#আবিৰ খণ্ড (৮২)

সন্ধিয়াৰ আকাশত পূৰ্ণচন্দ্ৰৰ ৰূপোৱালী জোনাক।
বতাহত শৰতৰ কোমল সুবাস।
জানকী কাননৰ চাৰিও কোণত ধূপ ধুনাৰ সুগন্ধি।
ককাৰ নিৰ্দেশমতে আজি ভগৱানক সন্ধিয়াৰ পূজাত ভোগ দিয়া হৈছে।মায়ে গা ধুই ভগৱানৰ বাবে পায়স বনাইছে।আগলি কলপাতত সজাই শৰাই আগবঢ়াইছে।কোনো বিশেষ দিন নহয় আজি।কিন্তু ককাৰ ইচ্ছা।আজি মাধৱক ভোগ দি পূজা কৰিব।আমাকো সন্ধিয়াৰ পূজাত বহিবলৈ কৈছে।
:এওঁক ধুতি এখন দে।
হাতত সেইখন লৈ মোৰ ফালে চালে অনিৰুদ্ধই।
পিন্ধিব নাজানে।দৰ্জা বন্ধ কৰি এঘণ্টা মান যুঁজি যুঁজিও নোৱাৰিলে।ইউটিবৰ ভিডিঅ’ কিমান চালে ঠিক নাই।শেষত বাহাদুৰে পিন্ধাই দিবলগীয়া হ’ল।ধুতি পিন্ধি বগা গেঞ্জিটোৰ ওপৰত কান্ধত গামোচা লৈ একেবাৰে অসমীয়া হৈ পৰিল অনিৰুদ্ধ।
আৰু অনিৰুদ্ধৰ কাৰ্বন কপি হৈ আমাৰ থুপু।ঠাণ্ডা লাগিব বুলি ক’লেও নুশুনে।অনিমুনৰ নিচিনা একেই হ’ব লাগিব।
:বডী আছে থুমা ,মো নাই।
আজিকালি খুব চিনি পায় কাৰ বডী আছে, কাৰ নাই।
:তুমি যে ভাত নোখোৱা সেইকাৰণে নাই।অনিমুনই সদায় ভাত খায়।গ্ৰীণ চবজি খায়, গাখীৰ খায়।
:ময়ো থাম।থুমি হে নিদিয়া।
মিছলীয়া টো!

বগাত গুলপীয়া আৰু সেউজীয়া সৰু সৰু এমব্ৰইদাৰী কৰা মাৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ।পূজাত আজি এনেকৈ বহিবলৈ কৈছে।কাপোৰ সাজ পিন্ধি ওলাই আহি দেখোঁ ৰূমৰ সন্মুখতে দুইটা ৰৈয়ে আছিল।

:Oi, wifey.
Wifey!
অনিৰুদ্ধই হঠাৎ তেনেকৈ মাতি দিয়াত উচপ খাই উঠিলোঁ।
:Come here.
:ককাই মাতি আছে।
:One pic please.
অনিৰুদ্ধৰ কোঁচত থুপু,কাষত মই।আমাৰ ফাৰ্ষ্ট ফেমিলি ফটো।কেৱল হাঁহি উপচি থকা এখিনি সময়ক বন্দী কৰা হ’ল কেমেৰাত।
:থুপু,ককাই মাতি আছে সোন।
মাৰ মাত শুনি সি অনিৰুদ্ধৰ কোলাৰ পৰা নামি দৌৰ মাৰিলে।
:একদম ‘অসমীয়া’ লাগিছে আপোনাক।
:ৰিয়েলি?
:উম।
:তুমি কেতিয়া মোৰ কাৰণে এনেকৈ পিন্ধিবা?
:আৰে, মই আকৌ কেলেই ধুতি পিন্ধিম।
মই জানো তেওঁ কিহৰ কথা কৈছে, এনেই সুধিলোঁ।
:The bridal lehenga, red one.. uff I am already having a heart attack.
:সেইকাৰণে নাই পিন্ধা।
আঁতৰি আহিলোঁ।
“You just wait and watch”
মায়ে যে শুনিব, তাৰ খবৰ নাই।ওপৰৰ পৰা ইমান জোৰেৰে চিঞৰি দিছে।চকু কেইটা টেলেকা কৰি দেখুৱালো, চকুটো টিপিয়াই হাঁহি দেখুৱালে।

“নাৰায়ণং নমস্কৃত্যং নৰঞ্চৈৱ নৰোত্তম
দেৱীং সৰস্বতীঞ্চৈৱ ততো জয় মোদীৰয়েৎ
মুকং কৰোতি বাচালং ,পংগু লংঘয়তে গিৰিম
যত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম”

ককাই পূজা আৰম্ভ কৰিলে।
মা, মই, অনিৰুদ্ধ, থুপু,তৰা,বাহাদুৰ সকলোকে পূজাত বহিবলৈ কোৱা হৈছে আজি।
থুপুৱে গোটেই পূজাৰ সময়খিনি অনিৰুদ্ধৰ কোঁচত বহি টিলিঙাটোকে বজাই থাকিল।মই মেখেলা চাদৰ পিন্ধা দেখি সুধিছে আজিও সেইদিনাৰ নিচিনাকে নমো কৰিব নেকি, ইজনী আইতা নাই দেখোন।
:দুয়োটা এইফালে আহা।মোৰ ওচৰলৈ।
শালেগ্ৰামৰ ওচৰৰ পৰা নিৰ্মালি আনি ককাই আমাৰ হাতত দিলে।প্ৰাণ ভৰি আশীৰ্বাদ দিলে।কিন্তু শেষৰফালে হে কিয় ইমান কান্দিলে নাজানো।

:আশা, এইফালে আহা চোন।
:কওক দেউতা।
মাৰ হাত দুখন ধৰি ককাই কৈ উঠিল
:বহুত অন্যায় কৰিলোঁ তোমাৰ লগত।দেখিও নেদেখাৰ ভাও জুৰিলোঁ সময়ত।কিছুমান কথা তুমি আমাক নক’লাও।কিন্তু শেৱালি আৰু মই তোমাক সদায় নিজৰ ছোৱালী বুলিয়েই ভাবি আহিছিলোঁ।বেয়া পাই নাথাকিবা।
:এইবোৰ কথা কিয় কৈছে দেউতা।কি হৈছে আপোনাৰ?
:মাধৱে জানে, মোৰ মনত পাপ নাই ।কোনোদিন নাছিল।
:মই জানো দেউতা।আজি এইবোৰ থাকক চোন।ইহঁত দুটাক আশীৰ্বাদ দিছে, হ’ব।মোকো সেইয়াই লাগে।

ককাক আনি বিছনাত বহুৱালো।মানুহজন খুব বেছি আৱেগিক হৈ পৰিছে আজি।আজি প্ৰথম বাৰ ৰাতিৰ সাজত কি খাব মাক মাতি ফৰ্মাইছ কৰিছে।অমিতা দিয়া ৰহৰ ডালি,পটল আৰু পনীৰৰ অলপ জুলীয়া ভাজি এখন,মছুৰ মাহৰ বৰ দি জাতিলাওৰ জোল অকনমান লগত পুদিনাৰ চাটনী ।পাপৰ এখনো তেলত ভাজি খায় বোলে।ইমান দিনে একেবাৰেই তেল কমকৈ দিয়া পাতলীয়া খোৱাবোৰ হেনো আজি নাখায়।প্ৰসাদত দিয়া পায়স খুজি খুজি খাইছে।মানা কৰিলেও নাই শুনা।পূজাৰ শেষত মোক চাহ বনাবলৈ ক’লে।লগত মালপোৱা খাব।মায়ে লৰালৰিকৈ চুজি আৰু ময়দা মিহলাই বনাই দিছে।
চাহ খোৱাৰ পিছত আমাক সৱকে ককাৰ ৰূমতে বহিবলৈ ক’লে।

তৰাই থুপুক বাহিৰলৈ লৈ গ’ল।মই ককাৰ ওচৰতে বিছনাত বহিলো।মা আৰু অনিৰুদ্ধ দুখন চকীত।

:কথাবোৰ লৈ নাযাওঁ, কৈ থৈ যাওঁ।তুমিও জানিব লাগে অনিৰুদ্ধ।জনা দৰকাৰ।বাইশ বছৰ বয়সত বিয়া পাতিছিলোঁ।শেৱালিৰ বয়স তেতিয়া ঊনৈশ কি বিশ।মোৰ দেউতা আছিল হাতী পুহিব পৰা মানুহ।এম্বেচেদৰ গাড়ী দুখন।ব্ৰিটিছ চাহাবৰ সৈতে উঠা বহা আছিল দেউতাৰ।পাঁচজনী ছোৱালীৰ পিছত মই একমাত্ৰ ল’ৰা।বাইদেউ গোটেইকেইজনী মোতকৈ বয়সত বহুত ডাঙৰ।এতিয়া এজনীও নাই বাৰু।
মোৰ বিয়াৰ আঠ বছৰ পাৰ হৈ গ’ল,কিন্তু সন্তানৰ মুখ নেদেখিলো।শেষত বহুত পূজা-অৰ্চনা ডাক্তৰ কবিৰাজৰ ওচৰলৈ গৈ শেৱালি মাক হ’ল।অধীৰ আহিল আমাৰ মাজলৈ।ঘৰত ডাঙৰ উছৱ পাতিছিল সেইদিনা মোৰ দেউতাই।তিনিখন গাঁৱৰ মানুহে ভোজ ভাত খাইছিল।লাহে লাহে আমাৰ ব্যৱসায় বহল হ’ল।মই প্ৰায়ে ঘৰৰ বাহিৰত থাকোঁ।বিদেশলৈ গৈ চাহৰ বিভিন্ন প্ৰকাৰ, তাৰ প্ৰস্তুত প্ৰণালী শিকিলো।ককাক আইতাক অসংখ্য লগুৱাৰ মাজত অধীৰ ডাঙৰ হ’ল।সৰুতেই হাতত ৰাইফল ল’বলৈ পালে।মই সেইবোৰ গমেই নাপালোঁ।মাকেও লুকুৱাই ৰাখিলে।তেওঁৰ দোষ নাই।কাকো টান কথা এষাৰ ক’ব নোৱাৰা মানুহ আছিল শেৱালি।চৰাই পোৱালীক দুপৰীয়া পানী খুৱাই খুৱাই ডাঙৰ কৰা মানুহ।সবলৈকে মৰম বেছি।একমাত্ৰ পুতেকলৈ নাথাকিব নে।অধীৰ ডেকা হৈ ব্যৱসায়ত নামিল।ময়ো সাহস পালোঁ।কিন্তু সি কেতিয়া মোৰ পৰা লুকুৱাই অসৎ কাম কিছুমান কৰিবলৈ লাগিলে মই বুজিয়েই নাপালোঁ।তাৰ বন্ধুবোৰো মোৰ ভাল লগা নাছিল।লাহেকৈ ৰাজনীতিৰ মেৰপেছতো সোমাই পৰিল।
তাৰ মাজতে এদিন আহি আমাক ক’লে,আশাপূৰ্ণক বিয়া পাতিব।আমি আনন্দত উথলি উঠিলোঁ।ছোৱালীজনীৰ শেঁতা মুখ খন এবাৰো মন নকৰিলোঁ।লৰালৰিকৈ বিয়াখন পাতি দিলোঁ।কিজানি সি সলনি হয়েই।তাতেই ভুল হ’ল আমাৰ।
কেতিয়াবা বৰ কষ্ট পাওঁ, দোষী দোষী ভাৱ এটাই হেঁচা মাৰি ধৰে।

:মই সেইবোৰ ধৰি থকা নাই দেউতা।আপুনি আৰু মায়ে মোক একো কষ্ট দিয়া নাই।সেইকাৰণে চাগে ইমান দিন থাকিব পৰিলোঁ।

অনিৰুদ্ধ অলপ অসহজ হৈছে।
:ককা,এইবোৰ থাকক আজি।

:তোৰ কথাও কৈ থৈ যাওঁ।অনিৰুদ্ধ, আমাৰ এইৰ খংটো অলপ বেছি, এতিয়া বাৰু কমিছে।হ’লেও তুমি অলপ মৰম বেছিকৈ কৰিবা।বেচেৰীয়ে জীৱনৰ এচোৱা সময় বৰ কষ্টত পাৰ কৰিলে।
:কিহে পাইছে তোমাক আজি?
:তই আমাৰ ঘৰলৈ অহাৰ দিনা ৰাতি সপোনত মই মোৰ মাক দেখিছিলোঁ।মোক আহি কৈছিলে, মই আহিছোঁ ইমানদিনৰ মূৰত, তই মাত এষাৰো নাই দিয়া ভালকৈ।ঘৰখন চাব লাগিব ।বৰ খেলিমেলি খন হৈছে।শেষ ৰাতিলৈ মোৰ কঁপি কঁপি জ্বৰ উঠিছিল।কথাবোৰ কেতিয়াও কাকোৱেই নাই কোৱা।শেৱালিকো নক’লো।কিজানি হাঁহি উৰুৱাই দিয়ে।তই ঘৰখন ভঙাৰ পৰা তুলি ধৰিলি।মই জানো, তোৰ মাজতে মোৰ বৌ আছে।

ককাই মাক বৌ বুলি মাতিছিল।ককাই মোৰ মূৰত হাত ফুৰাই দিলে।
ককাৰ কথাবোৰ ইমান বেলেগ বেলেগ লাগিছে আজি।

:গোসাঁনী,আজি কিবা এটা বজাই শুনা চোন।
:কোনটো শুনিবা?
:নতুনকৈ যে শিকি আছ,সেইটোকে বজা।
ককাৰ কথামতে বাঁহীটো হাতত তুলি ল’লো।সুৰটো মোৰেই নহয়, অনিৰুদ্ধৰো প্রিয়

“তুম প্ৰেম হ’,তুম প্ৰীত হ’ মন মীত হ’ ৰাধে, মেৰে মন মীত হ'”

শেষ হ’বলৈ নাপালে,দৌৰি আহি মোৰ পৰা বাঁহী থপিয়াই নি আমাৰ থুপু ওস্তাদে ফু ফু কে বজাবলৈ লাগিল।একেলগে সৱৰে মুখত হাঁহি এখিনি ফুলি উঠিল।

চকীখনৰ পৰা উঠি আহি অনিৰুদ্ধ ককাৰ ভৰিৰ ফালে বহিল।
:ককা,অনন্যাক মই আপোনালোকৰ পৰা কেতিয়াও আঁতৰাই নিনিও।তাই ইচ্ছা কৰিলে ইয়াত থাকিব,ইচ্ছা কৰিলে মোৰ লগত।মই মাজে মাজে আহি থাকিম।কিন্তু আপুনি জানে মই মোৰ কামটোক কিমান ভাল পাওঁ।
:জানো জানো।সৎ মনেৰে কাম কৰা মানুহক বৰ ভাল পাওঁ মই
তুমি বহুত উন্নতি কৰিবা জীৱনত।

:উমমতি কি হয় মা?
মোক কাণে কাণে সুধিছে সি।মাজে মাজে এনেকৈ বুজি নোপোৱা কথাবোৰ কাণে কাণে সোধে আজিকালি।ডাঙৰ হৈছে মোৰ ল’ৰাটো।
:মই কতা এটা ক’ম।অথনি দে অনিমুনই মাক এননেকে
মুখ খন হাতেৰে টিপি দিলোঁ।এইটো মোক লাজত পেলাই মাৰিব।
কিন্তু বুজিবলৈ কাৰো একো বাকী নাথাকিল।
:আশা, যোগেশক ফোন এটা কৰি মাতি দিয়া,সি ইয়াতে ভাত কেইটা খাওক।
:হ’ব দেউতা।মাজু, যা মেখেলা চাদৰ সলাই ল, ভাত খাবৰ হ’ল,অনিৰুদ্ধ যোৱা, কাপোৰ কানি সলাই লোৱা।

আজি ভাতকেইটা পৰম তৃপ্তিৰে খালে ককাই।মায়ে অনিৰুদ্ধৰ বাবেও কেইবা বিধো ৰান্ধিলে।যোগেশ দাক জোৰ কৰিও ককাৰ সৈতে বহি খুৱাব নোৱাৰিলে।কাষতে সৰু টেবুল এখন পাৰি ভাত কেইটা খালে।
:যোগেশ অ’,তই আজি ইয়াতে থাক।
:হ’ব দেউতা।ৰাতিপুৱা ক’ৰবাত যাব নেকি?
:দৰকাৰ হ’ব পাৰে।তৰা, ইয়াৰ বিচনাখন মোৰ ৰূমতে ঠিক কৰি দিবি চোন।

খাই উঠিও আজি ককাই ইমান কথা কৈছে।আনদিনা দহটা বজাতে শুই যোৱা মানুহজন আজি এই বাৰ বজালৈকে শোৱা নাই।পুৰণি কথাবোৰ কৈয়ে আছে।থুপুক শুৱাবলৈ বুলি আনিলোঁ, নাই এইটোৰো আজি টোপনি নাই।দুবটল গাখীৰ শেষ কৰিলে।তাৰ ধান্দা ক’ত মই জানো।কথাৰ ভাগ লোৱাত ভাল এখেত।
:অনিমুনক মাতি দিয়া থোন।
:নুশুৱ ল’ৰা?
:ওহোঁ।
মুখ খন টিপি হাঁহি দেখুৱালে।আকৌ ককাৰ ৰূম পালোহি।
:ককা আমি সৱ শুব লাগে।আপোনাৰ গা বেয়া কৰিব।ইমান কথা কোৱা ভাল নহয় আপোনাৰ কাৰণে।আৰু থুপু সৱ নুশুলে নুশুৱে।মোৰ মূৰটো বেয়া কৰি দিছে।

:কিয় নো তেনেকৈ কৈছ তাক।গোসাঁইটো মোৰ।
:মায়ে মোক ইনেই ধুম কই দিছে।
:ঢকা লাগে ল’ৰা,সঁচাকৈ খাবি এছাট এতিয়া।
:Hey buddy, come here.
থুপুক লৈ অনিৰুদ্ধ ওলাই গ’ল।যাওঁতে মোলৈ চাই মুখ খন বেকেটা কৰি দেখুৱাইছে থুপুৱে।
:Come soon, I will be waiting.
কাণে কাণে কৈ যোৱা কথাষাৰে বহু দেৰিলৈকে মোৰ গাল দুখন ৰঙা কৰি ৰাখিলে।

মাটিত বিচনা পাৰি যোগেশ দাৰ শোৱাৰ ব্যৱস্থা কৰি দিলোঁ।ককাৰ গাৰু কেইটা ঠিক ঠাক কৰি শুবলৈ কৈ ৰৈ আছোঁ।ৰাতি বাথৰুমলৈ যাব লগীয়া হয় বাবে সৰু লাইট এটা জ্বলাই ৰাখোঁ।মায়ে ৰাতি দুবাৰ মান চাই যায়হি।কেতিয়াবা ময়ো আহোঁ।কম্বলখন গাত দি ওচৰতে বহি আছোঁ।
:গোসাঁনী।
:কোৱা।
:মই মৰিলে কামবোৰ তই আৰু যোগেশ মিলি কৰিবি।
:কিনো কৈ থাকা।শুই যোৱা চোন।
অলপ পিছত ককা টোপনি গ’ল।যোগেশ দাক ৰাতি এবাৰ চাবলৈ কৈ শুবলৈ আহিলোঁ।

ৰূমলৈ আহি দেখোঁ মোৰ বিছনাত অনিৰুদ্ধ আৰু থুপু শুই আছে।থুপুৱে মই অহা দেখি জোৰ কৰি চকু কেইটা মুদি থৈছে।অনিৰুদ্ধৰ কিন্তু সচাই টোপনি গৈছে।ভাগৰ লাগিছিল চাগে।কেনেকৈ উঠাও এতিয়া।

:শুৱক দে ইয়াতে।এতিয়া নো আৰু কি ইমান ফৰ্মেলিটি।আৰু এনেও মই এইবোৰ ইমান ভাবি নাথাকোঁ।মোক বিয়াই যি দিব নোৱাৰিলে, তই বিয়া নোহোৱাকৈয়ে সেইখিনি আদৰ, সন্মান পাইছ।মনটো ভৰি যায় তহঁতক দেখিলে।
আলহী ৰুমত পানীৰ বটল থ’বলৈ গৈ ঘূৰি আহি মা মোৰ ৰুমত সোমাল।শুই থকা থুপু আৰু অনিৰুদ্ধক দুইজনীয়ে চাই আছোঁ বহুপৰ।
:দুইটাই তোক কিন্তু ভাল জলা দিব মাজু।
:তাকেই।কি কৰোঁ টিপছ দিবা চোন।
দুইজনীয়ে মুখ টিপি হাঁহি আছোঁ।
:শুই থাক।সিটো ৰূমৰ পৰা কম্বলখন লৈ আন।ময়ো শুই যাওঁ।বৰ ভাগৰ লাগিছে আজি।

কম্বল খন অনিৰুদ্ধৰ গাত দি কপালত হাত ফুৰাই দিলো।গভীৰ টোপনি।কপালত লাহেকৈ চুমা এটা আঁকি দিলোঁ।তেওঁ বাগৰ সলাই মোকো লগতে সামৰি নিলে।
:Hey..
:Shh
:মই.. ইয়াত..।Sorry..
:শুই থাকক।
:খু থাকা অনিমুন।মা খম আছে বউত।

আহিবলগীয়া দিনবোৰৰ আগতীয়া অভ্যাস।
মাজত থুপুক লৈ আমি দুয়ো ইটোৱে সিটোক চাই আছোঁ।অনিৰুদ্ধৰ চকু কেইটা সৰু হৈ গৈছে।টোপনিৰ ভৰ স্পষ্ট।
:লাইট অফ কৰোঁ?
:ওহোঁ।
কেতিয়াবা এনেকৈয়ে ভাল লাগে।বুকুত সাঁচি ৰখা কথাবোৰ চকুৰ ভাষাৰেই কৈ দিব পাৰি।
লাহে লাহে থুপু মোৰ বুকুৰ মাজত কুৰুকি কুৰুকি সোমাই টোপনি গ’ল।
:I missed you Jaan.
আৰু অলপ কাষ চাপি আহিল অনিৰুদ্ধ।আমাৰ দুয়োটাকে এহাতেৰে মেৰিয়াই ধৰি টোপনি গ’ল।

:মাজু, মাজু
মাৰ চিঞৰ শুনি একেজাপে থিয় হ’লো।দৌৰি গৈ দৰ্জা খুলিলো।
:দেউতা…নাই..
মাক ঠেলি ককাৰ ৰূমলৈ দৌৰিছোঁ।মই শুৱাই থৈ যোৱা ভাগতে শুই আছে।কিন্তু কাষত কিয় যোগেশ দায়ে ইমান ফেঁকুৰি ফেঁকুৰি কান্দিছে।
:দেউতা অ’,উঠক চোন।
মই দৰ্জামুখৰ পৰা আগবাঢ়িব পৰা নাই।মোৰ কাষেৰেই পাৰ হৈ অনিৰুদ্ধ আৰু মা সোমাই গৈছে।হাৰ্টবিট চেক কৰিছে।
ককাৰ হাত খন খামুচি চকুপানী টুকিছে অনিৰুদ্ধই।মায়ে ভৰি দুটা ধৰি কান্দি আছে।
আৰু মই…
ভাগি পৰা আকাশ এখন মূৰত লৈ লৰচৰ কৰিব নোৱাৰা হৈ ৰৈ আছোঁ একে ঠাইতে.. নামানো, কেতিয়াও নামানো এই নির্মম সত্য।
এইয়া হ’বই নোৱাৰে।
কিন্তু যদি এইয়া সঁচা হয়, মই বাৰু কি কৰিম?
সাৰংগপাণি গোস্বামীৰ অবিহনে জানকী কাননৰ কি হ’ব?
মোৰ কি হ’ব?থুপুৰ কি হ’ব?
মাৰ কি হ’ব?
নাই ককা উঠিব,আকৌ মোক গোসাঁনী বুলি মাতিব।
মাতিব নে?

“কালের যাত্রার ধ্বনি শুনিতে কি পাও?
তারি রথ নিত্য উধাও।
জাগিছে অন্তরীক্ষে হৃদয়স্পন্দন
চক্রে পিষ্ট আধারের বক্ষ-ফাটা তারার ক্রন্দন।
ওগো বন্ধু,
সেই ধাবমান কাল
জড়ায়ে ধরিল মোরে ফেলি তার জাল
তুলে নিল দ্রুতরথে
দু’সাহসী ভ্রমনের পথে
তোমা হতে বহু দূরে।
মনে হয় অজস্র মৃত্যুরে
পার হয়ে আসিলাম
আজি নব প্রভাতের শিখর চুড়ায়;
রথের চঞ্চল বেগ হাওয়ায় উড়ায়
আমার পুরানো নাম।
ফিরিবার পথ নাহি;
দূর হতে যদি দেখ চাহি
পারিবে না চিনিতে আমায়।
হে বন্ধু বিদায়।”

(ৰবীন্দ্ৰনাথ ঠাকুৰ)

(আগলৈ)

14 thoughts on “#আবিৰ খণ্ড (৮২)

  1. অলপ সুখ আহিছিল হে অনন্যাৰ জীৱনলৈ,,,, ককাৰ আত্মাই শান্তি পাওঁঁক।।।

    Like

  2. চকুপানীবোৰ কেনেকৈ বান্ধী ৰাখো বা ??? বুকুৰ থিক মাজভাগতেই বিষ এটা উথলি উঠিছে || ককা এনেকৈ হেৰাই গ’ল ??

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s