:তুমি এবাৰ তেওঁক লগ কৰি লোৱা,প্লিজ।
মা আচৰিত হ’ল।
:কাক?
:অথনি যে ফটো..মানে এলবামত যে
:চুপ,একদম চুপ।এইবোৰ ধেমালি বুলি ভাবিছ নেকি মাজু।তোৰ এই যি মন যায় যেতিয়াই মন যায় কৈ দিয়া, কৰি দিয়া স্বভাৱটো এৰ।
:নেৰোঁ, কিয় এৰিম।তুমি জানো নিজৰ জেদ এৰিছা?সলাব পৰিছা নিজকে?দেউতাক ভাল পাব পাৰিছা?ভাল বোৱাৰী, ভাল মা, ভাল পত্নী হোৱাৰ অভিনয় কৰিব পাৰিছা?নাই পৰা।সৱেই নোৱাৰে।অন্ততঃ তোমাৰ মোৰ দৰে মানুহে কেতিয়াও নোৱাৰে।
মা অলপ পৰ থৰ লাগি ৰ’ল।থুপু মোৰ কোলাৰ পৰা নামি দৌৰি গৈ হোটেল ৰূমৰ ইণ্টাৰকমটো টিপিবলৈ লাগিল।বিছনাৰ এটা কোণত বহি পৰিল।সন্মুখৰ দুজন বহিব পৰা চোফাখনত মই।মায়ে মোবাইলটো উলিয়াই কিবা খুঁচৰি আছে।একো নাইকোৱা।মোৰ ফোনত অনিৰুদ্ধৰ মেছেজ,”অলপ আগতে ৰৈ আছোঁ’।
মায়ে একো নোকোৱা দেখি ময়ে মাক ক’লো।সেই মানুহজনৰ জোঁৱায়েক যে আমাৰ অফিচতে কাম কৰে।মই কিবা কৰি অফিচৰ ইণ্টাৰনেল চাইটৰ পৰা ফোন নম্বৰ পাই যাম।
:ফোন কৰি কি বুলি ক’বি?
এইবাৰ মোৰ ওচৰত একো উত্তৰ নাই।সেইয়া মইতো ভবাই নাই, কি বুলি কম?ঠিকেই কৈছে মায়ে।কিছুমান কথাৰ কেৱল মাজৰখিনি হে আমি জানো,আৰম্ভণি আৰু শেষ ক’ত হ’ব কেনেকৈ হ’ব সেইয়া আমি নাজানো।
আনকি আমি ভাবিবও নোৱাৰোঁ, আঁত হেৰায় বাৰে বাৰে।
:নালাগে মাজু,থাকক এইবোৰ কথা।মোক আৰু বেছি দুখ হে দিব চাগে এইবোৰে।ভয় লাগে।আচলতে মই নিজে কি ক’ব খুজিছোঁ সেইটোহে মই জানো।কি শুনিব বিচাৰিছোঁ সেইটো নাজানো।যদি তেওঁ কয়,তেওঁ এতিয়া খুব সুখী পত্নীৰ সৈতে।তেতিয়া মই ঈৰ্ষাত জ্বলিম।কাহানিও সুখী নোহোৱা নিজৰ সংসাৰ খন তেওঁৰ লগত তুলনা কৰিম।আকৌ যদি তেওঁ কয় তেওঁ খুব অসুখী।তেতিয়া মই অপৰাধবোধত মৰিম।কি কৰিলোঁ,কিয় কৰিলোঁ সেইখিনি আকৌ ভাবি ভাবি জ্বলিম।দুফালৰপৰাই মোৰ সুখ নহয় মাজু।মই খোলাত জীয়াই ভাল পোৱা মানুহ।এনেকৈয়ে থাকোঁ দে।উদাৰ মন এটা ক’ৰপৰা বিচাৰি আনিম এতিয়া?ভাল মানুহ হৈ সকলোকে মাফ কৰি মহান কেনেকৈ হ’ম এই আদবয়সত!কথাবোৰ ক’বৰ ইচ্ছা আছে,কিন্তু একো শুনিবৰ ইচ্ছা নাই মোৰ।তোৰ দেউতাৰ লগত মিলি সংসাৰ কৰিবলৈ মই চেষ্টা নকৰা নহয়।কৰিছিলোঁ।কিন্তু মানুহটো নিজেই অসুখী।ভিতৰি খালি।একো নাই।বাহিৰটো ৰংচঙীয়া কৰি থয় ধুনীয়াকৈ।ময়োতো তেনেকুৱাই হৈ গৈ আছিলোঁ,যেতিয়ালৈকে এটা এটাকৈ বস্তুবোৰ হেৰাই যোৱা নাছিল,তেতিয়ালৈকে ময়ো একেই আছিলোঁ।তোৰ লগতো জানো কম অন্যায় কৰিলোঁ মই?সেইকাৰণে এতিয়া ভূগিব দে মোক।এনেকৈয়ে থাকিব দে।নিজৰ দুখৰ বোজা আনক জাপি নিদিওঁ আৰু এতিয়া।থাকক নিজৰ লগতে।
:আশান্তিত থাকি ভাল পোৱা?অভ্যাস কৰি লৈছা?
:সুখৰ লগত,দুখৰ লগত মানুহে অভ্যাস এটা গঢ়ি লয়েই।
:হমম।
:গধূলি হ’ল।যা ককাই চিন্তা কৰিব।কাইলৈ দেওবাৰ নহয়,মলবোৰত ভিৰ বেছি হয় নেকি?
:সন্ধিয়া সময়ত হয়,দুপৰীয়া গ’লে ভিৰ নোপোৱা।কি কিনা নো?
:তই এইবোৰ কাপোৰ পিন্ধি ঘূৰি ফুৰ।ময়েই দেখি বেয়া পাইছোঁ।ওলাবি মোৰ লগত।
:এইটোনো কি বেয়া,কটন হয়,ভালেইটো।
:তই নালাগে দে লগত যাব।ময়েই আনিম,মিডিয়াম ৰাইট?
:হমম।
থুপুয়ে এইবাৰ আহি মাৰ ওচৰ পালেহি,কিবা এটা ক’বলৈ চেষ্টা কৰিছে।ভালকৈ বুজা নাই যদিও অনিৰুদ্ধৰ কথাই যে কৈছে বুজি পাইছোঁ।মায়েও কিবা এটা বুজিলে।
:কিবা ক’বি মাজু?
:তেনেকুৱা একো নাই।মানে..
:ককাই কৈছিল,অনিৰুদ্ধ নামটো?
ইফালে দেখিবই নোৱাৰে,কিন্তু সেইকন সময়তে মোৰ গোটেই কাহিনী শুনাই দিলে ককাই।এতিয়া আৰু লুকুৱাই লাভ নাই।
:হয়।
:সৱ জানে সি?তোৰ কথা,থুপুৰ কথা,আমাৰ ঘৰখনৰ কথা?
:জানে।
:অসমীয়া ল’ৰা এটা বিচাৰি নাপালি?হিন্দী ক’ব লাগিব এতিয়া সৱেই।
মায়ে হাঁহি দিলে।হাঁহিলে মাক ইমান ধুনীয়া লাগে।মানুহ ইমান ধুনীয়া হ’ব পাৰে নে?আজিৰ এই হাঁহিটো যেন সদায় কাৰণে সাঁচি থৈ দিম।
:মইতো তোৰ মা নহয়,বন্ধু হে।কৈ দে কি আছে।গোসাঁইটো তুমি আইচক্ৰীম খাবা?
মায়ে তাক গোসাঁইটো বুলি মাতে।বুকুখন ভৰি গ’ল মায়ে তাৰ কাৰণে আইচক্ৰীম অৰ্ডাৰ দি তাক ব্যস্ত ৰাখিলে।মই যিমান পাৰোঁ আমাৰ মাজৰ কথাবোৰ অলপো লুকঢাক নৰখাকৈ কৈ গৈছোঁ।শুনি আছে একান্ত মনে।একো নাইকোৱা।মায়ে বুজিছে নে বাৰু আমাৰ কথাবোৰ?
হঠাৎ মোক আচৰিত কৰি মায়ে এটা অদ্ভুত কথা সুধি পেলালে
:আয়ুয়ে দুখ নাই পোৱা?
:আয়ু???আই মিন সি আকৌ কেলেই দুখ পাব?
:সি তোক ভাল পাওঁ বুলি নাইকোৱা আজিলৈকে?আচৰিত।
ইয়াত আচৰিত কি আছে?
:ধেৎ কি কোৱা মা।সি মোক যে ভাল নাপায় আৰু।তাৰ এতিয়ালৈকে ধেৰ গাৰ্লফ্ৰেণ্ড হ’ল জানা।এতিয়া তো সি মোৰ আগৰ ৰূমমেট জনীৰ প্ৰেমত বলিয়া।কি সাংঘাতিক মৰমলগা ছোৱালী মা।কিন্তু লগ হে নাপাবা।তাই ঘৰলৈ গৈছে।আয়ুয়ে তাইক ভাল পায়।মই জানো নহয়।
:হয় নেকি?তোৰ আগত কি কয় তাইৰ কথা?তাইৰ লগত কি কথা পাতে, ক’লৈ ফুৰিবলৈ যায়,কি খায় সেইবোৰ কয় নে?
নকয়।নাইকোৱা কেতিয়াও?কিন্তু কিয় নকয়!!!!!!
:মাজু,তোৰো কেতিয়াও ভাল লগা নাছিল তাক?
:তাকতো মই বহুত ভাল পাওঁ মা।কিন্তু সেইয়া প্ৰেম নহয়।কেতিয়াও নাছিল।থুপুৰ কাৰণে মোৰ যেনেকুৱা মৰম,ঠিক তেনেকুৱাই।সেইটো এটা পাগল।মস্ত অঁকৰা।একো নাজানে দুনীয়াৰ কথা।
:ঠিকেই আছে তেন্তে।তই যা এতিয়া।দেৰি হৈছে।
:সিটো কথাৰ উত্তৰ নিদিলা যে?
:কোনটো কথা?
:অনিৰুদ্ধই দিয়া প্ৰস্তাৱটো?কি কৰোঁ মই?মিছা কথা কৈ জানো ইমান ডাঙৰ ডিছিচন লোৱা উচিত?আইতাকে যদি পিছত গম পায়?
:প্ৰেক্টিকেল হ মাজু।বৰ বেছি আদৰ্শ,সত্যৰ দোহাই দি নিজৰ মূৰটো নাখাবি।বয়সস্থ মানুহ এইবোৰ কথা নুবুজে।শান্তিত মৰিবও নোৱাৰিব।যি মিছা কথাই মানুহক অপকাৰ নকৰে,সেইয়া কোৱাত আপত্তি ক’ত?
:তাৰমানে মই মিছা কম?
:ভাবি ল নিজেই,মইনো কি ক’ম।নিজৰ জীৱনেই সুস্থিৰ নহয়,উপদেশ দিওঁ কেনেকৈ?
:হমম।যাওঁ দিয়া।কাইলৈ আহিবা এপাক।
:সন্ধ্যা আহিম, দিনত কাম আছে।
:ঠিক আছে।
থুপুয়ে আধা খাই আইচক্ৰীম খিনি গ্লাছৰ বাতিটোতে থৈ দিছে।যাবলৈ ওলাওঁতে লৈ যাব সেইটো।তাৰ নতুন ফ্রেণ্ড মানে অনিৰুদ্ধলৈ।মাক বুজাইছে গাড়ীত ৰৈ আছে, সি সেইখিনি নি দি দিব।নহ’লে বেয়া পাব হেনো তাক।মায়ে মোলৈ চাই হাঁহিছে।
তাক বুজাই বঢ়াই লৈ আনিলোঁ।হাততে অকণ তথাপিও লৈহে এৰিলে।গোটেইখন গলি শেষ হৈছে।দুয়োখন হাত ইখনৰ ওপৰত সিখন দি গলি যোৱা আইচক্ৰীম কণ লৈ আহি আছে ।কোঁচত নুঠে।কেনেবাকৈ পৰি যায় বুলি।উপায় নাপায় অনিৰুদ্ধক ফোন কৰি মাতি দিছোঁ ওচৰলৈ।
হোটেলৰ পৰা ওলায়েই অনিৰুদ্ধক দেখি যিটোহে দৌৰ দিলে, গোটেইখিনি মাটিত পৰি থাকিলে।মনটো তাৰ সেমেকি গ’ল।সেইখিনিতে ৰৈ লৈ মোৰ ফালে চাই আছে ।
বেচেৰাটো!
অনিৰুদ্ধই বুজি পোৱা নাছিল।মই কোৱাত তাৰ হাতত লাগি থকাকণ হাতেৰে চুচি খাই দিলে।আৰু মোৰ থুপু তাতেই সুখী।
নিজেও নিজৰ হাতখন চেলেকি চালে।আৰু তাৰ পিছত হাতখন চোলাটোত মোহাৰি থৈ দিলে।
তাৰ মানুহৰ প্ৰতি মৰম আছে, আত্মীয়তা আছে।ভগাই খাব লাগে বুলিও জানে।
ঘূৰি অহা বাটত অনিৰুদ্ধই মাথোঁ সেইটো কথাই কৈ থাকিল,যে থুপু আৰু তেওঁৰ বণ্ডিং হৈছেই, এতিয়া আৰু একো চিন্তা নাই।
আৰু মোৰ মনত এটা নতুন চিন্তা।
মায়ে আয়ুৰ কথা তেনেকৈ কিয় ক’লে?????
দেওবাৰৰ সন্ধিয়াবোৰ এতিয়া আগৰদৰে নহয়।ককাই তলৰপৰা নিজে চিংৰা কিনি আনিছে।তৰাই থুপুৰ কাৰণে খোৱাৰ যোগাৰ কৰিছে।আয়ুয়ে মোবাইলত পাবজি খেলিছে আৰু থুপু তাৰ কাষতে বহি সেইয়া চোৱাত ব্যস্ত।কিন্তু আয়ুক মই আজি ফোন কৰাও নাই, মতাও নাই।নিজেই আহিছে ।দুপৰিয়াতে অহা।আগতে এইবোৰ মই কেতিয়াও ভৱা নাছিলোঁ।কিন্তু কালি মাৰ লগত কথা পতাৰ পাছত মূৰত কিবা কিবি কথা কিছুমান পাক খাই ঘূৰি আছে।
মা আহি দেখিলে আকৌ বা কি কয়?
:আয়ু।
:কি?
:হিবা কেতিয়া আহিব?
:নাজানো,আজিকালি ফোন নুঠায় মোৰ।
:কি?তই মোক নাই কোৱা যে?তহঁতৰ কাজিয়া হ’ল?
:তোক কেলেই?মই তোক সুধো নেকি অনিৰুদ্ধৰ কথা।
মনে মনে থাকিলোঁ।এনেকুৱা উত্তৰেই পাওঁ মই সদায় তাৰ পৰা।পোনকৈ একো নকয়েই।আজিও বেলেগ নহয়।হাতত গৰম চিংৰা আৰু জেলেপী লৈ ককা সোমালহি।মুখ হাত ধুই ধূপ ধুনা লগালে।তেনেকুৱা সময়তে হাতত বেগ এসোপা লৈ মা আহি সোমালহি।গোটেইবোৰ পেকেট মোলৈ দি এটা সৰু পেকেট এটা আয়ুক দিলে।
মইহে নালাগে সৱেই আচৰিত হৈছোঁ।
সি পেকেট খুলি পাৰ্ফিউমৰ বটল এটা উলিয়াই আনিলে।
:এইটো মোক দিছে?
:উম।
:ঐ এইটো কি লিখিছে?চেনেল?
:শ্যেনেল।চেনেল নহয় গৰু।
:ফটা লেবেল মাৰিছ?তহঁতি যিটো চ’ন পাপৰি বুলি খাৱ,আমি সেইটোকে ঘোঁৰা গোবৰ বুলি খোৱা মানুহ।এইবোৰ নাম নুফুটিবই ন মুখত।বাহ, মজা গোন্ধাইছে,এইটো লগালে আৰাম ছে পোন্ধৰদিন চলি যাব গা নোধোৱাকে।
:য়াক,ছি আয়ু।
তাৰ পাছত গোটেইকেইটা বহি চিংৰা আৰু জেলেপীৰ সৈতে চাহ খালোঁ।মায়ে গ্ৰীণ টি খালে।পেকেটবোৰৰ মাজৰ পৰা ককাৰ কাৰণে এযোৰ খুব কোমল জোতাও ওলাল।মৰ্নিং ৱাকত যাওঁতে পিন্ধিবলৈ আনিছে।নিজে কেতিয়াও নিদিয়ে।ময়ে দিলোঁ ককাক।আগ্ৰহেৰে পিন্ধি মাক দেখুৱালে।কথাবোৰ এনেকৈয়ে সহজ হৈ থাকক সদায়।
:মোনে কি আনিছা?
মায়ে হেণ্ডবেগৰ পৰা উলিয়াই তাক চকলেট এটা দিলে।সি সেইটো অকণ অকণ টুকুৰা কৰি ভগাই খাইছে।
মা যাবলৈ ওলাল।এনেকুৱাতে ফোন বাজিল।ফোনটো ধৰি মাৰ মুখৰ ৰং বাৰে বাৰে সলনি হৈছে।
:কি হৈছে?
ককাৰ মুখত চিন্তাৰ ৰেশ।
মায়ে ফোনটো ককালৈ আগবঢ়াই দিলে।
:কি হৈছে বাহাদুৰ?এতিয়া সি ক’ত?
নিচাৰ জালত গাড়ী চলাই এক্সিডেন্ট হৈছে দেউতাৰ।নিজে বেছি দুখ পোৱা নাই যদিও ৰাস্তাৰে খোজকাঢ়ি যোৱা মানুহ এজনক বেয়াকৈ খুন্দিয়ালে।এতিয়া ঘৰত বাগানৰ মানুহৰ উৎপাত।দেউতা হস্পিতালত।ঘৰত অকল বাহাদুৰ।ভয়তে মালৈ ফোন কৰিছে।
:ককা মোক দিয়া ফোনটো।
মা আৰু ককা আচৰিত হ’ল।ফোনটো লৈ বাহাদুৰক ক’লো বাহিৰত থকা মানুহখিনিৰ এজনক দিবলৈ।
:আমাৰ ঘৰটো ভাঙিলে আপোনালোকৰ মানুহজন ভাল হৈ যাব নেকি?ডিব্ৰুগড়লৈ লৈ যাওক।খৰছ আমি দিম।লগতে পৰিয়ালক বেলেগ সহায় লাগিলেও কৰিম।আৰু দোষী মোৰ দেউতা হে।ঘৰটো মোৰ ককাৰ।সেইটো প্লিজ নাভাঙিব।
মানুহজনে গালি শপনিৰে থকা-সৰকা কৰিছে,শুনি আছোঁ ধৈৰ্যৰে।এসময়ত শান্ত হ’ল।আঘাত পোৱা মানুহজনৰ সকলো দায়িত্ব ল’লো।
:মা,কাইলৈ তুমি গৈ মানুহঘৰলৈ যাবা।পইছা দিয়াৰ লগতে সদায় খবৰ ৰাখিবা।মেণ্টেল চাপোৰ্ট দি থাকিবা।আৰু খেয়াল ৰাখিবা যাতে এইটো মেটাৰত কোনোবা থাৰ্ড পাৰচন সোমাই লৈ বেলেগ ৰূপ নিদিয়ে।মানুহখিনি অলপ বেছি ইমছ’নেল।
:কৈছিলোঁ নে বোৱাৰী, আমাৰ এই পাৰিব।মই ভুল সিদ্ধান্ত নাই লোৱা বুজিছা।
হুমুনিয়াহ এটা কাঢ়ি মা ওলাই গ’ল।মানুহজনীৰ চিন্তাবোৰৰ অন্ত পেলাব পাৰিম নে মই???
:দাদাক কৈছোঁ,সি গৈছে মানুহ ঘৰলৈ।তোক ফোন কৰিব ৰাতি।মই যাওঁ।মোৰ লগতে ব’লক খুড়ী।মই নমাই থৈ আহিম।
একেলগে দুইটা ওলাই গৈছে।
মানুহবোৰ কাষ চাপিছে লাহে লাহে।
(আগলৈ)
ৰ’ৱ নোৱাৰা হৈছো আৰু ।পিছৰ খণ্ডটোও যাতে সোনকালে দিয়ে বা।
LikeLike
Val lagil . interesting.
LikeLike
🤤😂😂…..I have been waiting since yesterday 💃.
I wish I could read the whole Nobel together 😂. It is amazing. Thank you very much for entertaining us during this critical time. 💃💃💃
LikeLike
ভাল লাগিল বা……
পিছৰ খণ্ডটিলে আকৌ অপেক্ষা ❤️❤️❤️…….
LikeLike
Vl lgise pohi..hidai roi thku nxt episode krne….akow hnkle dbo baa..
LikeLike
plz dont complicate with aayu .
LikeLike
ভাল লাগিল বা,💛💛💛
LikeLike
❤️❤️❤️😌🥀
LikeLike
❤️❤️❤️❤️
LikeLiked by 1 person
😍😍❤️
LikeLike
Waiting…
LikeLike
Please don’t make it complicated with Aayu.Aayu represents, boys and girls can be friends forever.
LikeLike