#আবিৰ খণ্ড (৭০)

সপোন দেখা চকুবোৰক জোৰ কৰি খুলি ৰাখে সমাজে…আপোন মানুহবোৰে..কেতিয়াবা জানিতে.. কেতিয়াবা অজানিতে..মায়ে দুপৰীয়া সোধা প্ৰশ্নটোৰ লগতে আৰু বহু প্ৰশ্নই এতিয়া মোক খেদি ফুৰে।থুপুক অনিৰুদ্ধই মৰম কৰিবনে?মই নাথাকিলে বগা বাংলো থাকিব নে?জানকী কাননত হাঁহি ফুলিব নে?ককাৰ শেষৰ সময়খিনি বিনা কষ্টৰে পাৰ হ'বনে?'আশাপূৰ্ণা' নাম লৈ সকলো অপূৰ্ণ আশা বুকুত সামৰি মা বাৰু জীয়াই থাকিব পাৰিবনে? থুপু আজি… Continue reading #আবিৰ খণ্ড (৭০)

#আবিৰ খণ্ড(৬৯)

এয়াৰপোৰ্টৰ পৰা ককাক নিবলৈ যোগেশ দা ৰৈ আছিলেহি।ককাৰ নিজৰ গাড়ীত।মা নাই অহা।কিয় নাহিল বুলি সোধা নহ'ল।ককাই এফালৰ পৰা সৱ খবৰ লৈছে।মানুহজন যে একেবাৰে নোৱাৰাত হে মোৰ ওচৰত আছিলগৈ মই ভালকৈয়ে বুজিলোঁ।থুপু আয়ুৰ লগত ব্যস্ত।বগা বাংলোলৈ সি আজি প্ৰথম সোমাব।ফ্লাইটত ইটোৰ কোলাৰ পৰা সিটো কোলালৈ বগাই ফুৰিছে।এয়াৰ হোষ্টেজ এগৰাকীয়েও খুজি একোলা লৈ চাইছে।ফেলেক ফেলেক হাঁহি হাঁহি… Continue reading #আবিৰ খণ্ড(৬৯)

#আবিৰ খণ্ড (৬৮)

গোটেই ৰাতি থুপু শোৱা নাই,নাকেৰে পানী বৈ আছে,গাটো অকণ গৰম।কোলাত লৈ লৈ তিনি বাজি গ'ল।বিছনাত শুৱাই দিলেই সি কান্দি দিয়ে,নাকটো চাগে বন্ধ হৈ হৈ যায়।কোলাত লৈ লৈ মুখেৰে যি টি গাই আছোঁ,এবাৰ মাজতে তৰাই জোৰকৈ হাঁহিও দিছে।এইবোৰ গান শুনিলে সি বোলে আৰু বেছি কান্দিবহে।কি কৰিম ভাবিয়েই নাই পোৱা।নিজৰেই ভাগৰ লাগিছে।ইফালে কাইলৈ অফিচত মোৰ এটা জৰুৰী… Continue reading #আবিৰ খণ্ড (৬৮)

#আবিৰ খণ্ড (৬৭)

ক'ৰবাত কিবা এটা খেলিমেলি হ'ল।আউল লাগিল।এনেকুৱাইতো হয়।সকলোবোৰ সামৰি এটা টোপোলা বান্ধি মই কান্ধত তুলি আগবাঢ়িব খুজিছিলোঁ,এতিয়া লাগিছে এপদ দুপদ বস্তু তাৰে মাজৰপৰা সৰি পৰিছে।আয়ু আহিলে,থুপুক চকলেট এটা দিলে একোলা লৈ মৰম কৰিলে,ককাক পুৰণা হিন্দী চিনেমাৰ কলেক্সন দিলেহি,আৰু মোৰ কাৰণে এক প্লেট চিকেন ম'ম' তৰাৰ হাতত দি থৈ গুচি গ'ল।না সি মোৰ ফালে চালে,না মাত এষাৰ… Continue reading #আবিৰ খণ্ড (৬৭)

#আবিৰ খণ্ড(৬২)

চকুৱে চকুৱেই বহুখিনি কথা কোৱা হৈ গৈছিল।তেওঁ কাষ চাপি নাহিল।মাৰ আগত মোক অসহজ নকৰিলে।:তুমি মাই-ই হয়?থুপুৱে মোক শেষবাৰৰ বাবে দেখোঁতে ফুটা নুফুটা মাতেৰে মাই বুলি মাতিবলৈ শিকাইছিল বায়ে।তাৰ চাগে মনত আছে।:কেব পাম নে ইয়াতে?মায়ে কথাটো সলাবলৈ চেষ্টা কৰিলে।থুপুৰ মুখখন ভালকৈ চাইছোঁ।কিবা এটা যেন এতিয়াই ফুটি উঠিছে তাৰ মুখত।কোনে কয় সৰু ল'ৰা ছোৱালীয়ে কথা বুজি নাপায়… Continue reading #আবিৰ খণ্ড(৬২)

#আবিৰ খণ্ড (৫৯)

ক্লান্ত সময়উন্মুক্ত বতাহৰুগ্ন হৃদয়ৰাঙলী আকাশ…….. ভাগৰ লাগিছে মোৰ।ভীষণ ভাগৰ।যি ভাগৰে হাড়লৈকে বিষন্নতা সিঁচি দিব পাৰে ঠিক তেনেকুৱা এটা ভাগৰে হেঁচা মাৰি ধৰিছে।ককাই গা ধুই সন্ধিয়াৰ প্ৰাৰ্থনা কৰিছে।ধূপ আৰু ধুনাৰ গোন্ধ মোৰ সৰু ঘৰটোত বিয়পি পৰিছে।আজিৰ এই সুগন্ধিয়ে কিয় নাজানো মোৰ বাবে বগা বাংলোৰ দিনবোৰৰ দৰে বিষ এটাহে লৈ আনিছে।নিয়মমাফিক মই ককাৰ বাবে গাখীৰত অ'টচ সিজাইছোঁ।খাবলৈ… Continue reading #আবিৰ খণ্ড (৫৯)

#আবিৰ খণ্ড (৫৮)

সুখবোৰ উপচি পৰিছে প্ৰথমবাৰৰ কাৰণে।থুপুক কাষতে পাম,চুই চাব পাৰিম,সাৱটি ৰাখিব পাৰিম।ইয়াতকৈ বেছি কিবা জানো বিচাৰিছিলোঁ।জীৱনত প্ৰথমবাৰৰ বাবে ইমানবোৰ ভাল লগা একেলগে।মন কৰিলোঁ,মই দুখতেই নহয়, সুখতো কথা ক'ব নোৱাৰোঁ।ককা আৰু আয়ুয়ে ইমান কথা কৈছে,মই একোৱেই শুনা নাই,ক'বও পৰা নাই।অলপ দেৰিৰ পাছত কলিং বেল বাজিল।আয়ুয়ে দৰ্জাখন খুলি দিলে।একেবাৰে পাতল গুলপীয়া ৰঙৰ চাৰ্ট আৰু ব্লেক কালাৰৰ পেণ্ট পিন্ধি… Continue reading #আবিৰ খণ্ড (৫৮)

#আবিৰ খণ্ড (৫৭)

:শুইছিলা নেকি?:নাই, ককাৰ লগত কথা পাতি আছিলোঁ,এইমাত্ৰ নিজৰ বিচনালে আহিছোঁ, আপুনি শোৱা নাই?:ওহোঁ।:কিয়?:Was reading something.:কি পঢ়ি আছে?:The Art of Thinking Clearly,its a good read.:উম, পঢ়িছোঁ।:তোমাক কেতিয়াও সোধা নাই,তোমাৰ প্রিয় কিতাপ?:War and peace.:And why?:Its a celebration of life, in all Aspects.:অনন্যা।:হমম।:মই তোমাৰ সৈতে থাকি বহুত কথা শিকিব বিচাৰোঁ, নতুন ঠাই ফুৰিব বিচাৰোঁ,তুমি ইটালী গৈছা নে?:মই ভাৰতৰ… Continue reading #আবিৰ খণ্ড (৫৭)

#আবিৰ খণ্ড (৫৬)

এখন নতুন ৰুটিন লৈ দিনবোৰ পাৰ হৈছে মোৰ।ককাৰ সৈতে আজি পোন্ধৰ দিন পাৰ হ'ল।ৰাতিপুৱা চাৰে পাঁচ বজাত উঠিবই লাগে।ঘৰ সৰা মচা কৰিবলৈ মানুহ এগৰাকী ছয় বজাত আহে।তেওঁ সেইবোৰ কৰে মানে মই ৰাতিপুৱা আৰু দুপৰীয়াৰ খোৱা যোগাৰ কৰোঁ।ককাই উঠি অলপ তলতে খোজ কাঢ়ি আহেগৈ।মই কেতিয়াবা লগত যাব পাৰোঁ, কেতিয়াবা নোৱাৰোঁ।দুপৰীয়াৰ কাৰণে দাইল ভাত ভাজি বনাই হটকেছত… Continue reading #আবিৰ খণ্ড (৫৬)

#আবিৰ খণ্ড (৫৫)

অনিৰুদ্ধই উত্তৰলৈ বাট নাচালে।বেগটো হাতৰপৰা লৈ গাড়ীখনৰ ফালে আগবাঢ়িল।সন্মুখৰ দৰ্জাখন খুলি ককাক বহিবলৈ দিলে।আয়ু আৰু মই পিছফালে বহিলো।ভাগৰ লাগিছে এতিয়া।আয়ুয়ে তেতিয়াও ককাৰ লগত কিবাকিবি পাতিয়েই আছে।অনিৰুদ্ধ মনে মনে আছে।মাজতে ককাই সুধিলে:তুমিও অসমৰে নেকি?:নহয় ককা, কিন্তু অসমীয়া জানো অলপ অলপ।:কেনেকৈ?তেওঁ অলপ হাউলি মোৰ ফালে চালে।:কলেজত মোৰ ৰূমমেট অসমৰ আছিল।তেনেকৈয়ে অলপ শিকিছিলোঁ।এতিয়া আৰু বেছি শিকিছোঁ।:ঘৰ ক'ত তোমাৰ?:মধ্য… Continue reading #আবিৰ খণ্ড (৫৫)