#আবিৰ খণ্ড(৮৩)

জীৱনৰ চৰম সত্যক মানিবলৈ কোনেও মোক এবাৰো বুজাবলৈ নাহিল।
গোসাঁইঘৰত মই মাত্ৰ থাপনাখনলৈ চাই বহি আছোঁ।
এই মৃত্যু অপমৃত্যু নহয়..কিন্তু অবাঞ্চিত নিশ্চয় হয়।
যদি ককাক লৈয়ে যাব খুজিছিলা, সুস্থ কৰি মোক নতুন সপোন কিয় দেখুৱাইছিলা মাধৱ?
কি কৰিম এতিয়া মই?ক’ৰ পৰা আৰম্ভ কৰি ক’ত শেষ কৰিম?
মই কি হৈ কথাবোৰ ভাৱিম?
মাক হৈ?জী হৈ?পত্নী হৈ?
নে বগা বাংলোৰ মালিক হৈ?
ককাই ৰাতিয়েই জ্বলোৱা চাকি গছ এতিয়াও জ্বলি আছে।মাধৱৰ ডাঙৰ মূৰ্তিটোৰ মুখ খনহে ম্লান পৰা।
কিমান সময় পাৰ হৈ গৈছে মই নাজানো..
কোনো মোৰ কাষ চাপি অহা নাই।
অতপৰে মোৰ চকুৰ পৰা এটোপাল পানীও ওলোৱা নাই।

বাহিৰত মানুহৰ গুণগুণনি শুনিছোঁ, দেউতাৰ মাত আনতকৈ বেছি জোৰত মোৰ কাণত পৰিছেহি।
:ক, কি কৰিলি তই?কোনে ইয়াক দেউতাৰ ৰূমত শুবলৈ দিছিল?

আজিৰ দিনটো তো পাৰিছে এইবোৰ কৰিব, আচৰিত হওঁ বুলিও হ’ব পৰা নাই মই।দেউতাৰ পৰা আৰু বেলেগ কিবা আশা কৰিবও যে নোৱাৰি।
:অনন্যা,এবাৰ বাহিৰলৈ যোৱা প্লিজ।
অনিৰুদ্ধৰ কোঁচত থুপু,কান্দি কান্দি ঠেৰেঙা লাগিছে,মোক চকুৰ ইংগিতেৰে তেওঁ বাহিৰলৈ যাবলৈ দেখুৱাইছে।
:Let me know if you need me, but I dont want to interfare.
He is really sick.
অনিৰুদ্ধৰ মুখ খন খঙত কঠোৰ হৈ পৰিছে।দেউতাই কিয় আজিও এইবোৰ কৰি অশান্তি কৰিছে!!

নিজৰ গাৰ ওজন মই কঢ়িয়াব পৰা নাই।খোজবোৰ থৰক বৰক হৈছে।বাৰে বাৰে উজুটি খাইছোঁ মই।

ককাক ইতিমধ্যে বাহিৰলৈ নিয়া হৈছে।চোতালত মানুহৰ সমাগম।বাৰাণ্ডাৰ খুঁটা এটাত ধৰি কান্দি আছে মায়ে।বগা কাপোৰেৰে ঢাকি থোৱা ককাৰ ভৰিত পৰি যোগেশ দা, তৰা, বাহাদুৰৰ কান্দোন।মাৰ কাষত আয়ুৰ মাক।পৱিত্ৰ দা, বৌ সৱ আহিছে।ওচৰৰ মানুহ কিছুমানক আজি প্ৰথম বাৰৰ বাবে দেখিছোঁ মই।
আৰু মাৰ একেবাৰে ওচৰতে ৰৈ যোগেশ দাৰ ফালে আঙুলি টোঁৱাই দেউতাৰ চিঞৰ বাখৰ।
:কেলেই ৰাখিছিলা তাক ঘৰত?
মানুহৰ মাজত নতুন ৰহস্যৰ সোৱাদ।চাৱনিবোৰ, ফুচফুচনিবোৰ সৱ মাৰ ফালেই লক্ষ্য কৰি আৰম্ভ হৈছে, শেষ নাই, চলিয়েই থাকিব।
:দেউতা, আজি নহয় প্লিজ।
:চুপ,শেষ কৰি দিলে এই ঘৰখন।কি ঠিক কি ষড়যন্ত্ৰ কৰি যোগেশক কালি দেউতাৰ ৰূমত ৰাখিছিল।
মায়ে চাদৰৰ আচলেৰে মুখ ঢাকি ককাৰ ওচৰলৈ নামি গৈছে।দেউতাক তেনেকৈয়ে উপেক্ষা কৰে সদায়।আজিও কৰিছে।

হঠাৎ মূৰৰ ভিতৰত ভমক কৈ জুই একোৰা জ্বলি উঠিল।
:আজিৰ দিনটোত শান্তিৰে থাকক।প্লিজ।
চেপা মাতেৰে দেউতাৰ ওচৰত ৰৈ কথা কেইটা ক’লো।
:কি কৰিবি নহ’লে?
:মই কৰিব নোৱাৰা কাম একো নাই দেউতা।বাধ্য নকৰিব।ককাই আপোনাক ইয়াত বিচৰাও নাছিল।মৰিবৰ সময়ত মোক কৈ থৈ গৈছে, গতিকে কামবোৰ যোগেশ দায়ে কৰিব।কিন্তু মই বিচাৰোঁ আপুনিও কৰক।অন্ততঃ শেষবাৰৰ বাবে পুত্ৰৰ দায়িত্ব পালন কৰক।প্লিজ।
আৰু নহ’লে এতিয়াই যাওক ইয়াৰপৰা।

মোৰ কান্দিবলৈ সময় ক’ত?পুৰোহিত অহাৰ পাছত কৰিবলগীয়া সকলো নিয়ম কৰিলোঁ।আইতাৰ সমাধিৰ ওচৰতে ককাক সমাধিস্থ কৰা হ’ল।ককাৰ ইচ্ছামতেই যোগেশ দায়ে মুখাগ্নি কৰিলে।খবৰ কৰিবলৈ অহা সকলো মানুহক যিমান পাৰোঁ মাত বোল কৰিছোঁ, ঘৰলৈ অহা মানুহক ভালকৈ মাত নিদিলে ককাই বেয়া পাইছিল।

কিন্তু সকলোৰে মনত থুপুক লৈ অলেখ প্ৰশ্ন।
ককাক সমাধি দি ঘূৰি আহি বাৰাণ্ডাত ভৰি দিছোঁহে..
:এইটো তোমাৰ বাইদেউৰ ৰ ল’ৰা নেকি?
:নহয়, মোৰ।
চকু কেইটা ডাঙৰ হৈ গ’ল।
জানে, সকলোৱে জানে, নজনাৰ ভাও জুৰিছে।
এইটো মানুহৰ স্বভাৱ, ক’ত আঘাট কৰিলে মানুহে বেছি দোষ পায় সেইয়া ধুনীয়াকৈ বিচাৰি উলিয়াব পাৰে।আৰু তাতেই বাৰে বাৰে আঁচোৰ মাৰি দিয়ে।বিষ এটাত যে আমি কান্দি দিওঁ, খুব ফুৰ্টি পায় কিছুমান মানুহে।
দ্বিতীয়টো প্ৰশ্ন এনেধৰণৰ আছিল..
:আলহী এজন যে দেখিছোঁ, কোন হয় নো?তোমাৰ ল’ৰাটো যে লৈ ফুৰিছে।
:Her husband, hello, myself Anirudh, his father.

প্ৰয়োজন আছিল নে নাই নাজানো, কিন্তু অনিৰুদ্ধৰ উত্তৰে বহুকেইখন মুখ একেবাৰে বন্ধ কৰি পেলালে।মন কৰিলোঁ, উত্তৰটো শুনি দেউতাই প্ৰথমবাৰৰ কাৰণে অনিৰুদ্ধৰ ফালে মুখ ঘূৰাই চালে।অথনিৰে পৰা সম্পূৰ্ণৰূপে তেওঁৰ উপস্থিতিক উপেক্ষা কৰি আছিল,এতিয়া পৰা নাই।

সন্ধিয়া নামি অহাৰ লগে লগে ঘৰখনলৈ এক অদ্ভুত শূন্যতা নামি আহিল।যেন হাজাৰ লাইটৰ পোহৰেও পোহৰাব নোৱাৰা এখিনি আন্ধাৰে গ্ৰাস কৰি পেলাইছে জানকী কানন।গোটেই দিনটো মই কেনেকৈ কি কৰি আছিলোঁ মই নিজেই নাজানো।কিন্তু সন্ধিয়াৰ এই শূন্যতাই মোক একেবাৰেই ভাঙি পেলাইছে।ককাৰ ৰূমত সোমাই দৰ্জাখন বন্ধ কৰি দিছোঁ।
এতিয়াও চন্দন, দৰৱ, ধূপ, ককাই ব্যৱহাৰ কৰা সেই বিশেষ তেল বিধৰ সুগন্ধি ৰূমটোত বিয়পি আছে.. যি ফালেই চাইছোঁ সেইফালেই ককাকেই দেখিছোঁ।এই যেন মাতিব “গোসাঁনী” বুলি, এই যেন ক’ব “মোক আজি গাখীৰ ভাত দিবি”,”তইনো ল’ৰাটোক কেলেই বকি থাক”,”মোক চেক এখন লিখি দেচোন”,”আদা দিয়া চাহ অকণ দে চোন”,”তোৰ বিয়াত মই অনিৰুদ্ধক পাটৰ ধুতি পাঞ্জাৱী চোলা দিম”…
ইমানবোৰ কথা এতিয়া মই ক’ত বিচাৰি ফুৰিম..
ককাৰ বিছনাৰ খুঁটি টোত ধৰি মই চিঞৰি চিঞৰি কান্দিছোঁ, গাৰ সমস্ত জোৰেৰে মাতিছোঁ..
“ককা.. ককা”
নাই, উত্তৰ নাই, কেতিয়াও নাহে উত্তৰ।চোতালৰ একেবাৰে সিটো মূৰে আইতাৰ কাষতে চিৰনিদ্ৰাত শুই আছে মোৰ ককা.. আৰু কেতিয়াও ঘূৰি নাহে.. কেতিয়াও…!

দুৱাৰত পৰা টুকৰবোৰ মই শুনা নাই, থুপুৰ কান্দোন, অনিৰুদ্ধৰ বুজনি, মাৰ উচুপনি একো মোৰ শুনিবৰ ইচ্ছা নাই।এটা দীঘল ৰাতি মই ককাৰ ৰূমৰ মজিয়াত পৰি পাৰ কৰি দিলোঁ… মোৰ আটাইতকৈ দীঘল আৰু দুখৰ ৰাতি আছিল এইটো..

ৰাতিপুৱা ওলাই আহিছিলোঁ বেলেগ এজনী অনন্যা হৈ, দায়িত্ব বোৰ কান্ধ পাতি লৈছিলোঁ আকৌ এবাৰ, দেউতাৰ পৰা মাক আঁতৰাই ৰাখিছিলোঁ, যোগেশ দাক জোৰ কৰি কিবা এটা খুৱাইছিলোঁ।কামৰ তাগিদাত ঘূৰি যাবলগীয়া হোৱা অনিৰুদ্ধক বিদায় দিছিলোঁ..
যাবৰ সময়ত বাৰে বাৰে উভতি আহি মোক সামৰি লৈছিল অনিৰুদ্ধই
“মই আকৌ সোনকালেই আহিম,তুমি প্লিজ ভালকৈ থাকিবা”
“দেউতাৰ পৰা আঁতৰি থাকিবা”
“বেছি দিগদাৰ হ’লে মোক মাতি দিবা”
উত্তৰ দিবলৈ একোৱেই নাছিল।

মাত্ৰ এটা কথাত মই বাৰে বাৰে হাৰি গৈছিলোঁ, যেতিয়া থুপুৱে সুধিছিল

“ককা ক’ত কুকাই থাকিলে মা,মাতি দিয়া থুন”
ৰাতি সি ককাক মাতি মাতিয়েই কান্দি কান্দি শুই পৰিছিল, আৰু তাক শুৱাই থাকোঁতে কাণত পৰিছিল, দেউতা আৰু মাৰ ৰূমৰ পৰা অহা শুনিব নোখোজা কথা কিছুমান..
“চাওঁ এইখন ঘৰত কেনেকৈ থাক তই, চোঁচৰাই উলিয়াই দিম মই তোক, তোৰ জীয়েৰক।”

জীৱন!সৱৰে বাবে তুমি অনুপম নহয় কিয়?


ককা নথকা ঘৰখন সুস্থিৰ হ’বলৈ এমাহতকৈ বেছি সময় লাগিল।
এমাহ সময়, প্ৰত্যেক ৰাতি মই উঠি আহি ককাৰ ৰূমত নিজকে বন্ধ কৰি ৰাখিলো বহু সময়লৈকে।
যেন পাতিবলগীয়া কথাবোৰ অকলেই পাতি পেলালোঁ।

ককাৰ চিনাকি সকলোকে নিমন্ত্ৰণ কৰি ককাৰ আদ্যশ্ৰাদ্ধ পাতিছিলোঁ।
সেইদিনা সকলো মানুহৰ সন্মুখত দেউতা এজন খুব দায়িত্বশিল পুত্ৰ হৈ সকলোকে মাত বোল কৰিছিল।
ভাবিছিলোঁ, অলপ সলনি হৈছে।
নাই।
পিছদিনাই মাৰ পৰা আজুৰি ককাৰ কণ্টেছাৰৰ ছাবি লৈ দেউতাই মাৰ্ঘেৰিটাৰ ঘৰলৈ লৈ গৈছিল।লগত কৰো বহুত কিবাকিবি।
লৈ যাওক, তেনেকৈয়ে সুখী হওক অসুখী আত্মাৰ মানুহজন।

নাহিলে বেয়া হয় বুলি শ্ৰাদ্ধৰ আগদিনা বা আৰু ৰাজু দা আহিল।কোনো দুখ নাই,আত্মীয়তা নাই।কেঁচুৱাৰ লগতে দুয়োটা ব্যস্ত হৈ থাকিল।যোৱাৰ আগতে যিমান পাৰে ককাৰ বস্তু কিছুমান টোপোলা বান্ধি লৈ গ’ল।

ককাক ভালপোৱা সকলো মানুহ আমাৰ ঘৰলৈ এবাৰ মাত লগাবলৈ আহিল।তাৰে মাজত এজন অনিৰুদ্ধৰ দেউতাকো আছিল।মানুহজনে মোক বুজিছিল, মোৰ দায়িত্বসমূহ দেখি কিছু পৰামৰ্শ দিছিল।কাণ পাতি শুনিছিলোঁ।মোৰ মূৰত হাত ফুৰাই মৰম কৰি দিছিল।জীৱনত প্ৰথমবাৰৰ বাবে ‘দেউতা’ সম্বন্ধটোৰ প্ৰতি মৰম আৰু শ্ৰদ্ধাৰে মোৰ মন উপচি পৰিছিল।
থুপুক তেওঁ ককাৰ দৰেই সাৱটি লৈছিল।
“তুমছে এইছে মিলনা হ’গা, কভি চ’ছা নেহী থা বেটা”
এখন আশীৰ্বাদৰ হাত হেৰুৱালো,আন এখনে মেৰিয়াই ধৰিলে নতুনকৈ।
ককা নথকা সময়খিনিত নিজৰ দেউতাৰ পৰা পোৱা অশান্তি বোৰ সেই এটা দিনত মোক অনিৰুদ্ধৰ দেউতাকে পাহৰাই ৰাখিছিল।
এটা দিন আমাৰ সৈতে থাকি তেখেত গুচি গৈছিল।

মা আৰু মোক আচৰিত কৰি ককাৰ মৃত্যুৰ খবৰ পায় প্ৰদীপ খুড়া আৰু খুড়ী আহিছিল আমাৰ ঘৰলৈ।দেউতাই লগত লৈ আনিছিল।মই ওলাই মাত দিয়া নাছিলোঁ।খুড়ী নিজেই মোৰ ৰূমলৈ সোমাই আহিছিল।
:তুমি চাগে মোক এতিয়াও বেয়া পাই আছা?
:আপোনাক মই মনতেই ৰখা নাই, ভাল পোৱা বেয়া পোৱা কি আছে।
মানুহগৰাকী মোৰ ৰূমৰ পৰা ওলাই গৈছিল।বুকৰ দাগটোত নতুনকৈ বিষ অকণ অনুভৱ কৰিছিলো।কিন্তু অনিৰুদ্ধৰ নামটোৱে সেইয়া বাঢ়িবলৈ নিদিলে।

পিছত মাৰ পৰা গম পাইছিলোঁ, তেওঁলোকৰ একমাত্ৰ পুত্ৰ এই পৃথিৱীত নাই।সিদ্ধাৰ্থৰ মৃত্যু হৈছে।হত্যা কৰিছে কোনোবাই।তিনিবছৰ আগতেই ঘটি যোৱা ঘটনাটোৰ আজিও বিচাৰ চলিয়েই আছে।লগৰ ল’ৰাৰ লগত হোৱা কাজিয়াৰ পৰিণতিতেই হত্যা কৰা হ’ল সিদ্ধাৰ্থক।মাক দেউতাকৰ ওচৰলৈ মৃতদেহটো হে ঘূৰি আহিছিল।হত্যাৰ সময়ত সিদ্ধাৰ্থৰ ওপৰত দুটাকৈ ধৰ্ষণৰ গোচৰ আছিল।সেইবাবে মৃত্যুৰ আঁৰৰ কাৰণ এতিয়াও নিশ্চিত নহয়।
:মানুহ হাললৈ দুখ লাগে, খুড়া মানুহজন ভাল।
:তাকেই।

ককাৰ ৰূমত সোমাই কান্দি থকা অৱস্থাত এদিন মায়ে আনি নিজৰ লগত শোৱাইছিল।তেতিয়াৰ পৰা থুপুক মাজত লৈ দুইজনী একেলগেই শোৱা হ’লো।এদিন ৰাতি মায়ে ক’লে..
:মাজু।
:হমম।
:অনিৰুদ্ধৰ ওচৰলৈ কেতিয়া যাবি?
:ভৱা নাই এতিয়াই,ককাৰ ছমহীয়া পাতিব লাগে, তাকেহে ভাবি আছোঁ।
:মোৰ এটা ইচ্ছা আছে।কওঁ নে?
:কোৱা আকৌ।
মাৰ ধুনীয়া সপোন।বিশাল বগা বাংলোত মায়ে কাৰোবাক আশ্ৰয় দিয়াৰ কথা ভাবিছে।
:অনাথ আশ্ৰম খুলিব খুজিছা?নে বৃদ্ধাশ্ৰম?
:এটাও নহয়।
:তেন্তে?
:মোৰ নিচিনা মানুহক আশ্ৰয় দিম।যাৰ নিজাকৈ ঘৰ এখন হোৱা নাই এতিয়াও।ঘৰৰ মানুহে বিয়া দি আৰু উভতি নোচোৱা হাজাৰজনী ছোৱালী এতিয়াও আছে।যি কেৱল উভতি যাব নোৱাৰে কাৰণেই অত্যাচাৰ সহি সহি অধীৰৰ দৰে মানুহৰ লগত থাকে।মোৰ তেতিয়া বয়স কম আছিল, নিজৰ উপাৰ্জন নাছিল।ঘৰৰ মানুহৰ চাপোৰ্ট নাছিল।ক’লৈ যাম বুলিয়েইতো থাকি গ’লো।ককা আইতাৰ মৰম নোপোৱা হ’লে চাগে মৰিয়েই থাকিলেহেঁতেন।সেইকাৰণে ভাবিছোঁ, মই মোৰ দৰে মানুহক আশ্ৰয় দিম।যাৰ সদ্যহতে যাবলৈ এখন ঘৰ নাই,দুবেলা দুমুঠি খাব পৰাকৈ উপাৰ্জন নাই।সকলোতকৈ জৰুৰী, নিৰাপত্তা নাই।থাকিব, যিমান জনীক পাৰোঁ মই ৰাখিম, খুৱাম।আৰু স্বাৱলম্বী হ’বলৈ শিকাম..মুকলি মনেৰে থাকিব ইয়াত।দৰকাৰ হ’লে ওপৰত আৰু ৰূম বনাই দিম.. তৰা আছে, বাহাদুৰ আছে,সৱেই মিলি কৰি মেলি খালেই হ’ল….
কথাবোৰ কৈ যাওঁতে মাৰ মুখ খন পোহৰ হৈ গৈছে।
ইমান ধুনীয়া মনৰ মানুহজনীক ভগৱানে ধুনীয়া জীৱন দিবলৈ কিয় পাহৰি গ’ল!
:শুনিছ নে মাজু।
:শুনি আছোঁ কোৱা..
:তেতিয়া যে মই এইখন ঘৰৰ পৰা কিমানবাৰ পলাই যোৱাৰ কথা ভাবিছিলোঁ।যেতিয়া দেউতাৰে ৰাতি মদ খায় আহি উৎপাত কৰে, তেতিয়া বন্ধ দুৱাৰৰ সিপাৰে কোনেও গম নাপায়।মই অকলেই সহি থাকোঁ।এবাৰ নিজৰ মাক কৈছিলোঁ, উত্তৰ দিছিলে মোৰ হেনো অহংকাৰ বেছি, মাইকী মানুহৰ ইমান বেছি অহংকাৰ হ’ব নালাগে।স্বামীয়ে যি বিচাৰে দিব লাগে,যি কয় শুনিব লাগে।
কাৰোবাক মনে প্ৰাণে ভাল পায় আন কাৰোবাৰ লগত শুবলৈ মোৰ কষ্ট হৈছিল, সেই কথা নিজৰ মায়েই নুবুজিলে।মোৰ আত্মসন্মানক অহংকাৰ বুলি ক’লে,সকলো দোষ মোকেই জাপি দিলে।এনেকুৱা চাগে আৰু কিমানৰ লগত হৈ আছে।যাওঁ বুলি গুচি যাব পৰা নাই,ওলাই আহোঁ বুলিও বান্ধোন ছিঙি আহিব পৰা নাই।
মই বেয়া ভাবিছোঁ নেকি মাজু?

:ওহোঁ।মই যোগেশ দাৰ লগত কথা পাতি কি কৰিব লাগে কৰিম।

সমাজৰ আগত অগ্নিপৰীক্ষা দিব নোখোজা বহু জনী জানকীক আমি ‘জানকী কানন’ত ঠাই দিম।
ইয়াতকৈ ভাল লগা আৰু কি হ’ব পাৰে।
:তেতিয়া তই গুচি গ’লেও ঘৰখন ভৰি থাকিব।
:মই এতিয়াই ক’তো নাযাওঁ।
:মাজু, অনিৰুদ্ধৰ প্ৰতি জানো তোৰ দায়িত্ব নাই?তাৰ কথা আমি নাভাবিলে নহ’ব নহয়।সি তোৰ বাবেই ৰৈ আছে।অকণমান নিজৰ আৰু তাৰ কাৰণেও ভাবিবি।ককাৰ ঘৰখন চাবলৈ মই আছোঁ, যোগেশ আছে, অনিৰুদ্ধ অকলে থাকে।
:তোমাক অকলে এৰি যাবলৈ ভয় লাগে, দেউতাই যদি..
:বুঢ়া সিংহই গুজৰিব হে পাৰে, চিকাৰ কৰিব নোৱাৰে.. একো নহয় মোৰ।ভালে থাকিম।মানুহৰ কাৰণে কাম কৰিম।ছোৱালীবোৰক কাম শিকাম।ভাবিছোঁ আয়ুৰ মাকক ক’ম এই বিষয়ে।আৰু শুন, যেতিয়াই মন বেয়া লাগিব, তোৰ ওচৰলৈ গুচি আহিম, বেয়া পাবি নেকি?
:এটা ৰূম তোমাৰ বাবেই ৰাখিম।
:হ’ব শু এতিয়া।

শোৱা নহ’ল।ফোনটো লৈ উঠি আহিলোঁ।অনিৰুদ্ধৰ সৈতে শেষ দেখা হোৱাৰ প্ৰায় ছয় মাহ পাৰ হৈছে।তেওঁ আহিব খুজিছিল, কিন্তু সেইটো সময়ত দেউতাৰ বাবেই মানা কৰিব লগীয়া হৈছিল।
:Hey!
:শোৱা নাই কিয়?
:Have a production deploy this weekend, lot of work.
:Hmm.
:ই শুলে?
:উম।
মাৰ সপোনটোৰ কথা তেওঁক ক’লো।আজিকালি প্ৰায় সকলো কথাই share কৰোঁ।কাকো একো কথা খুলি ক’ব নোৱাৰা মই এতিয়া একো কথাই লুকুৱাই ৰাখিব নোৱাৰা হৈছোঁ।
:You both can do anything ,proud of you dear!
: তাৰ পাছত মায়ে আৰু এটা কথা ক’লে।
:কি কথা।
:নকওঁ।
:বেছি হৈছে অলপ, আহি আছো।

ফোনটো থৈ ঘূৰি আহি মাৰ ওচৰত বহিলো।দিনটো মোৰ লগত কামৰ মাজত ডুবি থকা মানুহজনীৰ সপোনটো মই পুৰা কৰিম, কৰিবই লাগিব।প্ৰয়োজনীয় সকলো কাম কাইলৈৰ পৰাই আৰম্ভ হ’ব।

কাষৰ টেবুলত থকা ককাৰ ফটোখনলৈ চাই সুধিলো
“মই পাৰিম নে?”
উত্তৰ আহিল
“পৰিবি তো,তই যে মোৰ গোসাঁনী ছোৱালী”


“Ashapurnaa-Womens Refuge”
ফাইলটো তৈয়াৰ কৰিলোঁ।যথেষ্ট কাম কৰিবলগীয়া আছে।সদ্যহতে উকিলৰ লগত কথা-বতৰা আৰম্ভ কৰিলোঁ।ইতিমধ্যে এনেধৰণৰ কাম কৰি থকা দুটা Womens Refuge ৰ লগত কথা পাতিলোঁ।তেওঁলোকে যথেষ্ট সহায়, দিহা-পৰামৰ্শ দিলে।ইমান সহজ নহয়।প্ৰথমতেই পুৰণা ডোপ্লেক্স ঘৰটোৰ ওপৰত construction ৰ কাম আৰম্ভ কৰিলোঁ।লাইচেন্সৰ বাবে আবেদন কৰাৰ আগতে ঘৰত যাৱতীয় সকলো সুবিধা থকা জৰুৰী।

আজিও ৰাতিপুৱা উঠিয়েই যোগেশ দাৰ লগত এইটো কামতে ওলাই যাবলৈ ৰেডি হৈছোঁ , তেনেতে হাতত ফোনটো লৈ থুপু কান্দি কান্দি আহিছে।আজিকালি নিজেই ফোন কৰিব পৰা হৈছে মনে মনে।লক কৰিলে কন্দা কটা লগায়।
এতিয়া বা আকৌ কি হ’ল!
:কি হ’ল জান?
গোটেইটো কান্দি কান্দি নাকেৰে পানী বৈ গৈছে।কি হ’ল?
তাক মই মোৰ বিয়ালৈ নিনিলোঁ বোলে।অনিমুন আৰু মোৰ বিয়াত সি ইয়াতে শুই থাকিলে।ঠগিলোঁ মই।
:কোনে কৈছে তোমাক?
:অ.. নি.. মু.. ন. ই।
হিকটিয়াই গৈছে কান্দি কান্দি।
:কেনে নিনিলা মোক বিয়ালে।
কি কৰ কৰ।
ভিডিঅ’ কলত সেইফালে অনিৰুদ্ধ।
:কেলেই ইমান কামুৰি আছে তাক?
:যেতিয়ালৈকে মোৰ ওচৰলৈ নাহা, এনেকৈয়ে জ্বলাই থাকিম তোমাক।

(আগলৈ)

10 thoughts on “#আবিৰ খণ্ড(৮৩)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s