#আবিৰ খণ্ড(৬৬)

কথাটো শেষ কৰিবলৈও নিদিলে মোক আয়ুয়ে।গুচিয়েই গ’ল।মই যেন বুজিবলৈকো সময় নাপালোঁ।তাৰ পিছে পিছে ‘পেটু মামা’ বুলি চিঞৰি চিঞৰি গৈ থকা থুপুলৈ চাবলৈকো তাৰ সময়েই নহ’ল।নিজেই শিকাইছিল থুপুক, পেটুৱা মামা বুলি মাতিবলৈ।নুফুটি সেইটো ‘পেটু মামা’ হৈছিলে।আজি তাৰ ইমান কিহৰ খং যে এনেকৈ গুচি গ’ল!
ককাও আচৰিত হ’ল।তালৈকে মোলৈকে চাহ বনাই লৈ অনা তৰাও একে ঠাইতে ৰ’ল।
পিছে উষ্টাডি মাৰি গুচি গ’লে কি হ’ব,ফোনটো বিছনাতে পেলাই থৈ গ’ল।সেইয়াহে তাৰ মগজ।অলপ পাছত আকৌ আহিবই।টাৱেলখন লৈ বাথৰুমত সোমালোঁ।সাংঘাটিক ভাগৰ লাগিছে আজি।কথাবোৰ যেন মোৰ কাৰণে বেছি গধুৰ হৈছে হঠাতে।হিবাৰ মুখখন বাৰে বাৰে ভাঁহি আছে মনত।
ইমান নিৰ্লিপ্ততা কেতিয়া আহে মানুহৰ মাজলৈ?
সুখ-দুখৰ প্ৰতি কিহে কৰে ইমান বেছি উদাসীন?
কিহৰ তাড়নাত মানুহে সামৰি থয় উন্মাদনা অথবা একাত্মতা!
চকচকীয়া সোণৰ গহনা এটা যথেষ্ট হয় নে বিষাদৰঙী চোলাৰে ঢাকি ৰখা মানুহ এজনীক উজ্বলাই তুলিবলৈ!
কিয় কৰিলে তাই এনেকুৱা সেইয়া মোৰ বাবে বুজি পোৱা টান,কিন্তু…
বাহিৰত আয়ুৰ মাত,ফোন নিবলৈ আহিছে।বাথৰৱটো পিন্ধিয়েই ওলাই আহিলোঁ।
:এক মিনিট ৰ।
:কি হ’ল?
:ভাত খাই যা, মাংস আছে।
:ভোক নাই মোৰ।
তাৰ চকুকেইটা পানী পানী।কান্দিছিলে।কিন্তু কান্দিবলৈ কি হ’ল?মইতো তাক প্ৰায়েই এনেকৈ কৈ থাকোঁ।আজি এনেকুৱা কি হৈ গ’ল?
একো নক’লো আৰু,কোৱাৰ ইচ্ছা নাই।
:কিবা লাগিলি হ’বলা আকৌ?
ককাই বুজি পাইছে।
কিনো কওঁ?ভীষণ দুৰ্বল লাগিছে নিজকে।যেন মই লাহে লাহে হেৰুৱাই গৈ আছোঁ মোৰ দুখৰ সময়ত মোক সামৰি ৰখা মানুহবোৰক।হিবাই নিকাহ কৰাৰ আগতেও মোক একো নক’লে,আয়ুয়ে কি ক’ব খুজিছে মই বুজা নাই,মা,ককা,থুপু,অনিৰুদ্ধ সকলোৱে আৱৰি থাকিলেও মই আয়ুৰ অনুপস্থিতি সহিব নোৱাৰোঁ।সেইয়া প্ৰেম নহয়,সেইয়া মৰম।যদি কাইলৈ অনিৰুদ্ধয়ে সেইয়া নুবুজে মই স-সন্মানেৰে আঁতৰাই পঠিয়াম তেওঁক।আয়ুৰ প্ৰতি মোৰ ভালপোৱা থুপুৰ দৰে পৱিত্ৰ, নিষ্পাপ।
আয়ুক মই বন্ধ কোঠাত বিচৰা নাই কেতিয়াও,ভিৰৰ মাজত হাতখন খামুচি আগবাঢ়িবলৈ হে বিচাৰিছিলো।সেইয়াটো ভুল হ’ব নোৱাৰে।
পাৰে জানো?

ভাত খাই ককা বিছনাত পৰিছে,তৰা আৰু মোৰ বিচনা দুখন লগ লগাই পাৰোঁ।থুপু গোটেইখন বাগৰি ফুৰে।আজিও শোৱাৰ আগতে উৎপাত।বহুত যত্ন কৰি তৰাই শুৱাইছে অলপ আগতে।ফোনটো লৈ বেলকনিত বহিলো।চাৰে এঘাৰ বাজিল।অনিৰুদ্ধলৈ ফোন কৰিলোঁ।তেওঁ মোৰ মাতত বুজি পালে মই ভালে নাই..
:কি হ’ল?
:হিবাই বিয়া পাতিলে।
:কেতিয়া?
অনিৰুদ্ধ যেন অলপো আচৰিত হোৱা নাই।মোৰ বাহিৰে কাৰো কাৰণেই এইটো যেন ডাঙৰ কথাই নহয়।
:You are not shocked?
:not at all.
:কিয়?
:হিবাৰ দৰে ছোৱালী বহুত দেখিছোঁ মই।শেষত এনেকুৱাই কৰে।
:তাৰমানে তাই আয়ুৰ লগত টাইম পাছ কৰি আছিল?
:সেইটো কোৱা নাই মই।তাইৰ মনত হয়তো সঁচাকৈ আয়ুষ্মানৰ কাৰণে ভালপোৱা আছিল,কিন্তু হিবাই সদায় প্ৰথমতে পৰিয়াল আৰু আশে পাশে থকা মানুহৰ কথা ভাবিব।মই জানো সেইটো।হঠাৎ মানুহ সলনি নহয় অনন্যা।সৰুৰেপৰাই তাই তেনেকৈ ডাঙৰ হৈছে চাগে,দেখি আহিছে এনেকুৱা কথাবোৰ।তোমাৰ ফ্রেণ্ডক পাই চাগে অকণমান মুকলিকৈ ফুৰিলে,কথা পাতিলে।তাত আপত্তি ক’ত?কিন্তু সেই অকণমান সময়ৰ কাৰণে তাই গোটেই সমাজখনৰ বিৰুদ্ধে যাব নিবিচাৰিবও পাৰে,বা বিচাৰিলেও নোৱাৰিব পাৰে ন?আৰু ভায়েকৰ এনেকুৱা হোৱাৰ পাছত তাই অলপ ভয় খালে।
:ভয় খালে মানুহে বিয়া পাতে?She is just 23 you know? আৰু কেইবছৰমান পিছতো বিয়া পাতিব পাৰিলে হয়।আয়ুৰ কাৰণে অকণমান ৰ’ব পৰিলে হয়..
: আয়ুষ্মান ইমান চিৰিয়াছ আছিল জানো?
:মানে?
:সঁচাকৈ একো নাজানা তুমি?
:কি?
:তোমাক লৈ সি খুব পজেচিভ ।কিবা এটা তো আছে তাৰ মনত..
অনিৰুদ্ধৰ সুৰত অভিমান,ঈৰ্ষা, ভালপোৱা সকলোবোৰ মিশ্ৰিত।কিয় কৈছে বুজিছোঁ যদিও ক’লো..
:সৱেই কি পৃথিৱীত মোকেই ভাল পায় নেকি?হিবাৰ লগত মোৰ তুলনাও নহয়।ইমান ধুনীয়া ছোৱালী, ইমান ভাল,ইমান অমায়িক।আয়ুয়ে তাইক ভাল পাইছিল।মই কিয় মাজত আহিম বাৰু?
:People don’t get attracted to you Ananya,they get attached to you.You have that aura. Nobody would like to lose you.
তোমাৰ লগত থাকিলে নিজকে সাহসী যেন লাগে,পৰিপূৰ্ণ যেন লাগে।তোমাৰ চেহেৰা লৈ চাবলগীয়া একো বাকী নাথাকেগৈ।আৰু নিজেহে ভাবা বেয়া বুলি,কৃতিকাৰ বিয়াত যেতিয়া সেই ড্ৰেচটো পিন্ধিছিলা,উফফ!!!!!

মনে মনে থাকিলোঁ।আয়ুৰ কথাবোৰ যেন এতিয়াহে বুজিছোঁ মই।মই তাৰ বাবে এটা অভ্যাস।সুখে দুখে তাৰ আশে পাশে থকা ৰ’দ বৰষুণৰ ছাতি।হিবাৰ লগত তাৰ যিয়েই নাথাকক,তাতোকৈ বেছি তাৰ দুখ লাগিছে মই আঁতৰি যোৱাটোক লৈহে।অনিৰুদ্ধই কথাবোৰ ইমান ধুনীয়াকৈ কেনেকৈ বুজি পায়।আৰু বহুত কথাই কৈ আছে তেওঁ,শুনি আছোঁ।সোনকালেই লগ পোৱাৰ কথা কৈ ফোন থ’লে তেওঁ।

কাইলৈ আয়ুৰ লগত মুকলিকৈ কথা হ’ম।


অফিচৰ ব্যস্ততাৰ মাজতো মাজে মাজে আয়ুক মেছেজ কৰি আছো।একেলগে লাঞ্চ কৰিবলৈ মাতিলো সি নাহিলে,মেছজৰ ৰিপ্লাই নাই।কামৰ বোজা দুগুণ এতিয়া।অমৃত যদিও কামত চোকা তথাপিও অনিৰুদ্ধৰ দৰে মেনেজ কৰিব নোৱাৰে।জোখতকৈ বেছি প্ৰমিজ কৰে ক্লায়েন্টক।ফলত আমি দুগুণ বেছি কাম কৰিবলগীয়া হয়।আজিও মোৰ ওপৰত কাম এসোপা জাপি নিজে গুচি গ’ল।চাৰে আঠ বাজি গ’ল,এতিয়াও অফিচতে আছোঁ।অৱশ্যে টানিয়া,প্ৰশান্ত আৰু দুজনমান এতিয়াও আছে।কৃতিকা সোনকালে যায়গৈ।
চাহ কেইবাকাপো খালোঁ যদিও মূৰটো বিষাইছে।আৰু নোৱাৰি।বেগটো সামৰি যাবলৈ উঠিলোঁ।
চিনাকি সুগন্ধি এটাই বুকুখন কঁপাই থৈ গ’ল।এইয়া কেনেকৈ সম্ভৱ????
ঘূৰি চালোঁ, অমৃতৰ সৈতে হাঁহি হাঁহি সোমাই আহিছে অনিৰুদ্ধ।
বগা চাৰ্ট আৰু ব্লু জিনছৰ সৈতে চিনাকি হাঁহিটোৰে মোৰ ওচৰলৈ আহি থকা মানুহজন সঁচা নে বাৰু???
সকলোৰে লগত হাঁহি মাতি কথা পাতি শেষতহে মোৰ ওচৰলৈ আহিল
:Let’s go.
পিছে পিছে মন্ত্ৰমুগ্ধৰ দৰে খোজ ল’লো।লিফ্টখন আহি পাওঁতেই তাৰপৰা আয়ু ওলাই আহিল।ময়েইতো কৈ আছিলোঁ একেলগে যাম বুলি।সি তাৰমানে ৰৈ আছিল,কিন্তু ৰিপ্লাই কিয় কৰা নাছিল?
:Hi Ayusman.
:Hello Anirudh.
আয়ুয়ে সেমেকা মুখ এখন লৈ অনিৰুদ্ধৰ হাতত হাত মিলাই মোৰ ফালে চালে।
:অনন্যা,হিবা আছে নে গ’ল?
সি এনেই সুধিছে ,মই জানো।
:আছে,যাবলৈ ৰেডি হৈছে।ন বজাৰ কেবত যাব।
:Okay thanks.
আয়ু আঁতৰি গ’ল।অপৰাধবোধে হেঁচা মাৰি ধৰিলে মোক।

গাড়ীত বহি অনিৰুদ্ধই হাতদুখন টানি নিলে মোৰ।
:কালি খালা এইকেইটা?ৰঙা কৰি পেলালে মানে..
ৰঙা পৰি থকা সৰু নখকেইটা তেওঁ লাহেকৈ নিজৰ ওঁঠত লগাই দিলে।
কামুৰি কামুৰি নখৰ অৱস্থা নাই।চিন্তা বেছি হ’লেই যে নখ খাওঁ তেওঁ জানে।টান মাৰি আঁতৰাই আনিলোঁ।
:এনেকৈ গুচি আহিল যে?
:তোমাৰ কাৰণে?
:মোৰ কাৰণে?

মায়ে ফোন কৰিছিল তেওঁলৈ।মাৰ বিশ্বাস নাই কাৰো ওপৰতে।অনিৰুদ্ধৰ ওপৰতো নাই ।সেইবাবে মায়ে তেওঁৰ ঘৰৰ মানুহক লগ কৰাৰ কথা ক’লে।মোক লগ কৰাই দিবলৈ ক’লে।অনিৰুদ্ধই কিছুমান কথা যে লুকুৱাই ৰাখিছে সেইয়া বুজিলোঁ ভালকৈ।মায়ে হঠাৎ এনেকুৱা কিয় কৰিলে সেইটোহে নুবুজিলোঁ।
:অনন্যা,তুমি ঘৰলৈ যোৱা।
কি কয় অনিৰুদ্ধই?
বুকুখন ধক কৈ উঠিল।
:ঘৰলৈ?কিয়?
:তোমাৰ মা বহুত কষ্টত আছে।I know that. You should be by her side.
একো বুজি পোৱা নাই মই।অনিৰুদ্ধই কি ক’ব খুজিছে?মায়ে প্ৰথমদিনাই অনিৰুদ্ধক সকলো কথা কৈ নিদিয়ে মই খুব ভালকৈ জানো।মই বাৰে বাৰে সুধি থকাৰ পিছতো অনিৰুদ্ধই একোকে নকয়।একান্তমনে গাড়ী চলাই আছে।মোক কিয় ঘৰলৈ যাবলৈ কৈছে সেইয়াও খুলি নকয়।অশান্তি পাই গৈছোঁ।অলপদূৰ আহি তেওঁ নিজেই ক’লে।
:ইমান ডাঙৰ ঘৰটোত অকলে অকলে আছে মানুহগৰাকী।মই কল কৰোঁতে তোমাৰ ৰূমটো দেখুৱাইছে, ইমান ডাঙৰ ঘৰ,কোনোৱেই নাই।আগতে তৰা আছিল, তাইও ইয়ালৈ গুচি আহিল বুলি ক’লে।তোমাৰ দেউতা কিবা কামত বাহিৰত আছে বুলি ক’লে।
বাহিৰত?
তিনিদিন আগতে হস্পিতালৰ অহা মানুহটো ক’ৰ বাহিৰত আছে?মায়ে নিশ্চয় কিবা লুকুৱাইছে।সুধিবই লাগিব।কথা পাতি পাতি ঘৰ পালেহি।
:কাইলৈ আহিম, ককাৰ লগতো কথা পাতিম।আজি কাম আছে অলপ।
:কেতিয়া ঘূৰিব?
:আৰু নাযাওঁ।I finished my knowledge transfer and mendatory trainings before time. All credit goes to you.
শুনি কিমান সুখী হ’লো বুজাব নোৱাৰো, ছিটবেল্টডাল খুলি সাৱটি ধৰিলোঁ তেওঁক।বতাহত হালি পৰিব খোজা গছ এজোপাই যেন আশ্ৰয় পালে।
খুলি ক’ব নোৱাৰিলোঁ কেতিয়াও.. আপোনাক মিছ কৰিছা,মনত পৰি থাকে,ঘূৰি আহক।এইবোৰ শব্দ ওলাই নাহে মোৰ মুখৰপৰা।একোৱেই নোৱাৰোঁ ক’ব।কিন্তু অনিৰুদ্ধই সকলো বুজে।
:আজি কি হ’ল?Always I have to initiate everything right..
লাজ পাই আঁতৰি আহিলোঁ..
:অনন্যা।
:হমম।মাৰ লগত কথা পাতিবা।I know you are not ready for marriage now, we can discuss it later..

:মোৰ কথা বাদ দিছোঁ,আপুনি ৰেডি?
: অকল মা পাপা আৰু তোমাৰ ঘৰৰ মানুহক দেখুৱাই হে এইবিলাক কৰিম।বিয়াৰ দৰকাৰ আছে জানো আমাক?তোমাৰ ইমান responsibility নথকা হ’লে মই তোমাক কেতিয়াও মোৰ পৰা দূৰত থাকিবলৈ নিদিলোঁহেঁতেন।
:হ’ব হ’ব।ইমান বেছি ফিল্মি কিয় মানে!
:এবাৰ লগত থাকিলে গম পাবা।
চকুটো টিপিয়াই হাঁহি দিলে,সৱ বুজি পালো।বেগটো লৈ নামি আহিলোঁ।নেদেখা হোৱালৈকে চাইয়ে আছে অনিৰুদ্ধই।
সদায় এনেকৈয়ে ৰৈ থাকিবনে বাৰু মোৰ বাবে!!!

দৰ্জা খোলাৰ লগে লগে থুপু দৌৰি আহি কোলাত উঠিলে হি।মুখৰ চাৰিওফালে ভাত লাগি আছে।ৰঙা গেঞ্জী আৰু ডায়েপাৰ পিন্ধি ঘূৰি ফুৰিছে, পেণ্ট নাই।হাতত নেমু এটা।
:ককা ধুম কই কই দিঠে।
মানে ককাই এছাট দিলে।ভাত লগা মুখেৰে মোক মেৰিয়াই ধৰোঁতে গোটেই চুলিত ভাত লাগিছে।আজিকালি এইবোৰ ভাল লগা হৈছে।সি এতিয়া বহুত দেৰি কোঁচৰ পৰা নানামে।ককাৰ দৰৱ পেলাই এছাট খালে,এতিয়া মোৰ আগত অকণমান বেজাৰ কৰিবই,আলপদেৰি ডিঙিতে ওলমি থাকিব।বৰ কোমল ইহঁতৰ অন্তৰবোৰ।আমাৰো হোৱা হ’লে।মোৰ চাগে অন্তৰ বুলি একো বাকীয়েই নাই এতিয়া।

:ককা,দেউতাৰ লগত কথা পাতিছিল নেকি?
:মাৰে হে কালি কৰিছিল।দেউতাৰ ঠিকেই আছে বুলিলে দেখোন।
থুপুক তেনেকৈয়ে লৈ মালৈ ফোন কৰিলোঁ।দেউতা হস্পিতালৰ পৰা বাহিৰে বাহিৰে মাৰ্ঘেৰিটাৰ ঘৰলৈ হে গ’ল।বগা বাংলোৰ ফালে নাচালেই।মায়ে কোৱাৰ পাছতো নগ’ল।কিয় দেউতাই আজিকালি অকলে থাকি ভাল,এই অসুখীয়া অৱস্থাতো মূল ঘৰখনলৈ যাবলৈ ইচ্ছা নকৰিলে।

আচৰিত!

:ককাক তুমি গালি দিয়া ক’।

কোঁচত তেতিয়াও থুপুৰ গোচৰ শেষ হোৱাই নাই।আকৌ এবাৰ নিজকে এসাগৰ পানীত ওপঙি ফুৰা কাগজৰ নাও খনৰ দৰেই লাগিছে।কোন দিশে যাওঁ মই।ইমানবোৰ খেলিমেলি সামৰিম কেতিয়া মই?নে এনেকৈয়ে সকলো এৰি কেৱল নিজৰ কথা ভাবি আগবাঢ়িম।
:থুপু,ভিতৰলৈ যা।
বেলকনিৰ দৰ্জাখন জপাই ফুলৰ টাবত লুকুৱাই ৰখা চিগাৰেটৰ পেকেটটো উলিয়াই আনিলোঁ।পাফ কেইটামান একেলগে টানি উৰুৱাই দিলোঁ ধোঁৱাৰ কুণ্ডলী।মোৰ জীৱনটোৰ দৰেই উৰি ফুৰিছে ধোঁৱা বোৰ।যেনি তেনি।

গেইটত বসন্তী ৰখাই আয়ু সোমাই আহিছে।

(আগলৈ)

10 thoughts on “#আবিৰ খণ্ড(৬৬)

  1. আগতে পঢ়া নাছিলো দুদিনৰ ভিতৰত 65টা খণ্ড পঢ়ি শেষ কৰিছিলো …66খণ্ডটোৰ কাৰণে এদিন ৰৈয়ে বহুত বেছি আমনি লাগিছিল…একেলগে ইমানবোৰ খণ্ড পঢ়ি এতিয়া পাছৰ খণ্ডবোৰলৈ কেনেকৈ যে ৰৈ থাকিম!
    যিকি নহওঁক পঢ়ি বহুত ভাল লাগিছে,কোনোবাখিনিয়ে চকুযোৰো তিয়াই গৈছে …
    ৰৈ থাকিম আকৌ এবাৰ…!!

    Like

  2. Xosakoie de bohut val lagise porhi….moi kitap noporha manuh jonie dudinr vitorot 66 part j khotom koribo parilu bisaxe hua nai🥺😌♥️knekoi j wait kori thaku aru next partloi😕

    Like

  3. বহুত কিবা কিবা লিখিব মন যাই কিন্তু•••যেন একে উশাহতে পঢ়ি শেষ কৰিম গোটেই খিনি। I hate to wait. Every day check my mail for new episode. Plz upload the next episode asap. Eagerly waiting….

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s