#আবিৰ খণ্ড (৬৩)


তেওঁৰ চুলিৰপৰা এটোপাল পানী টুপকৈ মোৰ গালতে পৰিল।বডী ৱাছৰ সতেজ সুগন্ধি বিয়পি পৰিল মোৰ ভিতৰলৈকে।
বহুত বেছি দিনো হোৱা নাই তথাপিও যেন এটা যুগৰ মূৰত মই আকৌ লগ পাইছোঁ তেওঁক।
:I missed you to Anirudh.
হঠাৎ তেওঁৰ পিঠিত থকা মোৰ হাতখনৰ ওপৰত কোমল স্পৰ্শ এটা অনুভৱ কৰিলোঁ।নিজৰ সৰু হাতখনেৰে থুপুৱেও আঁকোৱালি ল’ব জানিছে অনিৰুদ্ধক।
অলপ পাছত আৰু এটোপাল পানী পৰিল।চেঁচা নাছিল,চকুপানীৰ কুহুমীয়া পৰশ।
মূৰ তুলি চালো, তেওঁৰ ধুনীয়া চকু দুটা উপচি আছে।মই কিবা কোৱাৰ আগতেই
:থুমি কেনে কানিছা?
:Am not crying buddy.Come!
ভিতৰলৈ সোমাই গ’লো।

:বহা।মই আহি আছো ৰ’বা।
অনিৰুদ্ধই আমাক এৰি তেওঁৰ শোৱাৰূমলৈ গ’ল।চোফাত গৈ দৌৰি উঠিল থুপু।যেন আগতেও আহিছে সি ইয়ালৈ।অলপো কাৰোলৈ ভয় নাই তাৰ।চেণ্টাৰ টেবুলত তেতিয়াও পিজ্জাৰ পেকেট আছেই।কাষতে এটা ডায়েট ক’কৰ কেন।থুপুৱে পোনেই সেইটোকে ধৰিলেগৈ।হাতৰ পৰা টানি আনিলো।মই সেইটো ডাষ্টবিনত পেলাই পাকঘৰৰ পৰা আহোঁ মানে কোন টলকত গৈ সি অনিৰুদ্ধৰ ৰূম পালেগৈ গমেই নাপালোঁ।মই আগতেও এবাৰ এইটো ঘৰলৈ আহিছোঁ যদিও হলটোৰ দুয়োফালে থকা ৰূম দুটালৈ সোমোৱা নাছিলোঁ।কীটছেন, বেলকনি আৰু হলটোৰ বাহিৰে একো দেখা নাই।এতিয়া থুপুৱে বা কি কৰি দিছেগৈ ভিতৰত গৈ।যাওঁ নাযাওঁ কৈ ৰুমটোৰ দুৱাৰমুখতে ৰ’লো।ডাঙৰ বিচনা খনত বেগৰপৰা ওলোৱা কাপোৰ,দুখন কিতাপ,অন হৈ থকা লেপটপটো তেতিয়াও খেলিমেলি হৈ পৰি আছে ।বিছনাৰ কাষত এখন ষ্টাডি টেবুল আৰু এখন হুইলিং শ্বেয়াৰ।ৱালত কিছুমান motivational quote ব্লেক এণ্ড হোৱাইটত ফ্ৰেম কৰা আছে।এটা ডাঙৰ ফ্ল’ৰ লেম্প।ৰূমটোৰ শেষত এখন সৰু বেলকনি। ৰূমৰ আনটো কোণত থকা ডাঙৰ মিৰ’ৰ খনৰ সন্মুখত সেইয়া অনিৰুদ্ধ আৰু থুপু।অনিৰুদ্ধৰ গাত এতিয়া টি চাৰ্টটো নাই।টাৱেল খন লৈ চুলি টুকি থকা অনিৰুদ্ধক থুপুৱে বাৰে বাৰে কিবা কৈ আছে।কিন্তু কি লাগে তাক?
অলপ পিছত দেখিলোঁ হেয়াৰ ড্ৰায়াৰটো লৈ দুইটা ব্যস্ত।অনিৰুদ্ধই থুপুৰ ফালে সেইটো পোনাই দিলে সি খিলখিলাই হাঁহে।বহুতদেৰি চাই থাকিলোঁ মই।এইয়া সঁচা নে সপোন?
ইমান ভাললগা দিঠকত সম্ভৱনে?
ইমান ধুনীয়া মুহূৰ্ত সঁচাকৈ থাকেনে?
:মাইই কো কই দিয়া ,ফু কই দিয়া।
থুপুৱে মোক দেখি চিঞৰি উঠিল।দৌৰি আহি মোৰ ওচৰ পালেহি।
সাংঘাতিক লাজ পালোঁ।কিন্তু অনিৰুদ্ধই একোৱেই যেন হোৱা নাই ভাৱত মোলৈ চাই আছে।
:Come dear Mumma.
বুকুখন ধক কৈ উঠিল।
থুপুৱে এতিয়াও মোক ‘মা’ বুলি মতা নাই।কিন্তু অনিৰুদ্ধই ধেমালিৰ সুৰতে কোৱা কথাটোৱে মোক জোকাৰি দিলে আকৌ এবাৰ।মোৰ হাতত ধৰি টানি টানি নি থুপুৱে অনিৰুদ্ধৰ ওচৰ পোৱালে গৈ।
:ফু দিয়া ,ফু দিয়া।
:দিওঁনে?
এবাৰ থুপুৰ চকুলৈ আৰু এবাৰ অনিৰুদ্ধৰ চকুলৈ চালোঁ।একেই দুষ্টামি, একেই সৰলতা।তিৰবিৰাই আছে।চুলিৰ ক্লিপডাল তেওঁ নিজেই খুলি দিলে।এজাক গৰম বতাহে কোবাই গ’ল।চকু কেইটা জপাই দিলোঁ।থুপুৰ খিলখিল হাঁহি কাণত পৰিল।মোৰ চুলিবোৰ উৰা দেখি সি ফুৰ্টি পাইছে।
:মোক মোক।
:চকুটো বন্ধ কৰিব লাগিব,তেতিয়া হে দিম।
জোৰকৈ চকুৰ পতা বন্ধ কৰি মোৰ কলিজাটো ৰৈ আছে।অনিৰুদ্ধই এইবাৰ আকৌ তাৰ চুলিত বতাহ লগাই দিলে।সি চকু বন্ধ কৰিয়েই আছে।মই মাত্ৰ হাঁহি হাঁহি চাই আছোঁ।
:Alright.
হঠাৎ অনিৰুদ্ধই টানি নিলে মোক এহাতেৰে।একো ধৰিবই নোৱাৰিলোঁ মই।
:লেট মি মেক ইট কুইক।
:আহ..
গালত টপকৈ চুমা এটা খাই এৰি দিলে। মই বুৰ্বকৰ দৰে চায়েই থাকিলোঁ।সেইকাৰণে হে মানে থুপুক চকু মেলিবলৈ দিয়া নাছিল।কম টেঙৰ নহয়।মোৰ অঁকৰা অজলা সৰু ল’ৰাটোক ঠগিবলৈ বেয়াও লগা নাই।
থুপুক কোলাত তুলি ওলাই আহিলোঁ।তেওঁ অলপ পিছত পাতল হালধীয়া ৰঙৰ চোলা এটা পিন্ধি ওলাই আহিল।থুপুৱে এইবাৰ ডাঙৰ টিভিত কার্টুন চাব।তেওঁ কিবা এটা লগাই দিলে।মন কৰিলোঁ সি একান্ত মনেৰে চাই থাকে বস্তুবোৰ।যেন সি নিজেই তাৰ মাজত আছে।চকু কেইটা জপাবলৈকো পাহৰি যায়।

অনিৰুদ্ধই চকুৰে ইংগিত দি মোক বেলকনিলৈ মাতি নিলে।হয়তো কিবা ক’ব খুজিছে।
:ইয়াতে বহি থাকিবা দেই, একো নুচুবা।
ওলাই আহি বাৰাণ্ডাত ৰ’লো।বেলি লহিয়াইছে।আকাশখন হেঙুলীয়া।অলপ পিছতে সন্ধ্যা নামিব।বেলকনিৰ কিছুমান টাব শুকাই গৈছে।দুই এজোপা গছহে বাছি আছে এতিয়াও।
:ভালকৈ চাই লওঁ তোমাক।বহুতদিন দেখা নাই।
:বেছিদিন নাই হোৱা নেকি ন।
:ইমান আনৰোমাণ্টিক কিয় মানে, হা?
হাঁহি দিলোঁ তেওঁৰ কথাত।মোৰ আঙুলি কেইটা নিজৰ আঙুলিৰ মাজত সুমোৱাই ৰাখিছে তেওঁ।
:ব’লা মোৰ লগত, পোৱালিকো লৈ যাওঁ।সি মোৰ লগত মিলি গৈছে।
:ইমান অধৈৰ্য্য কিয় মানে?
মনে মনে থাকিল তেওঁ।

:অনন্যা।
:হমম।
:কি ভাবিছা?ইয়াৰ পিছত?
:মানে?
:আমাৰ কথা।
:নাই ভৱা এতিয়াও।
:I have to tell you something.
:কি?
:ভুল নুবুজিবা। মোৰ মা পাপাই মানি লৈছে তোমাক, কিন্তু আইতাই নামানে সেইটো মই জানো।আৰু মই তেওঁক এইটো বয়সত হাৰ্ট কৰিব নিবিচাৰোঁ।মাৰ লগত মই তোমাৰ কথা শ্বেয়াৰ কৰিছোঁ,মায়েও পাপাক জনাইছে।ইমান সহজ নাছিল। তথাপিও মোৰ কাৰণে তেওঁলোকে মানি লৈছে কিন্তু আইতাক এতিয়াও জনোৱা নাই আমি…
বুকুৰ ধপধপনি বাঢ়ি আহিছে, এইমাত্ৰই যেন অনিৰুদ্ধই মোক ক’ব আমাৰ সম্পৰ্ক ইয়াতেই শেষ।নাইবা কৈ দিব আঁতৰি যোৱা তুমি অনন্যা।কি কৰিম তেতিয়া মই।কান্দিম?নিজকে আকৌ এবাৰ আন্ধাৰত পুতি থ’ম নে থুপুক লৈ আগবাঢ়ি যাম।মূৰটো ঘূৰাই যোৱা যেন লাগিছে মোৰ।
:You have to understand Ananya.
কি বুজিব লাগে মই?
যে মোৰ দৰে ছোৱালীৰ প্ৰেম কৰাৰ হে অনুমতি থাকে,সমাজৰ আগত মোৰ ডাঙি সেই প্ৰেম স্বীকাৰ কৰাৰ অনুমতি নাথাকে।কি বুজিম মই,যে বিয়াৰ আগৰ এনিশাৰ ভুল মই গোটেই জীৱন ভুগিব লাগিবই!
:বুজিছোঁ।
কোনোমতে শব্দটো ওলাইছে।
:মই মাত্ৰ আইতাৰ আগত থুপু মোৰ সন্তান বুলি ক’ব খুজিছোঁ।প্লিজ প্লিজ বুজি পোৱা।মই কাকো হাৰ্ট কৰিব নোৱাৰোঁ।মোৰ বাহিৰে তেওঁলোকৰ আন কোনো নাই অনন্যা।আইতাই মোক যদি বেয়া পায় মই কেতিয়াও সুখী হ’ব নোৱাৰিম।খং নকৰিবা।কিন্তু ইয়াৰ বাহিৰে বেলেগ একো উপায় নাই মোৰ।মই কাকো হেৰুৱাব নোখোজোঁ আকৌ।
:আপোনাৰ মা দেউতাই সঁচা কথাবোৰ জানে?
:জানে ।
:থুপুৰ কথা?
:হমম।
তেওঁ আনফালে মুখ ঘূৰালে।
:মোৰ চকুত চকু থৈ কওক অনিৰুদ্ধ।
:জানে,আগতে নাজানিছিল।এতিয়া জানে।মানি লোৱা নাছিল দেউতাই।মায়ে মাত্ৰ কৈছিল এটা সন্তান হেৰুৱালো,থকাটোক আঁতৰাব নোৱাৰোঁ।মোক লৈ, মোৰ বিয়া লৈ কিবাকিবি সপোনতো আছিলেই।থাকেই।টিপিকেল মিডল ক্লাছ ইণ্ডিয়ান মেন্টালিটি।সলাব নোৱাৰোঁ, নোখোজোঁ।মানুহবোৰ সৱ ভালকৈ থাকক,হেপ্পী থাকক।ময়ো তাকেই বিচাৰোঁ।ভাল পাওঁ মই সৱকে।
:ময়ো বুজোঁ অনিৰুদ্ধ।মই মোৰ বিশ বছৰীয়া মানসিকতা সলাবলৈকে সাজু নাছিলোঁ।আপোনাৰ আইতাৰ অত বছৰৰ অভিজ্ঞতাৰে গঢ় লৈ উঠা চিন্তাধাৰা সলনি হ’বলৈ বহুত সময় লাগিব।আমি জোৰ নকৰোঁ।কিন্তু মিছা কথা কৈ সম্পৰ্ক গঢ়িব নোৱাৰোঁ।মোক প্লিজ অলপ সময় দিয়ক।এতিয়াই একো ক’ব নোৱাৰিম মই।আই এম ৰিয়েলি ছ’ৰী।
:I know you,take your time.
:আমি গৈ থাকোঁ নেকি,ককাই চিন্তা কৰিব।যাওঁ ব’লা থুপু।
:না, না…
থুপু নাযায়।দৌৰি গৈ অনিৰুদ্ধৰ বিছনাত গৈ জোতাৰে সৈতে উঠি শুইয়ে দিলে।ইয়াতে থাকিব আজি।কি কৰোঁ ভাবিয়েই নাইপোৱা।ঘৰৰ টিভিত কাৰ্টুন আছে বুলি কৈয়ো নিব পৰা নাই।অনিৰুদ্ধই তাক কোলাত তুলি ল’লে।সি ডিঙিতে টেপা মাৰি ধৰি আছে।এৰি নিদিয়ে।
শেষত বহুত বুজনিৰ অন্তত আহিবলৈ মান্তি হ’ল।চৰ্ত এটাই তাক এগাল খোপা(এগাল এসোপা) পিম্পম কিনি দিব লাগিব।

তিনিওটা ওলাই আহি ৰাস্তাত চাহ একাপ খালোঁ।অনিৰুদ্ধৰ খালি ঘৰটোত চাহপাত চেনিও নাছিল।সেইবাবে বাহিৰতে খাবলৈ জোৰ কৰিলে।থুপুক কিবা কিবি কিনি দিলোঁ।দোকানখনৰ পৰা ওলাই আহিব লওঁতেই অনিৰুদ্ধই চিনাকি মানুহ এজন লগ পাই কথা পাতিবলৈ ল’লে।মানুহজন মোৰ ইমান দেখা দেখা লাগিছে কিয়?বাৰে বাৰে চাইছোঁ।কোন হ’ব পাৰে।
মনত পৰিল,দিনত মায়ে দেখুৱাই থকা ফটোখনত এই মানুহজন আছিল।মায়ে লগ পাব খোজা সেই বিশেষ মানুহজনৰ জোঁৱাই।
কি কৰোঁ এতিয়া মই?
:Let’s go.
:কোন আছিল,আপুনি কেনেকৈ চিনি পায়?
:তুমি দেখা নাই নেকি?আমাৰ অফিচতে কৰে ন।মোৰ ফেয়াৰৱেলত আহিছিল নহয়।Oh I see. তুমি আকৌ মই ব্লেজাৰটো দিয়া কাৰণে লাজ পাই গুচি আহিছিলা নহয়।
:ক’ত থাকে?
:এইখিনিতে ক’ৰবাত।কিন্তু কিয় লাগে?
:নাই একো নাই।

গাড়ীত বহিও মোৰ মনটো উছপিচাই থাকিল।মই কি কৰা উচিত।ভগৱানে এইয়া কি সংকেত দিছে?এইয়া কেনেধৰণৰ সংযোগ?এইখন চাহৰ দোকানতে কিয় ৰৈছিলোঁ আজি আমি?
অনিৰুদ্ধ আৰু থুপুৰ কথাবোৰ মোৰ কাণত সোমোৱা নাই।বাৰে বাৰে মাৰ কথাই মনলৈ আহি আছে।
:ইয়াতে ৰখাই দিয়ক।
:ইয়াত কিয়?
:মা আছে ইয়াতে,মই পিছত যাম কেব লৈ।Thank You.
:আৰে শুনাচোন.. মই ৰৈ আছোঁ নহ’লে..
থুপুক লৈ দৌৰি গৈ মই হোটেলৰ ভিতৰ সোমালোঁ।অনিৰুদ্ধৰ ফালে ঘূৰি চোৱাৰ সময়ো এতিয়া মোৰ ওচৰত নাই।
এতিয়া আৰু কোনো কথাতে মই দেৰি কৰিব নোৱাৰোঁ।
মাৰ ৰূমৰ দুৱাৰত জোৰ জোৰকৈ নক কৰিলোঁ মই।বহুতদেৰিৰ পিছত খুলি দিলে।শুই আছিল চাগে।চকু কেইটা ফুলি আছে।
:তুমি এবাৰ তেওঁক লগ কৰি লোৱা,প্লিজ।

(আগলৈ)

13 thoughts on “#আবিৰ খণ্ড (৬৩)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s