#আবিৰ খণ্ড(৮৫)

ইমানবোৰ ভাললগা!
ক’ত লুকুৱাই ৰাখিছিলা অ’ মোৰ যাযাবৰী জীৱন?
মোৰ হাতত ধৰি এইবাবেই বাৰে বাৰে উভতাই আনিছিলা মোক?
এই বাবেই বিষণ্ণ ৰাতিৰ শেষত মোক কৈছিলা.. জীয়াই থাক অনন্যা..জীয়াই থাক..
ধূসৰ ধূসৰ দিনতেই লিখিছলা নে এই সেউজীয়া দিনবোৰৰ কাহিনী!
আছিল নে তেতিয়াও মোৰ বাবেই অতবোৰ বুকুত ইমানবোৰ হেঁপাহ!
জীৱন!
নতুন বন্ধুত্বৰ বাবে অভিনন্দন তোমাক!
তোমাক ভাল পাওঁ এতিয়া, ভীষণ!

হেৰাই যোৱা দিনবোৰৰ ছবিবোৰে মনত দোলা দি গৈছে আজি ঘনে ঘনে..
কলিকতাৰ অসহায় দিনবোৰ..
থুপুক মোৰ ভিতৰত অনুভৱ কৰা দিনবোৰ..
তাৰ পৰা আঁতৰি মৰি মৰি জীয়াই থকা দিনবোৰ..
আৰু..
এযোৰ চকুৰ গভীৰতাত হেৰাই যাওঁ বুলিও নিজৰ পৰাই পলায় ফুৰা দিনবোৰ..
সেই প্ৰথম ভিডঅ’ কলত তেওঁক দেখি অনুভৱ কৰা সেই অনামী শিহৰণ..
য়েৰকাদৰ সেই বিশেষ নিশাটোত যেতিয়া মেৰিয়াই ধৰিছিল তেওঁ মোক..
কাণত গুঞ্জৰিত সেই মধুৰ শব্দৰ গুণ গুণ..
“I love you Ananya”
বুকুৰ অৰণ্যত বনজুইৰ দৰে বিয়পি যোৱা দুখবোৰক নিমিষতে নুমোৱাই দিব পৰা এজাক প্ৰশান্তিৰ বৰষুণ হৈ নামিছিল অনিৰুদ্ধৰ
ভালপোৱা।
আজিও একেই আছে, হয়তো আজীৱন থাকিব।
থুপুক ছিটৰ পৰা তুলি নিজৰ বুকুত সাৱটি শুৱাই লোৱা মানুহজনক মই এতিয়া কিমান বেছি ভালপাওঁ হয়তো মই নিজেই নাজানো।
:কি চাই আছা তেনেকৈ?
:একো নাই।
ধৰা পৰি আনফালে মুখ ঘূৰালো।

বেংগালুৰু এয়াৰপোৰ্টৰ বাহিৰত অনিৰুদ্ধৰ মাক দেউতাক আৰু দুজনী বৰ মৰমলগা ছোৱালী ৰৈ আছে।আমি ওলাই অহাৰ লগে লগে দুইজনী দৌৰি মোৰ ওচৰ পালেহি।
“ভাবী, আপ কীতনি প্যাৰী লগ ৰহি হ’!
তনভি আৰু নেহা ।অনিৰুদ্ধৰ পেহীয়েকৰ ছোৱালী।
দুইজনীয়ে মোক দুফালৰ পৰা হেঁচা মাৰি ধৰিলেহি ।ঘৰৰ মানুহৰ লগত কাজিয়া কৰি দুইজনী অনিৰুদ্ধৰ কইনাক চাবলৈ তেওঁৰ মাক দেউতাকৰ লগত ইণ্ডোৰৰ পৰা আহিছে।
আৰু সিহঁতক দেখি পাৰে মানে মোৰ পিছফালে লুকাইছে আমাৰ থুপু।
:য়ে কীতনা গুলো গুলো চা হে’,ক্যা নাম হে তুমহাৰা?
:আবিল (আবিৰ)।
সি মিচিক মিচিকি হাঁহি কৈছে।
:পৰ হামনে ত’ শুনা হে আপকা নাম থুপু হে,হাম আপকৌ থুপু বুলা সকতে হে?
সি মোৰ চাদৰ খনত ধৰি পাৰে মানে টানিছে।
হাউলি দিলত কাণে কাণে কৈছে
:কি নো কৈ আথে,মো লাছ লাগিথে।
নেহাই তাক কোলাত তুলি ল’লেই।দুইজনীয়ে তাৰ গাল দুখন টিপি চুমা খাই অৱস্থা নাইকিয়া কৰিছে।
:অনন্যা বেটা,তুম ইস গাড়ী মে’ বেইথ’।অনি,তুম ঘৰ যাঅ’
:What??
মা আৰু মোৰ কাৰণে হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছে।শুনি অনিৰুদ্ধৰ মুখ খন সেমেকি গ’ল।তেওঁক অকলে কেবত উঠি ঘৰলৈ যাবলৈ দিয়া হৈছে।মোক আৰু মাক তেওঁৰ SUV ত সকলোৰে সৈতে হোটেললৈ লৈ যোৱা হ’ব।আৰু তাতে আজি ৰাতিলৈ মোৰ মেহেন্দি আৰু কাইলৈ ৰাতিপুৱা ‘হলদি’ৰ নিয়ম কৰা হ’ব।কোনোটো নিয়মেই আচলতে ভালকৈ হোৱা নাই,এতিয়া যি হ’ব সেইয়াও নেহা আৰু তনভিৰ প্লেনিং মতেই হৈছে।সিহঁত দুইজনীয়ে ইমানেই কথা কৈছে যে মই কোনজনীক উত্তৰ দিম বুজিয়েই নাই পোৱা।
:মই কিয় আহিব নোৱাৰোঁ মা?প্লিজ, মই অকলে কি কৰিম ঘৰত।
:এইটো যে বৰ ‘বেচৰম’ হৈ গৈছে দেই।
:তা মানে অনিমুন বমাথ হৈথে ন ইদনি আইতা।
ইজনী আইতা!
মায়ে তাৰ আগত যেতিয়াই অনিৰুদ্ধৰ মাকৰ কথা কিবা কয়, তেতিয়া ইজনী আইতা বুলি তাক বুজায়।সি সেইটোকে নাম বুলি ভাবিলে।আৰু মাতিছেও তেনেকৈয়ে।

মায়ে ময়ে হাঁহি ৰখাব নাই পৰা।বাকীবোৰে ভালকৈ বুজিয়েই নাপালে।

আমাৰ থকাৰ ব্যৱস্থা কৰা ৰিজৰ্টটো অনিৰুদ্ধৰ ঘৰৰ ওচৰতেই।এটা ডাঙৰ ক’টেজ বুক কৰা হৈছে।আমাক ড্ৰপ কৰি অনিৰুদ্ধৰ মাক আৰু দেউতাক ঘৰৰপৰা নিয়মৰ বাবে প্ৰয়োজনীয় বস্তু আনিবলৈ গ’ল।নেহা আৰু তনভি মোৰ ওচৰৰ পৰা লৰচৰ নহয়।আমাৰ কেনেকৈ চিনাকি হ’ল,কোনে প্ৰপ’জ কৰিলে, কোনে ফাৰ্ষ্ট আই লাভ ইউ ক’লে,সৱ জানিবলৈ লাগে।মেখেলা চাদৰ যোৰ পিটিকি পিটিকি চাইছে।মই গা ধুবলৈ যাওঁতেও বাথৰুমৰ বাহিৰৰ পৰা কথা কৈ আছে।

সন্ধিয়া সময়ত তেওঁৰ মাক দেউতাক আহিল, লগত অনিৰুদ্ধ।মাকে আহিয়েই মোক কুৰ্তী খুলি মেৰুণ কালাৰৰ শাৰী এখন পিন্ধিবলৈ দিলে।সলাই আহি অঁকৰা দৰে ৰৈ আছোঁ।মায়ে মোলৈ চাইছে, মই মালৈ।আমি দুইজনীয়ে তেওঁলোকৰ নিয়মবোৰ একোৱেই যে নাজানো।

:ভাইয়া আপ কিউ আয়ে?আপক’ নেহী আনা ছাহিয়ে থা না?
:চুপ।
:চুপ ক্যা, আপ হলদি কে বাদ ভাবী ক’ নেহী দেখ সকতে, য়ে বুৰা ছগুন হ’ জায়গা।হে না মামী জী।
:ইছিলিয়ে ত’ দেখনে আয়া হুঁ। Excuse us please.

লাজ বুলিবলৈ অকণো নাই।সৱৰে সন্মুখতে মোক হাতত ধৰি ৰূমৰ পৰা উলিয়াই বাহিৰলৈ লৈ গ’ল।
:কি কৰি থাকে আপুনি?মা পাপাই কি ভাবিছে চাগে!
:Thats not my problem. ‘হলদি’ৰ পিছত চাব নাপায়, সেইকাৰণে ভালকৈ চাই লৈছোঁ।
:দেখিলে নহয়, যাওক এতিয়া।
:I have something for you, close your eyes.
চকু দুটা বন্ধ কৰি ৰাখিলো।অলপ পাছত মোৰ হাতত কাৰোবাৰ কোমল পৰশ লাগিল।চিনাকি চিনাকি গোন্ধ।
হিবা।
:হিবু!
জোৰেৰে সাৱটি ধৰিলোঁ।মোৰ বিশেষ দিনটো আৰু বিশেষ হৈ উঠিল।অনিৰুদ্ধই নিজেই গৈ লৈ আনিছে তাইক।মই ফোন কৰাৰ আগতেই।
কোন সময়ত মোক কি প্ৰয়োজন, মোতকৈ বেছি ভালকৈ জানে তেওঁ।
আজি ৰাতিটো হিবা মোৰ লগতেই থাকিব।আমাৰ মাজত বিয়াৰ নামত হোৱা সৰু সৰু নিয়মবোৰত তাই মোৰ ওচৰত থকাটো মইয়ো বিচাৰোঁ।
:Happy now?
মই উত্তৰ দিবলৈ নাপালোঁ।এনেতে হাতত গোমধান এটা খায় খায় পেটুৱা ওলালহি।
:শাৰী পিন্ধিলে তোক আৰু বুঢ়ী বুঢ়ী লাগে।
আয়ু।
:তোমাৰ চংগু মংগো দুইটাকে আনি দিছোঁ।এতিয়া মই যাওঁ।মোৰ কাম হৈ গ’ল ইয়াত।
আয়ু মাক মাত লগাবলৈ ভিতৰলৈ গ’ল।পিছে পিছে হিবা।
:সোনকালে শুই যাবা।আৰু মেহেন্দিত নামটো বেছি লুকুৱাই নিলিখিবা।
:কিয়?
:I cant waste time searching stupid name.
:Haww!
:What Haww. Now everyone knows I am shameless.
:আগতকৈ বেছি হ’ল এতিয়া।
:এক বছৰ কোনে তৰপাই আছিল?

আয়ু আমাৰ ফালে অহা দেখি দুয়োটা মনে মনে থাকিলোঁ।
:তোৰ পইচা টো তই দিবি নে অনিৰুদ্ধয়ে দিব?
:মই হে কইনা।তই হে মোক গিফ্ট দিব লাগে।
:ই আই।চেণ্টি চা।আমি মাল খাব যাম এতিয়া।বেচেলৰ পাৰ্টি।প্ৰশান্ত আৰু অমৃত ৰৈ আছে।অনিৰুদ্ধৰ পৰা খামেই, তোৰ ফালৰপৰাও খাম।পইচা দে।
:ধেই এইডাল।
দুইটা হাঁহি হাঁহি গুচি গ’ল।
বুকুখন অকণমান কৈ বিষাই গ’ল।আয়ুৰ কাৰণে উঠিছে এই বিষ।তাৰ জীৱনটো ভালপোৱাৰে উপচাই দিব পৰা কোনোবা সোনকালেই আহক তাৰ জীৱনলৈ।
সি সদায় হাঁহি এটা বান্ধি ৰাখক ওঁঠত!

দুহাতত,দুভৰিত মেহেন্দি আঁকিবলৈ মেহেন্দি আৰ্টিষ্ট আহিল।মা, শাহু মা,হিবা,নেহা, তনভি আৰু লগতে থুপুৰ মাজত বহি অনিৰুদ্ধৰ কইনা হ’বলৈ সাজু হ’লো।এনেকুৱা দিন যে একেবাৰেই নতুন মা আৰু মোৰ বাবে।মাৰ হাতত মেহেন্দি লগাই দিছে হিবাই।অনিৰুদ্ধৰ দেউতাকে আমাক মাজে মাজে খোৱা বস্তুৰ যোগাৰ দি আছে।লগতে কাইলৈৰ বাবে মণ্ডপৰ কামো চাই আছে।

হাঁহি আৰু গানৰ মাজেৰে কেতিয়া যে তিনিঘণ্টা সময় পাৰ হ’ল নাজানো।সকলোৰে লগত ডিনাৰ কৰি তেওঁলোক গুচি গ’ল।কাইলৈ ৰাতিপুৱা হলদিৰ নিয়ম কেনেকৈ কি কৰিব লাগে অনিৰুদ্ধৰ মাকে বাৰে বাৰে শিকাই দি থৈ গৈছে।
আৰু এই এটা ৰাতিত মা মই আৰু হিবা কলেজীয়া বান্ধৱী হৈ পৰিলোঁ।ৰাতি দুই বজালৈকে কথা।অনিৰুদ্ধই ফোন কৰি মোক গালি পাৰি শুবলৈ কৈছে।তাৰ পাছতো আমাৰ খিতখিতনি চলিয়েই থাকিলে।

:মাজু, মাজনী উঠ উঠ।হালধি সানিব লাগে ঐ ছোৱালী উঠ।তই যে কেলেই এনেকুৱা বাৰু।
:মা উঠা, হালধি খাব লাগে।
ন বাজিল।আৰামত তেতিয়াও শুয়ে আছোঁ মই।
তাৰ পিছত দৌৰা দৌৰি।হালধীয়া শাৰী এখন পিন্ধাই মায়ে হালধি সানিলে গোটেই গাতে।ভিডিঅ’ কলত শাহু মায়ে বুজাই আছে, পাণখন এনেকৈ লওক।এতিয়া গালত লগাওক, এতিয়া ভৰিত।
মাজে মাজে অনিৰুদ্ধই জুমি চায়, মাকে ঠেলা মাৰি দিয়ে।
নিয়ম নাই হোৱা, জমনি হে হৈছে।
থুপুৱে তাৰে হালধি অকণ চেলেকি চাই তিতা তিতা পাই চিঞৰ বাখৰ।গাত বাৰু গোটেইখন সানিলেই।
তাক দেখি হিবা হাঁহি হাঁহি পকাতে বহি দিছে।
:থুমি কেনে হাঁহিথা মোক।ধুম ধুম পিটিম।
কোঁচত বহি ল’লেহি মোৰ।মায়ে মোৰ লগতে তাকো সানি দিছে।
:ভাল খন হ’ল মাজু।
এইবাৰ মা হাঁহি হাঁহি বেহুচ।
এনেকৈয়ে আমাৰ ‘হলদি ৰচম’ শেষ হ’ল।

কোনোদিনে মেক আপৰ নামত একো কৰি নোপোৱা মই তিনিঘণ্টা বহি মেক আপ লৈছোঁ।ৰঙা লেহেংগা চ’লিযোৰ পিন্ধি দুপাত্তা খন মূৰৰ ওপৰত লৈ মাক চিঞৰি আছোঁ।
:আকৌ কি হ’ল?
:ইমান গধুৰ।উশাহ নাই পোৱা।
:তই মানুহ মাৰিবি দেই।গহনা পিন্ধাই নাই।ভাল হৈছে, অসমীয়া ল’ৰা এটা নাপালি বিচাৰি।পা মজা এতিয়া।দে হাত দে।
দুয়োখন হাতত এসোপামান খাৰু।নাকত নাকফুলি।কপালত মাংগটীকা।কমৰত কমৰবান্ধ।ভৰিত পায়েল।হাত ভৰিত মেহেন্দিৰ ডাঠ ৰঙ।
আইনাত দেখা মানুহজনী মই হয় নে নহয় বাৰে বাৰে চাইছোঁ।
:বৰ ধুনীয়া লাগিছে তোক।
:তোমাৰ সমান নহয়।
পাতল গুলপীয়া গুণাৰ কাপোৰযোৰ,সামান্য মেক আপ কৰা ধুনীয়া মানুহজনী।আজিকালি মায়ে সেন্দূৰ নলয়।ককা যোৱাৰ পাছত মায়ে দেউতাকো যেন একেবাৰেই বিদায় দিলে।
:ব’ল,সৱ ৰৈ আছে।
:থুপুক মাতি দিয়া।
:সি গ’লেই।
:আয়ুক মাতা চোন।হিবা,যা না প্লিজ, আয়ু ক’ বুলা।
মেক আপ কৰা মানুহ দুগৰাকী গুচি গ’ল।ৰূমত অকলে বহি থাকোঁতে হাজাৰটা ভাৱনাই মোক জুমুৰি দি ধৰিছে।হঠাৎ ভীষণ নাৰ্ভাছ হৈছোঁ মই।লগতে গধুৰ কাপোৰ আৰু গহনাই মোক আৰু বেছি হেঁচি ধৰিছে।
:কি হ’ল?…উই মা..তোক পুতলা টাইপ লাগিছে, ৰছী দি যে নচুৱায়।
ইমান ফোঁপাই আছ যে কি হ’ল।
:লাইটাৰ টো দে।
:কি?..তই এইবোৰ এৰিছিলি নহয়।
:আজি লাষ্ট।দে না,বহুত জৰুৰী।
দিওঁ নিদিওঁ কৈ সি পকেটৰ পৰা উলিয়াই লাইটাৰ টো মোৰ হাতত দিলে।

:কইনাই এনেকে পাফ টনা ক’ত দেখিছ?
:কিমান টেনশ্যন তই কি বুজিবি পেটুৱা।ইমান গধুৰ কাপোৰ, গহনা পিন্ধি পাইছ?
:কেনেকুৱা আধা পাগল কইনা বে তই?ল,এইটো মাৰি ল মুখত।
:বহুত নাৰ্ভাছ হৈছোঁ ৰে এতিয়া।কাইলৈৰ পৰা সৱ বেলেগ হৈ যাব ন।
পলাই দিওঁ টাইপ লাগিছে এতিয়া।মইতো ভাল ৱাইফ হ’ব নোৱাৰিম চিউৰ।কি হ’ব ন তেতিয়া?ক না কি কৰোঁ মই।
:এইফালে আহ পাগলী।
আয়ুয়ে সান্তনা দিবলৈ গৈ নিজেও নাৰ্ভাছ হৈছে।লাহেকৈ সাৱটি ধৰোঁতে সি নিজেও কঁপিছে।

থুপুক লৈ মা আহিল।সি মোক দেখি বহুত দেৰি একো কোৱা নাই।যেন চিনিয়েই পোৱা নাই।
:মা, মোক অকণমান সময় থুপুৰ সৈতে অকলে লাগে।
আয়ু, হিবা আৰু মা ৰূমৰ বাহিৰলৈ ওলাই গ’ল।
থুপুক বিছনাত বহুৱাই নিজে পকাত আঁঠু লৈ বহিলো।
:থুপু।
:উম।
:এতিয়াৰ পৰা আমাৰ লগত অনিমুনও থাকিব।কাৰণ অনিমুন আৰু মোৰ বিয়া হ’ব আজি।তাৰ পাছত আমি সদায় একেলগে থাকিম।অনিমুন তোমাৰ ‘buddy’ যে সেইকাৰণে।কিন্তু মই সদায় তোমাকে এগাল খোপা ভাল পায় থাকিম।তাৰ পাছত অকণ অকণ অনিমুনক
।হ’ব নে?
তাৰ ফুলা গাল দুখন মোহাৰি কপালত চুমা এটা খালোঁ।
আজিও সি অনিৰুদ্ধই দিয়া চুইটযোৰে পিন্ধিছে।হাতত এপাহ ৰঙা গোলাপ।গাল দুখন দৌৰি দৌৰি ৰঙা।চুলি খিনি খেলিমেলি।
:থুমি মো হে কইনা কিবা।
সি একো বুজা নাই মই জানো।কিন্তু এইকেইটা কথা তাক কোৱাটো মোৰ বাবে প্ৰয়োজন।
সাৱটি ল’লো তাক বুকুৰ মাজত।অলপো লৰচৰ নকৰাকৈ সি আজি সোমাই আছে।কি বা বুজি পাইছে!
চকু কেইটা সেমেকি আহিল তাৰ, ফেঁকুৰি উঠিছে।
:ঠিক আছে, মই তোমাৰ কইনা।মোক ধৰি ধৰি লৈ যোৱা এতিয়া, নহ’লে মই পৰি যাম নহয়।

থুপুৰ হাতত ধৰি এখোজ দুখোজকৈ আমাৰ বাবে বিশেষকৈ সজাই থোৱা ঠাইকণলৈ আগবাঢ়িছোঁ।
ফুলেৰে সজাই থোৱা ষ্টেজটোলৈ যোৱা বাটটোৰ সন্মুখত এখন ফলক
“Ananya and Abir weds Anirudh”
আনতকৈ বেলেগ আমাৰ বিয়াখন।সেইবাবে ফলক খনো ‘বিশেষ’।
অলপ আগবাঢ়ি গৈ আঁতৰত ৰৈ থকা অনিৰুদ্ধৰ পৰিয়ালৰ মানুহখিনিক দেখিলো।
সন্মুখত লাইনকৈ পাৰি থোৱা চকীত অফিচৰ সকলো আছে।টানিয়া, প্ৰশান্ত, সুৰেশ, সুভাষিণী অনিৰুদ্ধৰ নতুন টিমৰ মানুহ।
:আৰে দুলহন আ গয়ী।
পিছফালৰ পৰা অনিৰুদ্ধক দেখি উশাহ এটা ৰৈ গ’ল মোৰ।
বগা শ্বেৰৱানী যোৰৰ ওপৰত এখন মেৰুণ স্বল।ডিঙিত তেওঁলোকৰ বিশেষ অলংকাৰ।যেন কোনোবা দেশৰ ৰাজকুমাৰ।যি কেৱল সপোনত হে দেখা দিয়ে।
আৰু ঘূৰি চাই মোক দেখি একেভাগেই ৰৈ গ’ল অনিৰুদ্ধ।
আমাৰ চৌপাশৰ সকলো কোলাহল যেন মুহূৰ্ততে নাইকিয়া হৈ গ’ল।
এই ক্ষণত আছোঁ কেৱল মই আৰু অনিৰুদ্ধ, আৰু আমাৰ আকুলি বিকুলি হিয়াৰ পাৰভঙা আৱেগ।
এই এটি মুহূৰ্তৰ বাবেই যে অতবোৰ আয়োজন,দুখৰ পৰা সুখলৈ,অভিমানৰ পৰা অভিযোগলৈ,আঘাতৰ পৰা আশীৰ্বাদলৈ..
একেসময়তে ৰৈ গ’ল দুটি উশাহ..
একেসময়তে বৈ আহিল দুটোপাল চকুলো..
একেসময়তে বুকুত বাজিছে একেটি প্ৰাৰ্থনা..
আগুৱাই গৈছোঁ, এখোজ দুখোজ, দুয়ো দুয়োৰে কাষলৈ..
আৰু..
:Let’sget married.
বাওঁহাতেৰে থুপুক আৰু সোঁহাতেৰে অনিৰুদ্ধক ধৰি মই মণ্ডপলৈ আগবাঢ়িলোঁ।
কোঁচত থুপুক বহাই শিৰত সেন্দূৰ ল’লো,মঙলসূত্ৰ পিন্ধিলোঁ আৰু তাৰ হাতত ধৰিয়েই অনিৰুদ্ধৰ সৈতে ‘সাত ফেৰা’ সম্পূৰ্ণ কৰিলোঁ।
মায়ে কন্যাদান কৰি দেউতাক পাহৰাই ৰাখিলে।
‘বৰমালা’ৰ মালাডাল পিন্ধাওঁতে মোৰ সন্মুখত আঁঠুকাঢ়ি বহিল অনিৰুদ্ধ।আৰু থুপু আৰু মই দুয়োটাই ধৰি তেওঁক বৰমালা পিন্ধাই আমাৰ জীৱনলৈ আদৰি আনিলোঁ।
কাষে কাষে থাকিল হিবা আৰু আয়ু..
সকলো কাম হৈ যোৱাৰ পাছত যেতিয়া মই আয়ুৰ ওচৰলৈ গ’লো..
সি মাত্ৰ এটা বাক্য কৈ আঁতৰি গ’ল..
“সুখী হ,মই আছোঁ লগত”।
তাৰ পাছত আৰু সি মোলৈ উভতি নাচালে..!

“ভালে আছা আশাপূৰ্ণা ?”

হয়, অনিৰুদ্ধ আৰু মই কথা পাতিয়েই নিমন্ত্ৰণ কৰিছিলোঁ সেই বিশেষ অসমীয়া পৰিয়ালটোক।সকলো আহিছে, সেই মানুহজন, তেখেতৰ পত্নী, জী-জোঁৱাই।অনিৰুদ্ধৰ সৈতে কিছুদিন একেটা প্ৰজেক্টত কাম কৰা মানুহজনৰ জৰিয়তে মায়ে অতীতৰ অসমাপ্ত এটা অধ্যায় আকৌ খুলি চাব পাৰিব।

মায়ে মোলৈ চাইছে, মই অনিৰুদ্ধলৈ।

:মা, দাদা আৰু অনিৰুদ্ধ একেলগেই কাম কৰিছিল।

মায়ে নমস্কাৰ দিছে যদিও একো কোৱা নাই।মানুহজনৰ দৃষ্টি মাৰ ওপৰতে স্থিৰ।মানুহগৰাকী আৰু তেওঁৰ জীয়েকৰ লগত মই কথা পাতিছোঁ।অনিৰুদ্ধই জোঁৱায়েকক অলপ আঁতৰাই নিলে।

মোক তেওঁলোকে ইটো সিটো সুধি আছে যদিও মই মাৰ ফালেই চাই আছোঁ।দুয়োজনেই মনে মনে আছে।

:কথাবোৰ মই ধৰি থকা নাই।পূৰ্ণিমাই মোৰ জীৱনটো পৰিপূৰ্ণ কৰি পেলালে।তুমিও চাগে সুখী?মানুহজন ক’ত?

:ঢুকাল।

:অহ,কেতিয়া, বৰ দুখ পালোঁ শুনি।

:খোৱা-বোৱা কৰি লওঁক, অহাৰ বাবে ভাল লাগিল।মাজু, আলহীক খোৱাৰ ঠাইলৈ লৈ যাওঁ মই,আপোনালোক আহকচোন।

এইবাবেই এই মানুহজনী আনতকৈ বেলেগ।সুস্থিৰ।স্বাভিমানী।

যিজন মানুহৰ বাবে আজীৱন প্ৰেমৰ চাকি জ্বলাই ৰাখিলে, দেউতাক গ্ৰহণ নকৰিলে, সেই মানুহজনৰ পত্নীক আথে বেথে নি আপ্যায়ন কৰিলে, চকুত এটোপাল পানী নাই,মুখত কোনো অভিব্যক্তি নাই।

আঁতৰৰ পৰাই চাই থাকিলোঁ মাত্ৰ।


:ঘৰ ছলে?
ঘৰ!
আমাৰ ঘৰ।

চাউল ভৰ্তি কলহটো লাহেকৈ ঠেলি ফুল আৰু নানাৰঙী লাইটেৰে সজাই থোৱা ঘৰটোত সুমাওঁতে বুকুখন ধক কৰি উঠিল।সেন্দূৰ মিহলি পানীত ভৰি দুটা তিয়াই মই অনিৰুদ্ধৰ ঘৰলৈ “লক্ষ্মী” হৈ সোমাই আহিছোঁ।আগতে দুই তিনিবাৰ অহা ঘৰটোৰ সকলো বস্তু যেন মোক আদৰিবলৈ নতুনকৈ সজোৱা হৈছে আজি।
:Welcome home wifey!
কোনেও নেদেখাকৈ কাণত ওঁঠ লগাই কৈ থৈ যোৱা কথাষাৰ বুকুত বিলীন হৈ গ’ল।
দুই এটা সৰু নিয়মৰ পাছত আমাক আশীৰ্বাদ দি সকলো যাবলৈ ওলাল।
:ক’লৈ যায়?
মোৰ প্ৰশ্ন শুনি সৱেই হাঁহিছে।
আমাক আজি কোনেও ‘আমনি’ কৰিব খোজা নাই।গতিকে সকলো হোটেলত থাকিব।আগতেই সৱ ঠিক কৰা আছে।
কিন্তু..
অনিৰুদ্ধৰ ৰূমৰ ফুলেৰে সুসজ্জিত বিছনাত সকলোতকৈ আগতেই থুপু উঠি আছে।অথনিৰে পৰা সি তাতেই জপিয়াই আছিল।
মায়ে তাক যিমান বুজালেও সি নাযায়।
আৰু ময়ো যে বিচৰা নাই আজিৰ দিনটোত সি আঁতৰি যোৱাটো।
কিন্তু অনিৰুদ্ধ…
মই কিবা কোৱাৰ আগতেই..
:মা, সি আমাৰ লগত থাকিব আজি।
কি যাদু জানে অনিৰুদ্ধই?
কেনেকৈ মই কোৱাৰ আগতেই বুজি উঠে সকলো কথা।
:ঠিক আছে, আমি যাওঁ, কাইলৈ আহিম।
সকলো গুচি যোৱাৰ পাছত নতুনকৈ আকৌ কপিছোঁ মই, বিছনাত জপিয়াই জপিয়াই ভাগৰি টোপনি যোৱা থুপুৰ ওচৰত ৰৈ হিচাপ কৰি আছো এটা এটা মিনিট..
সকলোকে তলত গাড়ীত উঠাই ঘূৰি আহিছে অনিৰুদ্ধ..
দৰ্জা বন্ধ হোৱাৰ শব্দ..
টেবুলত পানীৰ বটল খুলি পানী খুৱাৰ শব্দ..
তাৰ পাছত ৰূমলৈ বিয়পি আহিছে প্ৰথম দিনৰপৰাই চিনাকি সেই বিশেষ সুগন্ধি..
আৰু নোৱাৰো..
বেলকনিলৈ খৰখেদাকৈ ওলাই গৈছোঁ..
হাতৰ খাৰু, ভৰিৰ পায়েল জুনুককৈ বাজি উঠিছে..
:কিধৰ ভাগ ৰহি হ’..?
মাজত মাত্ৰ কেইটামান মুহূৰ্ত..
নিশাৰ আকাশত গলা জোনাকৰ এমুঠি মোৰ আশে পাশে সিঁচি মোক পিছফালৰ পৰা মেৰিয়াই ধৰিছে অনিৰুদ্ধই..
গাল দুখন আকৌ পুৰিছে..কাণ দুখন গৰম..
দুটি তৰাই চাই আছে আমাক..
মোৰ বুকুৰ চিনাকি মানুহ..ককা আৰু আইতা..
খহি পৰিছে মূৰৰ দুপাত্তা..
দুয়োৰে ডিঙিত তেতিয়াও গোলাপৰ মালা..
আকাশলৈ চাই ভৰি আহিছে মোৰ বুকু.. চকু..
একো ক’ব নাই পৰা মই..
মাত্ৰ আকাশলৈ আঙুলিয়াই দেখুৱাইছোঁ অনিৰুদ্ধক..
তেওঁ কৈ উঠিল..
:কষ্ট নিদিওঁ তোমাক, কেতিয়াও।আই প্ৰমিজ ককা, আইতা।
এইবাৰ লাহেকৈ উভতি দুহাতেৰে আঁকোৱালি লৈছোঁ অনিৰুদ্ধক।
ইটোৰ পিছত সিটো কথা আহি ওঁঠত লাগি ধৰিছে, ক’ব কিন্তু একোৱেই পৰা নাই।
কিবা যেন আধৰুৱা…
আৰু আমাৰ আধৰুৱা মুহূৰ্তটো সম্পূৰ্ণ কৰিবলৈ চকু মোহাৰি মোহাৰি আগবাঢ়ি আহিছে থুপু..
:কি হ’ল সোণ?
হাত দুখন ডাঙি দেখুৱালে সি, সদায় কৰাৰ দৰেই.. কিন্তু আজি মোৰ ফালে নহয়..
অনিৰুদ্ধৰ ফালে..
তুলি ল’লে তেওঁ..
ডিঙিত মূৰ থৈ দুহাতেৰে ‘অনিমুন’ক সাৱটি ধৰিছে সি..
এটি ধুনীয়া ৰাতি.. এটা সম্পূৰ্ণ ৰাতি..
মই, থুপু আৰু অনিৰুদ্ধৰ নতুন জীৱনৰ প্ৰথম ৰজনী..
ফুলেৰে সজোৱা বিছনাত মাজত থুপুক লৈ মই আৰু অনিৰুদ্ধ..
আৰু অলেখ সপোনৰ আগজাননী…

জীৱন?অনুপম!
বন্ধুত্ব?আয়ু!
ভালপোৱা?অনিৰুদ্ধ!
সময়?অনন্য!
উশাহ?আবিৰ!

(সমাপ্ত)

42 thoughts on “#আবিৰ খণ্ড(৮৫)

  1. Ufff!! Kahini emn dhuniya hbo pre ne? Thank you so much baa for this wonderful and beautiful story. Can’t express how much I love and adore AABIR! God bless you always baa. Hope to see another beautiful story from you. Lots of love<3

    Liked by 1 person

  2. Protitu sorittyo miss krim aabirr 😭😭
    Aaku notun kahini eta pam buli aakha krilu….
    Bohut val lagil ” aabir ” porhi” ….
    Jiyai thokar jen onyo naam” aabir”

    Liked by 1 person

  3. Beautifully ended…..
    Wow baa…..
    আবিৰ কেৱল এটা কাহিনী নহয় এক অনুভৱ,
    হাজাৰজনী অনন্যা, অনিৰুদ্ধৰ জীয়া কাহিনী,
    প্ৰতিটো চৰিত্ৰৰেই যে একো একোটা নিজা বিশেষত্ব আছে, ককা ,আয়ু ,হিবা, সকলোৱে মনত খাচ পেলাই থৈ গল, কেতিয়াবা অনন্যা ৰ প্ৰেমত কেতিয়াবা অনিৰুদ্ধৰ প্ৰেমত পৰিলো, আৰু কেতিয়াবা কণমানি থুপুৰ…কেতিয়াবা অনন্যা ৰ লগতে চকুলো ও টুকিলো, কেতিয়াযেন আবিৰ অভ্যাস হৈ পৰিল গমেই নাপালোঁ…
    আৰু আজি এটা অভ্যাসৰ সমাপ্তি হ’ল…..
    শেষত আপোনালৈ বহুত বহুত মৰম❤️❤️…..

    Liked by 2 people

  4. কবলৈ ভাষা নোহোৱা হৈ গৈছে বা। ইমান ধুনীয়া কাহিনী। আন এক নতুন কাহিনী পঢ়িবলৈ আমাক অতি সোনকালে যেন সুযোগ দিয়ে বা । বহুত বহুত শুভ কামনা আপোনালৈ 💐💐

    Liked by 1 person

  5. For me the best part of this beautiful story was—“Ananya and Abir Weds Aniruddha.. “💓
    Thank you so much indranee baa for a beautiful story..will be eagerly waiting for your next..
    Lots of love.. 💓

    Liked by 1 person

  6. পঢ়ি কিমান ভাল লাগিল ভাষাৰে বুজাব নোৱাৰাম।। আপুনি সঁচাকৈয়ে অন্যান্য।

    Liked by 1 person

  7. AABIR ,ak anubhab,jiye rang sani dile protitu character t,sasakoi koboloi bhasa nai,story eman dhunia hobo pare ne,bahut besi vaal lagise logote dukhu lagise aabir end huwa babe,agoloi aku natun anubhab paboloi roi asu baa,god bless you baa.

    Liked by 1 person

  8. Abir a xosakoi jibonor rong burot aru akoman abir xani dile.. kiba ata arambhoni holei heitu xekh hoboi kintu xosake abir khon xekh eman xunkale hua tu bisora nasilu… Abir porhute proti tu soritrok a anubhov korisilu.. abire bohu kothai a xikale ananya soritro tu r pora jibon juja r xahokh dile,aniruddh or pora xosa valpuar artho xikale.. toka poisa thoka r pisot u j manuh morom valpuar obihone xukhi hobo nuware takei xikale.. ending tu u eman dhuniya k korile.. xosakoi miss korim,specially thupu character tuye eman Morom logaisil..
    Aagoloi jen aru enekua notun notun kahini porhibole Pau tare akha rakhilu ..

    Liked by 1 person

  9. Abir a xosakoi jibonor rong burot aru akoman abir xani dile.. kiba ata arambhoni holei heitu xekh hoboi kintu xosake abir khon xekh eman xunkale hua tu bisora nasilu… Abir porhute proti tu soritrok a anubhov korisilu.. abire bohu kothai a xikale ananya soritro tu r pora jibon juja r xahokh dile,aniruddh or pora xosa valpuar artho xikale.. toka poisa thoka r pisot u j manuh morom valpuar obihone xukhi hobo nuware takei xikale.. ending tu u eman dhuniya k korile.. xosakoi miss korim,specially thupu character tuye eman Morom logaisil..
    Aagoloi jen aru enekua notun notun kahini porhibole Pau tare akha rakhilu ..

    Liked by 1 person

  10. আবিৰ পঢ়িবলৈ কৰা অপেক্ষাবোৰৰ অন্ত পৰিল আজি, অনন্যাৰ সুখবোৰ দেখি আনন্দত হৃদয়খন উঠলি উঠিছে, পিছে আজিৰ পৰা উৰুঙা উৰুঙা লাগিব |আবিৰ যেন জীৱনৰ লগত সমপৰ্যায়ত চলি যোৱা এমোকোৰা ভাললগা অনুভৱ আছিল|আশা কৰোঁ বা আপুনি সোনকালেই আহিব আমাৰ মাজলৈ আকৌ এটা নতুন কাহিনী লৈ|

    Liked by 1 person

  11. কিয়নো শেষ কৰিলে !! 😦
    আবিৰৰ এটা এটা খণ্ডৰ বাবে কেনেকৈ যে ৰৈ আছিলোঁ‌ !!

    Liked by 1 person

  12. আবিৰ!!…কি মায়া সানি‌ থৈ গ’ল বা….সমাপ্তি কেৱল শব্দৰ হে হৈছে; সদায় জিয়াই থাকিব আবিৰৰ প্ৰতিটো চৰিত্ৰ, বন্ধুত্ব, ভালপোৱা, মমতা, জীৱনৰ প্ৰতিটো অনুভৱৰ মাজত…. অশেষ ধন্যবাদ আপোনাক বা এই অমূল্য উপহাৰটিৰ বাবে..বহুত মৰম আৰু শুভেচ্ছা আপোনালৈ❤️

    Liked by 1 person

  13. বৰ বিশেষ লিখিবলৈ হয়টো মোৰ আৰু শব্দৰ মাজত ঘনিষ্ঠ তা টো অলপ কম , কিন্তু মনৰ জটিলতা ,নিৰাশা , আশা , প্ৰেম, চেনেহ আদি বোৰ বুজিবলৈ মোৰ এই কাহিনী টোত একো ৰে বাকী নাথাকিল ❤️
    এটি জীয়া কাহিনী হেন কোনোবা খিনিত বহুত অস্থিৰো কৰিলে ইয়াৰ প্ৰতিটো চৰিত্ৰই !🥰
    নতুন কৈ জীয়াই তোলা অনন্যাক আৰু তেওঁৰ প্ৰাণ পাই উঠা জীৱনটো ক লৈ বহু আনন্দিত হলো ।।
    আশা কৰোঁ আকৌ এবাৰ আপোনাক লগ পাম, অন্য এক জীয়া কাহিনীৰ আঁৰত 🥰❤️
    অলেখ শুভ কামনা থাকিল, ধন্যবাদ বাইদেউ❤️ আপোনাৰ দীৰ্ঘ আয়ু কামনা কৰিলোঁ

    Liked by 1 person

  14. Bht vl lgil kahi ni tu🥰miss korim অনন্যা অনিৰুদ্ধ আৰু আবিৰ🥺🥺. Akou akk notun kahin or opekhat bidaii jonalu😌😘

    Liked by 1 person

  15. অৰ্ণৱ আৰু আস্থাক চোৱাৰ হেপাহ মোৰ এতিয়াও আছে কিন্তু আৰু এটি হেপাহ আজি দুগুণে বাঢ়িল অনন্যা অনিৰুদ্ধক চোৱাৰ উফ! বা আৰু অলপ দীঘল কৰিব নোৱাৰি নে কাহিনীটো । অৰ্ণৱ আস্থা মই hostelত ৪বাৰতকৈও অধিক পঢ়িলো । এতিয়া এটাই অপেক্ষা এইখন কেতিয়া ছপা হয় । ধন্যবাদ ইন্দ্ৰানি বা ♥️♥️♥️

    Liked by 1 person

  16. I have no words to expressd ..💕♥️.. what a mind blowing story 💞 .. l am waiting for your next beautiful story. ❤️ .. and keep writing such type of amazing story 👍💕 .. lots of love from me❤️♥️ ..

    Liked by 1 person

  17. আয়ুৰ দৰে বন্ধু এজনৰ জীবনত অত্যন্তই প্ৰয়োজন। 🥺♥ এটা কথা ফুটি উঠিছে যে ল’ৰা – ছোৱালী কেতিয়াও বন্ধু হ’ব নোৱাৰে হিহি 😁❤ সিহঁত দুটা বন্ধু হৈয়ে থাকিল বাৰু কিন্তু আয়ুৰ মনত এটা অনুভৱ ৰৈ গ’ল। আমাৰ মাজত প্ৰায়েই এনে দেখিবলৈ পাওঁ। 💕🥀 অনিৰুদ্ধৰ দৰে জীৱন সংগী প্ৰতিজনী ছোৱালীয়ে বিচাৰে…. ❤❤ থুপুৰ দৰে গুলো-মুলু ❤ উফ্ফ্ফ্!💓
    ইমান যে ভাল লাগিল 🥺🥀❤

    Liked by 1 person

  18. Prothom dinar porai pohi ahisu …hosak ek hundor upostapan aru ata hundor kahini…Mon Sui jua kahini.. heikrne Ami ketya o jibonr logt har manibo nalage..kio nu jibon je ek sristhi ..

    Liked by 1 person

  19. Thankyou baa for giving us a beautiful gift like “Aabir”…. Bht miss krim 😔 Aabir prhatuo j daily life r part hoi goisil iar proti tu character a feel kribo parisilu ❤️lots of love to u baaa🌺

    Liked by 1 person

  20. Last khondo…bht miss korim Aabir helh t kandisu ru hahisu najanu kio…emn val lagisil Indranee ba 2mi hosai bht dhunia likhila moi pgl joi goisu aikhn pohi emn dhunia kahini…ko kom aku vabi pua nai…protitu hobdoi sui gol muk❤❤❤

    Liked by 1 person

  21. Ufff….. vakha bihin moi.. ajir pra 2pni jble ako sleeping tab lb lgb
    .. abire otodine tar kam kri asil…
    Book hisape pam buli akha krilu hnkle…❤❤❤

    Liked by 1 person

  22. আবিৰৰ ৰঙেৰে ৰঙীন হওঁক সকলোৰে জীৱন। আবিৰৰ প্ৰতিটো চৰিত্ৰ ইমান সুন্দৰকৈ
    উপস্থাপন কৰিছে এনেকুৱা লাগে যেন বাস্তৱতহে যেন প্ৰত্যক্ষ কৰি আছো।
    কাহিনীটোৱে অন্তৰ চুই গ’ল। প্ৰতিটো মূহুর্ত ইমান সূক্ষ্ম আৰু স্পষ্ট ভাৱে
    উপস্থাপন কৰিছে সচাকে আপ্লুত হলো। অনাগত দিনত আৰু নতুন কাহিনী পঢ়িবলৈ পাম
    বুলি আশা থাকিল।

    Liked by 1 person

  23. “Aabir” okol eta kahini nohoi.. bastob jibon’t jetia kunuba ejoni Ananya hari jaye tetia ene bur jiya kahini e pran paye.. okol eta kahinire manuhok jibon’r, bhalpua’r aru xomporkor gurutto bujai dise apuni… Xokolu hekh kori dibo ulua manuh ejonok u je okoman bhalpua okoman moromere jiyai tulibo pari… Bohutt bohutt dhoinnobaad Baa ❤️ agoloi u enekua dhuniya kahini pam buli akha korisu… “Arnab Asthar” pora “Anirudh Ananya” loike bohute bhal pabo xikise.. jiyai thakibo xikise aru jiyai rakhibo xikise ❤️❤️ love you 🤗❤️

    Liked by 1 person

  24. বা কব একো শব্দ নাই। অনন্যা জীৱন কাহিনী য়ে বহুতক প্ৰেৰণা দিব জীৱনত ।আয়ু বন্ধুত্বয় প্ৰকৃত বন্ধুত্ব কেনোকা হয় তাকে বুজালে। আয়ুৰ কাৰণে বেয়াও লাগিল । অনিৰুদ্ধ নিচিনা জীৱন সংগী সকলো ছোৱালী বিচাৰে আবিৰ পঢ়ি মই অনিৰুদ্ধ প্ৰেমত পৰিছো বা ইমান ভাল কিয় তেওঁ। থুপু 😍 কি কম তাৰ কথা ❤️। বাকী বা আপোনাৰ বহুত ধন্যবাদ ইমান ধুনীয়া story এটা দিয়া বাবে । আবিৰ বহুত miss korim baa আপোনাৰ অনাগত লিখনি সোনকালেই পঢ়াৰ আশা থাকিল বা love you ❤️

    Liked by 1 person

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s