোৰো দিনবোৰ সলনি হ’ল।মদ, চিগাৰেট বাদ দিলোঁ।নিয়মিত যোগ কৰোঁ।কাৰণ মোৰ ব্লাড প্ৰেচাৰ বাঢ়ি বহুত বেছি হৈছিল।যাৰ বাবে নাকৰ পৰা তেজ ওলোৱা ঘনাই হ’বলৈ ধৰিছিল।ডক্টৰে সকলো ধৰণৰ নিচা এৰিবলৈ কৈছিল।নিৰ্দিষ্ট এক ডায়েট মানি চলিছোঁ।যিমান পাৰোঁ।নিজৰ যত্ন লওঁ।আৰু মায়ে মাহৰ মূৰত পাৰ্লাৰলৈ টানি আজুৰি নি ছাল চুলি বোৰ ঠিক কৰি দিয়ে।সেইদিনা ঘৰত বেলেগ এখন যুদ্ধ চলে।

থুপুৰ ৰুটিন বেলেগ।ককাৰ লগতেই দিনটো থাকে।আনকি চেৰেলেক দুবাটি বনাই দিব লাগে, দুয়ো একেলগে খায়।কোন বেছি কেঁচুৱা বুজাই টান হৈছে।

শেৱালিৰ সুবাস লৈ আহিনো আহিল।আহিনৰ দিনবোৰ এনেও প্রিয় ককাৰ।আইতাক ঘূৰাই পোৱা যেন লাগে হেনো।
আজিও ৰাতিপুৱাই উঠি সৰু বাঁহৰ খৰাহী এটাত শেৱালি ফুল বুটলি আনিছে।লগত আমাৰ থুপু।
:ই কেতিয়া পাবহি?
:উফ পাবহি ৰ’ব।ফ্লাইট হ’লেও সময় লাগে নহয়।
অনিৰুদ্ধক নিজেই মাতিছে ককাই।কেইদিনমানৰ পৰা বেংগালুৰৰ মোৰ ঘৰটোৰ ওচৰৰ এখন বিশেষ মিঠাইৰ দোকানৰ পৰা কাজু মাইচুৰ পাক খাবলৈ মন গৈছে।লৈ আনিবলৈ কৈছে।

যদিও বাহিৰত দেখুৱাই দিয়া নাই, ককা আৰু থুপুৰ দৰেই মোৰ মনটো ও যে উগুল থুগুল।বাৰে বাৰে ঘড়ী চাইছোঁ।এক বাজিবলৈ এতিয়াও দহ মিনিট।ফোনটো হাততে ৰাখিছোঁ।
এয়াৰপোৰ্টৰ সন্মুখত ৰৈ ৰৈ ভাবি আছোঁ।তেওঁ বাৰু একেই আছে নে সলনি হ’ল।

হোৱাইট টি চাৰ্টৰ ওপৰত এটা পাতল ডেনিম চাৰ্ট, বুটামকেইটা খোলা, ব্লেক জিনছ পিন্ধি ওলাই আহিছে অনিৰুদ্ধ।একেই আছে।অলপো সলনি হোৱা নাই।মাত্ৰ চুলি খিনি অকণমান আগতকৈ দীঘল হ’ল।
পিঠিত এটা সৰু বেগ।
দেখাৰ লগে লগে দৌৰি আহিল।

:Missed you like hell.
মানুহৰ মাজতে গাৰ জোৰেৰে সাৱটি ধৰিলে মোক।সৱেই চাইছে।নাই তেওঁৰ ভ্ৰূক্ষেপ নাই।
:ময়ো বহুত মিছ কৰিলোঁ।
:You became more beautiful,more like my wife.

কথাবোৰো অলপো সলনি হোৱা নাই।মোৰ হে কিয় জানো তেওঁলৈ অলপ লাজ লগাৰ দৰে লাগিল।
:তুমি চলাবা?
:কিয়?নাজানো বুলি ভাবিছে?ক্লাছ এইটতে শিকিছিলোঁ যোগেশ দাৰ পৰা।এতিয়া বেছি ভালকৈ পৰা হ’লো।
গোটেই ৰাস্তাটো অনিৰুদ্ধৰ কথা শেষ নহ’ল।

ককা আৰু থুপু বাৰাণ্ডাতে ৰৈয়ে আছিল।সদায় ভিডিঅ’ কলত দেখা ‘অনিমুন’ক সন্মুখত দেখি থুপু দৌৰি আহি কোঁচত উঠিল।ককাই আথে বেথে নি বহুৱালে।মই কেনেকৈ সৱ কাম চম্ভালি আছোঁ বুজালে।মোৰ গুণ গাবলৈ পালে ককাক একোৱেই নালাগে।মায়ে খোৱাৰ যোগাৰ কৰাত লাগিল।

:তুমি fresh হৈ লোৱা যোৱা।মাজু, তেওঁক টাৱেল এখন দি দে।
:মো ধুনু খন দিবা দেই।
থুপুৰ chota bheem অঁকা টাৱেল খন সি এনেই কাকো নিদিয়ে, কিন্তু অনিৰুদ্ধক দিব।

:তুমি বহুত সলনি হ’লা।
:মায়ে জোৰ কৰি হ’লেও পাৰ্লাৰলৈ লৈ যায় যে।
:No I am seriouse.You are happy from inside now.You are glowing.

উত্তৰ নিদিলোঁ।তেওঁৰ ওচৰ চাপি দীঘলকৈ এটা উশাহ টানি লৈছোঁ।
উফ।
কিমান যে মিছ কৰিছিলোঁ ‘অনিৰুদ্ধ অনিৰুদ্ধ’ লগা মোৰ এই চিনাকি সুবাস।
:তিনিমাহ, দহদিন,১৪ ঘণ্টা আৰু চল্লিছ মিনিট পিছত দেখিছোঁ তোমাক।
:হিচাপ কৰি আছিল আপুনি?
:আৰু বহুত হিচাপ বাকী আছে।
আঁতৰি আহিব খোজতেই তেওঁ টানি নিলে, দৰ্জা খোলা।তলত সৱ বহি আছে।
যিমানেই এৰাই আহিব খুজিলোঁ, তেওঁ আৰু জোৰেৰে সাৱটি ধৰিলে।

:থুমি মাক কিয় ধই লৈথা?মা দুপ পাব।
মাজত সুমাই দুয়োটাকে বেলেগ কৰিহে শান্তি তাৰ।
:বাপ কা দুচমন!

ভোৰভোৰাই অনিৰুদ্ধ বাথৰুমত সোমাল।থুপুক কোলাত লৈ তললৈ নামি আহিলোঁ।

(আগলৈ)

11 thoughts on “#আবিৰ খণ্ড(৮১)

  1. Anirudh or dore hongi pale heta pora jibon tu rongeen hoi poribo ❤️ jiyai thokar ek notun akha lovibo Pari🌈🌼

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s