#আবিৰ খণ্ড (৮০)

মোৰ বাবে জীৱনটো এতিয়া আলো-ছায়াৰ ছয়াময়া এখন ছবি।নিজেই ধৰিব নোৱাৰি, মনিব নোৱাৰি।শূণ্য বুকুত বৈ থাকে প্ৰেম,মমতাৰ নৈ, কোমল হৈ যাওঁ সময়ৰ লগত।শিল কঠিন মানুহজনীক পাহৰি পেলাওঁ। কিন্তু সময়ে মোক কৈ থাকে বাৰে বাৰে "সলনি নহ'বি অনন্যা,জীয়াই থাকিবলৈ কষ্ট হ'ব"। শুবলৈ লোৱাৰ অলপ পাছতে ফোন বাজিল, অনিৰুদ্ধৰ মাকৰ ফোন।যদিও হস্পিতালত থাকোঁতে প্ৰায় প্ৰতিদিনেই তেওঁৰ মাক-দেউতাকে ককাৰ… Continue reading #আবিৰ খণ্ড (৮০)

#আবিৰ খণ্ড(৭৯)

Viraham Pongeley,Hrudhayam Oogele,Adharam Anchuley,Mádhuram Koreley (Kadalalle-Dear Comrade) FM ত তেতিয়া "ডিয়েৰ কমৰেড" চিনেমা খনৰ kadalalle গানটো বাজি আছে।মোৰ সোঁহাতখন নিজৰ বাওঁ হাতেৰে খামুচি থাকিয়েই গাড়ীৰ গিয়েৰ সলাইছে অনিৰুদ্ধই।তেওঁৰ ম্লান পৰি যোৱা বিমৰ্ষ চেহেৰাটো দেখি মোৰ বুকুখনে কান্দি উঠিছে।কেৱল ময়েই নে?অকাশ খনেও চোন আজি তেওঁৰ বাবে কান্দিছে।মুষলধাৰে আহিছে বৰষুণজাক।গাড়ীৰ ৱাইপাৰেও বাট দেখুৱাব নোৱাৰি হাৰ মানিছে।বাহিৰখন ভালকৈ… Continue reading #আবিৰ খণ্ড(৭৯)

#আবিৰ খণ্ড(৭৮)

মই কোন?সেইয়া যেন নতুনকৈ জুকিয়াই চাবলৈ ভগৱানে মোক এইখিনি সময় দিছে।এফালে জীৱন মৰণৰ যুঁজত মোৰ ভগৱান জন।যি মোক জীয়াই ৰাখিলে অতদিনে।যিদিনা মই নিজকে শেষ কৰি দিবলৈ ওলাইছিলো,সেইদিনা কেৱল এইজন মানুহৰ বাবেই মই আকৌ এবাৰ জীয়াই থকাৰ কথা ভাবিছিলোঁ। কাষত বহি থকা মানুহজনলৈও চালোঁ।ভালকৈ চোৱাই যে নাছিলোঁ কেতিয়াও।পঞ্চাশৰ অধিক বয়সতো নিজকে বার্ধক্যৰ চাপৰ পৰা আঁতৰাই ৰাখিবলৈ… Continue reading #আবিৰ খণ্ড(৭৮)

#আবিৰ খণ্ড (৭৭)

"মই যেতিয়াই অকণমান হাঁহিলোসময়ে ওঁঠত বিষ ঢালি দিলে..যেতিয়া অকণমান মুকলি উশাহ ল'লোবিধাতাই বুকুত শিল পুতি থ'লে..মই যিমানেই জীৱনৰ ওচৰ চাপিলোঁজীৱনে আঁতৰি যোৱাৰ সুৰুঙা বিচাৰিলে" সময়!বিধাতা!নে কৰ্মা। :মাজু,ককাই তোক চাওঁ চাওঁ কৰিছে,গুচি আহ সোনকালে।আমি হস্পিতাল যাবলৈ ওলাইছোঁ।মায়ে কথাটো কৈ ফোনটো কাটি দিলে।সকলো যেন নিস্তব্ধ।ঘন এন্ধাৰৰ নীৰৱতা ফালি মাজে মাজে কেৱল থুপুৰ উচুপনিৰ শব্দ।কি কৰোঁ মই এতিয়া?ভৰি… Continue reading #আবিৰ খণ্ড (৭৭)

আবিৰ খণ্ড (৭৬)

নীৰৱ নিতাল মোৰ বুকুৰ হেঁপাহবোৰে এতিয়া আপোন সুৰত গান গায়..সাঁচি থোৱা আকুলতাই আৱেগৰ বৰষুণত তিতি বুৰি ভালপোৱাৰ বাঁহী বায়আৰু মই..?অতীত সামৰি নতুন দিনৰ নতুন ঠিকনা লিখি বাৰে বাৰে আকৌ মোহাৰি পেলাওঁ..কিজানিবা ভাল দিনবোৰ আকৌ হেৰাই যায়…! ককা নথকা দিনবোৰত অনিৰুদ্ধই আৱৰি ৰাখিছে আমাক।থুপুৰ সামান্য পানীলগা জ্বৰ এটা তো তেওঁ ৰৈ থাকেহি, কিজানিবা ডক্টৰৰ ওচৰলৈ লৈ… Continue reading আবিৰ খণ্ড (৭৬)

#আবিৰ খণ্ড (৭৫)

অদ্ভুত এই মানুহজন।কি ভাৱে, কি কৰে একো বুজি নাপাওঁ।বাথৰুমত গৈ মুখ হাত কেইটা ভালকৈ ধুই শুবৰ কাৰণে ৰেডি হ'লো।আধা ঘন্টা পাৰ হৈ গ'ল।ফোন,মেছেজ একো নাই।থুপু এতিয়াও তেওঁৰ লগতে আছে।"Come, get one quilt also "গৰম দিন যদিও বতৰটো সেমেকা বাবে অলপ অলপ ঠাণ্ডা লাগিছে,তাতে চাদৰ ওপৰত বতাহ বেছি।কিন্তু আমি তাত কিমান দেৰি থাকিম নো?ব্লেংকেট কিয় নিবলৈ… Continue reading #আবিৰ খণ্ড (৭৫)

#আবিৰ খণ্ড (৭৪)

অচ্যুতম কেশৱম কৃষ্ণ দামোদৰমৰাম নাৰায়ণম, জানকী বল্লভৱম ধূপ ধুনাৰ সুগন্ধিৰ লগতে মোৰ ভাল লগা প্ৰাৰ্থনাটোৰ সুৰ বিয়পি পৰিছে বগা বাংলোৰ ভিতৰে বাহিৰে।গাড়ীৰ পৰা নামি দেখোঁ,বাৰাণ্ডাত আয়ু অকলে বহি আছে।আমাৰ গাড়ীখন সোমাই অহা দেখি সি চাই থকা ফোনটো পকেটত থৈ থিয় হ'ল।:Hello Anirudh.:Hey Ayushman.:তই ক'ত আছিলি দিনটো?:ডিব্ৰুগড়ত কাম এটা আছিল।সি অচিনাকি মানুহৰ দৰে মোক এবাৰ ভৰিৰ… Continue reading #আবিৰ খণ্ড (৭৪)

#আবিৰ খণ্ড(৭৩)

:হেৰি নহয় ,আলহীক এপাক আমাৰ ফালে ফুৰাবলৈ নিব।মই যাওঁ।আজি আকৌ মাখনী বাইদেউৰ ঘৰতো সকাম আছিলে।এপাক মাৰি যাওঁ সাউতকে। আলহীৰ লগতে অকণমান কিবা এটা খাই খুড়ী যাবলৈ ওলাল।:খুড়ী, আয়ুক মই মাতিছোঁ বুলি ক'ব। অনিৰুদ্ধক সি চিনি পায়,কিয় নাহিলে লগ কৰিবলৈ?:সি নাই নহয়?:ক'লৈ গ'ল?:ৰাতিপুৱাই ককায়েকৰ গাড়ী লৈ ডিব্ৰুগড় পালেগৈ।লগৰ ল'ৰাই মাতিছে বোলে।তইনো নাজান নে তোৰ পেটুৱা টো… Continue reading #আবিৰ খণ্ড(৭৩)

#আবিৰ খণ্ড (৭২)

:সৱেই চাই আছে।:So?অনিৰুদ্ধক অকণমান ঠেলি আগবাঢ়ি আহিলোঁ।তেওঁৰ মাক ইতিমধ্যে নিজৰ বহা ঠাইৰ পৰা উঠি অকণমান আগবাঢ়ি আহিছিল।মই জানো তেওঁলোকৰ বাবে সৰুৱে ডাঙৰৰ ভৰি চুই আশীৰ্বাদ লোৱাটো খুবেই জৰুৰী, কিন্তু মই যে জীৱনত কাৰোৰে ভৰি চুই পোৱা নাই।প্ৰথমবাৰ যিগৰাকী মানুহৰ ভৰি চুই সেৱা কৰিবলৈ আগবাঢ়িছোঁ, তেওঁৰ প্ৰতি মোৰ মনত সন্মান আছে,আদৰ আছে।যি মাকে নিজৰ একমাত্ৰ পুত্ৰৰ… Continue reading #আবিৰ খণ্ড (৭২)

#আবিৰ খণ্ড (৭১)

:এওঁ ইয়াতে ৰান্ধনী হিচাপে আছে।মানুহজনে মোৰ গাড়ী চলায়।:মইতো সোধা নাই আপোনাক এওঁ কোন বুলি।কৈফিয়ৎ কিয় দিছে?মানুহজনী অলপ আঁতৰি থিয় হৈ আছে।বয়সত মোতকৈ সৰু হ'ব।উৰণিৰে আধা মুখ ঢকা।ক্ষীণ মানুহজনীৰ হাতত মেহেন্দি, ভৰিত আল্টা। ডাঙৰ এযোৰ পায়েল,হাতত এসোপামান কাঁচৰ খাৰু।:আপনি ছাৰৰ ছোৱালী আছে?:হমম।:ছাৰ আমাৰ একদম ভগৱান আছে, বহুত মৰম কৰিছে মোক আৰ মোৰ আদমী টোক।ছাৰৰ নিচিনা মানুহ… Continue reading #আবিৰ খণ্ড (৭১)