#আবিৰ খণ্ড (৭৭)

“মই যেতিয়াই অকণমান হাঁহিলো
সময়ে ওঁঠত বিষ ঢালি দিলে..
যেতিয়া অকণমান মুকলি উশাহ ল’লো
বিধাতাই বুকুত শিল পুতি থ’লে..
মই যিমানেই জীৱনৰ ওচৰ চাপিলোঁ
জীৱনে আঁতৰি যোৱাৰ সুৰুঙা বিচাৰিলে”

সময়!
বিধাতা!
নে কৰ্মা।

:মাজু,ককাই তোক চাওঁ চাওঁ কৰিছে,গুচি আহ সোনকালে।আমি হস্পিতাল যাবলৈ ওলাইছোঁ।
মায়ে কথাটো কৈ ফোনটো কাটি দিলে।
সকলো যেন নিস্তব্ধ।
ঘন এন্ধাৰৰ নীৰৱতা ফালি মাজে মাজে কেৱল থুপুৰ উচুপনিৰ শব্দ।
কি কৰোঁ মই এতিয়া?
ভৰি হাত বোৰ যেন নাইকিয়া হৈ গৈছে, ডিঙিটো শুকাই গৈছে।
ককাই পাতি থৈ যোৱা থাপনা খনত এই পুৱতি নিশা মই চাকি জ্বলাই বহি আছো।
একো বিচৰা নাই,একো প্ৰাৰ্থনা নাই।
উপায়হীন মানুহৰ ওচৰত যে অনুৰোধ কৰাৰ শক্তি কণো নাথাকে।
কোলাত তেতিয়াও উচুপি আছে থুপুৱে, মোৰ কিন্তু চকুপানী ওলোৱা নাই।
নাকৰ এটা ফুটায়েদি বৈ আহিছে তেজৰ সোঁত।
বুকুৰ বাওঁফালে তীব্ৰ বিষ।
সন্মুখত থকা জনে সকলো বুজিছে।
“মাধৱ”।

মাত্ৰ ৰাতিপুৱালৈ বাট চাইছোঁ, উচুপি উচুপি কোলাতে শুই থাকিল থুপু।তাক তেনেকৈ সাবটিয়ে পাৰ কৰিছোঁ এটা এটা মিনিট।ঘড়ীটোলৈ চাইছোঁ বাৰে বাৰে,সময়বোৰ যেন বেছি লেহেমীয়া গতিত আগবাঢ়িছে আজি।হিবা আৰু তৰা টোপনিত।কাক কি কওঁ মই এতিয়া।ইমান ৰাতি অনিৰুদ্ধক ফোন কৰিবলৈ লৈও ৰৈ গৈছোঁ।
মা আৰু যোগেশ দা ককাক লৈ ডিব্ৰুগড় পাইছেগৈ,ৰাস্তাত দুবাৰ বমি কৰিছে ককাই।উশাহ ৰৈ ৰৈ গৈছে।যিমানেই সময় পাৰ হৈছে,মোৰ চিন্তা সিমানেই বাঢ়িছে।
ফোনটো আকৌ বাজিল।চাৰি বাজিবলৈ পোন্ধৰ মিনিট বাকী।
:I am sorry Ananya, but are you alright?
মোৰ বুকুৰ ধুমুহাজকৰ উমান তেওঁ আঁতৰত থাকিও পালে।বুকুত থকা মানুহ অনিৰুদ্ধ,মোৰ কলিজাৰ কান্দোন তেওঁ নুশুনিলে কোনে শুনিব।
কথাবোৰ কওঁতে মই লাগি লাগি ধৰিছোঁ।
:ককাৰ কিবা হ’লে ময়ো মৰি থাকিম অনিৰুদ্ধ।
:Shhh, hey, don’t say like that..
:কি কৰোঁ মই?
:গুচি যোৱা ঘৰলৈ।মই টিকেট চাইছোঁ।
:অফিচত কি ক’ম?
:তুমিতো লিভ তেনেকৈ লোৱাই নাই,আৰু এইটো emergency situation. সৱ ঠিক হৈ যাব।দুদিন ছুটী লোৱা।তোমাক ওচৰত পালে ককা ভাল হৈ যাব।
:মোৰ বহুত ভয় লাগিছে।
:কিয় ভয় কৰিছা?ভগৱান আছে নহয়।
কিয় নাজানো, প্ৰতিটো কথা গভীৰ আত্মবিশ্বাস আৰু প্ৰত্যয়ৰে কোৱা অনিৰুদ্ধৰ কথাত আজি যে মই পতিয়ন যাব পৰা নাই।বিশ্বাস কৰিব পৰা নাই মই।

শংকা আৰু অনিশ্চয়তাৰ মাজত পাৰ হ’ল ৰাতিটো।সাত বজাতেই ফোন কৰিলোঁ সুৰেশক।ছুটীৰ কাৰণে।তেওঁ কথাটো অমৃতলৈ ঠেলি দিলে।আৰু মই ভৱাৰ দৰেই অমৃত জকজকাই উঠিল।কালি ইমান ডাঙৰ এটা ইচ্ছু অহাৰ পাছত আজি মই কেতিয়াও ছুটী ল’ব নোৱাৰো, কাম কৰিবই লাগিব।অমৃতৰ ভাষাত মই মোৰ ভুল আনৰ ওপৰত জাপি পলাব খুজিছোঁ।ভুল অমৃতৰ নহয়।কাৰণ ফাঁকি দিয়া মানুহ বহুত আছে।ঘৰৰ মানুহ মাৰিছে বুলিও মিছাকৈ কৈ ফুৰিবলৈ যায় মানুহ।
কিন্তু মই মিছা কোৱা নাই, মোৰ অৱস্থাটো মই কেনেকৈ বুজাম এতিয়া।
ছুটি নাই,ডিব্ৰুগড়লৈকে তিনিটা টিকটো একেলগে নাই পোৱা।
কাইলৈৰ বাবে হে যেনেতেনে তিনিটা টিকট একেলগে পাইছোঁ।

ফোনতেই খবৰ লৈ আছোঁ।ককাক আই চি ইউত ৰখা হৈছে,অক্সিজেন দি থকা হৈছে।মা আৰু যোগেশ দা বাহিৰতে বহি আছে।প্ৰতি মিনিটৰ খবৰ মই লৈ আছোঁ।
:দেউতাক খবৰ দিলা?
:দিলোঁ,আহি আছে।
:মই আজি টিকট নাপালোঁ।কাইলৈৰ কাৰণে হে আছে।তাকো তিনিখন কনেকটিং ফ্লাইট।
:থুপুৰ বৰ কষ্ট হ’ব।তাক বৰ ঘূৰাই ফুৰাব লগীয়া হৈছে।এইবাৰ থৈ যাবি তাক।
:চাওঁ চোন।

হিবাক কথাবোৰ ক’লো।তৰাই কন্দা কটা লগাইছে ।থুপু এতিয়াও শুইয়ে আছে।দুয়োজনী মোৰ ঘৰৰ পৰাই অফিচলৈ আহিলোঁ।গতানুগতিক ভাৱেই কামবোৰ কৰি গৈছোঁ ।মই এনে এখন পৃথিৱীত কাম কৰি আছো য’ত ইম’চনেল হোৱা মানেই unprofessional টেগ লগাই লোৱা।কাৰণ অসমত মোৰ ককাৰ বেমাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনোবা ক্লায়েন্টৰ অসুবিধা হ’ব নালাগিব।তেওঁতো নাজানে মোৰ লগত কি ঘটিছে।কথাবোৰ প্ৰেক্টিকেলি লোৱা সকলে সফল হ’ব পাৰে,মোৰ দৰে অস্থিৰ মানুহৰ প্ৰব্লেম বেছি হয়।অমৃতক আকৌ এবাৰ ক’লো ,তেওঁৰ উত্তৰ এটাই কেৱল কাইলৈৰ দিনটো ছুটি লৈ মই যাব পাৰিম।তাৰ পাছত ঘৰৰ পৰা হ’লেও কাম কৰিবই লাগিব।মানি ল’লো।আৰু মনে মনে সিদ্ধান্ত ল’লো,ইয়াত আৰু মই বেছিদিন নাথাকোঁ।মই নিমখ ভাত খাব পাৰিম কিন্তু নিজৰ ইচ্ছাৰ বিপৰীতে কাম কৰিব নোৱাৰিম।আৰু মোৰ unprofessionalism ৰ কাৰণে মোৰ গোটেই টিমটোৰ সদায় বিপদ হোৱাটোও মই নিবিচাৰোঁ।

কাইলৈৰ দিনটো কাম নকৰোঁ বাবে অমৃতৰ নিৰ্দেশ অনুসৰি মোৰ নামত থকা UserStory টোৰ বাকী থকা কামখিনি আগবঢ়াই থ’বলৈ চেষ্টা কৰিলোঁ।মাজে মাজে ফোন বাজিয়েই আছে ।বাৰে বাৰে কাটি আছোঁ।
আৰু যিমান বাৰেই মাৰ, তৰাৰ বা যোগেশ দাৰ ফোন কাটিছোঁ,সিমান বাৰেই মনটোক আৰু দৃঢ় কৰিছোঁ,resignation সোনকালেই দিব লাগিব।

চাৰে দহ বজালৈকে মোক বহাই থৈছে অমৃতে,নিজেও কাম কৰি আছে।আমাৰ টিমৰ সকলো মানুহ ঘৰলৈ গ’ল।কাম শেষ কৰি অমৃতৰ ওচৰত code review কৰাই ওলাই আহিলো।লিফ্ট লবীত ৰৈ আছে অনিৰুদ্ধ।একো কোৱা নাই।গাড়ীত বহালৈকে আমাৰ মাজত কোনো ধৰণৰ কথা নাই।
:অমৃতে বহুৱাই থৈছিল?
:Hmm.
:গা বেয়া লাগিছে?
:নাই।
:খাই লোৱা।
Subway Wrap টো মোৰ ফালে আগবঢ়াই দিলে তেওঁ।পেটৰ ভোক পাহৰিয়েই আছিলোঁ।
:টিকট কেইটাৰ প্ৰিন্ট আউট উলিয়ালা?
:উম।
:কিবা ক’বা?
:I will resign and opt for buy out.
অনিৰুদ্ধ মনে মনে ৰ’ল।এই সময়ত মোৰ মগজে বেছি ভাবিব পৰা নাই বুলি তেওঁ জানে।
ঘৰৰ ওচৰত নামি বেগটো লৈ নামিবলৈ ল’লো।তেওঁ বাওঁ হাতখনত ধৰি ৰখাই থ’লে।
:Come here.
চপাই নি মূৰত হাত ফুৰাই কৈ উঠিল
:সৱ ঠিক হৈ যাব।মই আছোঁ।
সামৰি ৰখা চকুপানীবোৰ ওলাই অহাৰ আগতেই লৰালৰিকৈ নামি আহিলোঁ।কালিৰ পৰা এবাৰলৈও মই কন্দা নাই।এটোপাল চকুপানীও সৰা নাই।
অত্যাধিক সকলো বস্তৱেই মোক শিল কৰি পেলায়,সেইয়া সুখেই হওক বা দুখেই হওক।


এয়াৰপোৰ্টৰ পৰা বাহিৰে বাহিৰে ককাৰ ওচৰ পালোগৈ।নিশা আঠ বাজিছে তেতিয়া।ভিজিটিং আৱাৰ পাৰ হৈ গ’ল বাবে মোক চাবলৈ দিয়া নহ’ল।ককা এতিয়াও ICU ত।
Anticoagulants দিয়া হৈছে।অক্সিজেন চাপোৰ্ট ও মাজে মাজে দিবলগীয়া হৈছে।প্ৰাইভেট নাৰ্ছিং হোম খনৰ ছিনিয়ৰ ডক্টৰজন ককাৰ পুৰণি চিনাকি।তেওঁ সকলো ধৰণৰ চেষ্টা কৰিছে ককাক সুস্থ কৰিবলৈ।

ICU ত থকা ৰোগী সকলৰ এটেণ্ডেণ্ট সকল বহি থকা ঠাইখিনিত শাৰী শাৰী কৈ চকী পাৰি থোৱা আছে।তাতে বহি আছে মা আৰু দেউতা।তেওঁলোকৰ মাজত চাৰিখন মান চকীৰ ব্যৱধান।মোক দেখি মা উঠি আহিল।দেউতা ফোনত ব্যস্ত।
:পালিহি, যোগেশ সময়ত পালেগৈ নে?
:উম।
:ঘৰলৈ যা, কাইলৈ আহি চাই যাবিহি ককাক।
:তুমি যোৱা।থুপুৰ গাড়ীতে টোপনি গ’ল।তৰাৰ লগত গাড়ীতে আছে।মই আজি ইয়াত থাকিম।
:মাজু,ইমান কষ্ট নকৰিবি।তোৰো গা বেয়া হ’ব।
:প্লিজ মা।তৰ্ক কৰাৰ একদম ইচ্ছা নাই।কালি তুমি থাকিলা ন?
:মই আৰু অধীৰ ইয়াতে বহি থাকিলো।যোগেশ গাড়ীত।কেবিন এটাও খালি নাই।

আচৰিত হোৱা নাই মই,মানুহ এজন যেতিয়া মৰিব বুলি আমি জানো,তেতিয়াহে আমাৰ অভিযোগ,অভিমান, খং, জেদ সকলো নাইকিয়া হয়।দেউতাই ইমানকণ মৰম,আদৰ,যত্ন যদি আগৰপৰাই দেখুৱালেহেঁতেন!

:তোমালোক যোৱা,থুপুক কিবা এটা জোৰ কৰি হ’লেও খুৱাই দিবা।
মোৰ লগত যে আৰু যুক্তি তৰ্ক কৰি লাভ নাই সেয়া মায়ে জানে।কেণ্টিন, ৱাছৰূম ক’ত কি আছে কৈ মা গুচি গ’ল।যাওঁতে কৈ থৈ গ’ল
:অধীৰৰ লগত তৰ্ক নকৰিবি,বৰ ডাঙৰ ঘটনা হৈছে।তোক পিছত ভালকৈ ক’ম।

মা গুচি যোৱাৰ পিছত মা বহা ঠাইখিনিতে গৈ বহিলো।
:পালিহি।
:হমম।
:মাৰে ভালকৈ চোৱা-চিতা কৰা হ’লে আজি এনেকুৱা নহয়।

টিঙিচকৈ উঠা খংটো দমাই ৰাখিছোঁ।
:আপুনি নিজে কি কৰিলে?ভাৱি চাইছে?
আনফালে মুখ ঘূৰালে দেউতাই।লাজ পাইছে,পোৱা উচিত।
আমাৰ ওচৰত বহি থকা মানুহজন আঁতৰি যোৱাৰ লগে লগেই দেউতা উঠি আহি মোৰ কাষৰ চকী খনত বহিল।
অনিৰুদ্ধৰ লগত কথা পাতো বুলি উলিয়াই লোৱা ফোনটো সামৰি থ’লো।
:ভুল দুয়োটাৰে আছে,কিন্তু তই মোকেই ভুল বুজি থাকিলি সদায়।
:এতিয়া আমি ককাৰ কথা ভাবিব লাগে নেকি!
:খবৰটো পায়ে লগে লগেই আহিছোঁ মই।তই কি বুজিবি মোৰ কি টেনশ্যন।
সুধাৰ ইচ্ছা নাছিল যদিও সুধিলোঁ।
:কিবা হ’ল নেকি?
দেউতাৰ অতি বিশ্বাসী সেই ধুনীয়া অনা-অসমীয়া মানুহজনী আৰু তাইৰ গিৰিয়েক মিলি দেউতাৰ লকাৰ ভাঙি যি য’ত পাৰে লৈ উধাও হৈছে।আজি এসপ্তাহৰ আগৰ কথা।দেউতাৰ খোৱাত কিবা নিচা যুক্ত বস্তু মিলাই দিছিল।দুপৰীয়ালৈকে শুইয়ে থাকিল দেউতা।আৰু সাৰ পায় উঠে মানে একোৱেই বাকী নাই।ইমানেই টেঙৰ মানুহ যে ট্ৰেক কৰিব পাৰে বুলি পুৰণি ফোন ঘৰতেই পেলাই থৈ গৈছে।এতিয়ালৈকে পুলিচে একো শুংসূত্ৰ বিচাৰি উলিয়াব পৰা নাই।কথাবোৰ কওঁতে দেউতাৰ মুখৰ ৰং বাৰে বাৰে সলনি হৈছে।
:পাপৰ ধন আছিল,গুচি গ’ল।দুখ নকৰিব।
:বৰ বিশ্বাস কৰিছিলোঁ মই,ইমান বদমাছ বুলি ভবা নাছিলো।
:তেনেকুৱা কিছুমান মানুহ পইচাৰ লোভত আপোনাৰ আগে পাছে সদায় ঘূৰি থাকে।আৰু আপুনি ভাৱে আপোনাক ভাল পায়,সমীহ কৰে।তোষামোদ কি চিনি নাপায়?ইমান ফোঁপোলা নে আপোনাৰ ভিতৰখন।সেইদিনা সেই মানুহজনীৰ সন্মুখত মোক কি ব্যৱহাৰ কৰিছিল আপুনি?আৰু বিকাশৰ লগত সম্পৰ্ক ৰাখিবলৈ আপোনাৰ অলপো বেয়া নালাগিছিল?মোৰ লগত কি কৰিছিল সি আপুনি পাহৰি থাকিল?
:মই বহুত কথাত বান্ধ খাই আছোঁ।
:জানো।এটাই মুখ খুলিলে আনটো ফচিব কাৰণে আপোনালোকৰ এই মিলা প্ৰীতি।এতিয়া সেইটো জেইলত।কি কৰিব আপুনি?
দেউতাই ভীষণ লাজ পাইছে।হস্পিতালৰ বাহিৰত এইবোৰ কথা পতা উচিত নহয়,কিন্তু কি কৰোঁ মই।মগজটো যে একেবাৰেই নাই চলা।

:ককাক ইমান বেমাৰী কৰি পেলালে,চিন্তাতে মানুহজন..

খঙত নে দুখত নাজানো মই এতিয়াহে কান্দিছোঁ।পিন্ধি অহা চাৰ্ট টোৰ হাতখন তিতি গৈছে।
:কেলেই কান্দিছ?
:কি কৰিম আৰু,অকণমান তো শান্তি লাগে মোক।সৰুৰেপৰাই সদায় অকল আপোনালোকৰ কাজিয়া দেখিলোঁ, ককাৰ বাহিৰে কাৰো এষাৰ ভাল মাত নাপালোঁ।মোৰ কি মন নাযায় বেলেগ ছোৱালীৰ নিচিনা জীৱন এটা জীয়াবলৈ?এতিয়াও খুলি হাঁহিব নোৱাৰোঁ, কাৰো লগত মিলিব নোৱাৰোঁ, মানুহক বিশ্বাস কৰিব নোৱাৰো, ভালকৈ থাকিব নাজানো, অলপ টেনশ্যন হ’লেই নিচা বিচাৰি ফুৰোঁ, ব্লাড প্ৰেচাৰ কিমান জানে?এতিয়াও মেডিচিন খাই আছোঁ।কিন্তু ককাৰ মাত এষাৰ পালে এই সকলোবোৰ পাহৰি থাকোঁ।কৈ দিছোঁ মই,যদি ককাৰ কিবা এটা হয় মই কিন্তু কাকো নেৰোঁ…

:একো নহয় দেউতাৰ।আৰু তই কথাবোৰ বেছিকৈ ভাৱ সৰুৰেপৰাই।
:সেইটো ও মোৰেই ভুল ন।

উঠি আহিলোঁ সেইখিনিৰ পৰা।হস্পিতাল খনৰ বাহিৰৰ ঘুমটি দোকান খনৰ পৰা চিগাৰেট কিনিলোঁ।সৱেই নেদেখা বস্তু চোৱাদি মোলৈ চাইছে।ইটোৰ পিছত সিটোকৈ দুটা চিগাৰেট শেষ কৰিলো।

আকৌ ভিতৰলৈ আহোঁতে দেখোঁ ডক্টৰে দেউতাৰ লগত কিবা পাতি আছে।
:He is better now.
বুকুখনৰ পৰা যেন শিল এটাহে আঁতৰি গৈছে।
:কিন্তু তেখেতৰ কণ্ডিছন একেবাৰে ভাল নহয়।আপোনালোকে কি কৰে সোনকালে মোক জনাব।আৰু এটা কথা খুব কৈছে,গোসাঁনী বুলি কিবা এটা কৈ আছিল।মোৰ বুজাত অসুবিধা হ’ল।
:মই.. মই..
:তুমি কেতিয়া পালাহি?
:অলপ আগতে।
:তোমাৰ কথা সদায় কয় খুড়াই।
:এবাৰ চাবলৈ দিব নেকি?প্লিজ।
কাৰো আগতে হাত যোৰ কৰি নোপোৱা মোৰ হাত দুখন আপুনি আপুনি যোৰ খাই গ’ল।
:ইমান দূৰৰ পৰা আহিছা, আহা বাৰু, মোৰ লগতে ব’লা।

ৱাৰ্ডটোত আৰু বেলেগ ৰোগী আছে।একেবাৰে মূৰৰ বিচনা খনত ককা।নাৰ্ছ গৰাকীয়ে অলপ আঁতৰি মোক বাট এৰি দিলে।

:ককা।
মাত নাই,ওচৰৰ মনিটৰ টোত শব্দ কিছুমান হৈ আছে মাত্ৰ।হাতত চেলাইন লাগি আছে।
:খুড়া।
খুব কষ্টৰে চকু দুটা মেলিছে ককাই।
কথাবোৰ অস্পষ্ট।
:মই একেবাৰেই গুচি আহিলোঁ,তোমাৰ লগতে থাকিম।সোনকালে ভাল হোৱা।
:তেখেতে আৰাম কৰক।কাইলৈ লগ কৰি ল’বা।
ককাৰ হাতত চুমা এটা খাই ওলাই আহিলোঁ।ICU ৱাৰ্ডৰ বাহিৰৰ পৰা চাই আছে দেউতাই।ককাৰ সন্মুখত থিয় হ’ব পৰা সাহস কণ নাই।দেউতাৰ চকুত অপৰাধবোধ,অনুশোচনা সুস্পষ্ট।
নুসুধাকৈয়ে ক’লো

:শুইছে অকণমান।Pulse ঠিকেই আছে।
:কিবা এটা খাই লওঁ আহ।
বিশেষ একো আপত্তি নকৰাকৈ দেউতাৰ পাছে পাছে গৈ কেণ্টিনত গৈ ভাত খালোঁ।
আজিও কেবিন খালি নাই,ইয়াতেই বহি ৰাতি পাৰ কৰিব লাগিব।
:হোটেল আছে ওচৰত, ৰূম এটা লৈ দিওঁ নেকি?
ঘনে ঘনে সলনি হোৱা এই মানুহজনৰ প্ৰতি মোৰ মনত কি ভাৱ থাকিব লাগে মই নিজেই নাজানো।
:নালাগে, মই ইয়াতেই থাকিম। ফোন এটা কৰি আহোঁ।

অলপ আঁতৰি আহি আছুতীয়া ঠাই অকণমান চাই মালৈ ফোন কৰিলোঁ।ঘৰ গৈ পাইছেগৈ।থুপুৰ টোপনি।ককাক চাবলৈ পালোঁ বুলি জনালোঁ।
:কিবা খালি?
:উম।
:অধীৰে?
:একেলগেই খালোঁ।

ইমান জটিল প্রতিটো মন,প্ৰতিটো সম্পৰ্ক আমাৰ।কিন্তু আজিৰ এই ঘৰৰ মূল মানুহজন হেৰাই যোৱাৰ ভয় কিন্তু সকলোৱে অনুভৱ কৰিছে।
এই অস্থিৰ সময়খিনিত মোক এজন মানুহেই সকাহ দিব পাৰে।

:ককাক দেখিলা?
:মই আৰু ঘূৰি নাযাওঁ,ককাৰ লগতে থাকিম।
:ঠিক আছে,মই জোৰ নকৰোঁ।
:আপুনিও গুচি আহিব।
হাঁহি দিলে তেওঁ।
:মই ভাবিছিলোঁ,মোৰ লগত নাথাকি সদায় ককাৰ লগতেই থকাৰ কথা কৈছা।ককাক মোতকৈ বেছি ভাল পোৱা ন?
:সমানেই আপোনাকো ভাল পাওঁ।মই ভালপোৱা সৱ মানুহ ভালে থাকক।আৰু মোক একো নালাগে।
:অকলে আছা এতিয়া?
:দেউতা আছে।
:কথা পাতিবা ভালকৈ।
:উম।
:Life is too short Ananya..try to understand people from their perspective. Listen to your dad, he must have something to tell.. okay?
:okay.
:That’s my good girl, I wish I could be there with you!
:I am missing you too..
:মই জানো।দেউতাৰ লগত কথা পাতা যোৱা।আৰু শুনা,ককাক মোৰ কথা ক’বা।আৰু পাৰিলে কথা পতাই দিবা।
:হমম।

ফোনটো থৈ দেউতাৰ ওচৰত বহিলো।বহুত কথাই আছে,বহুত প্ৰশ্ন আছে,বহুত অভিযোগ আছে।কিন্তু এইয়া উচিত সময় জানো হয়?
মোৰ বাবে এতিয়া ককাৰ সুস্বাস্থ্যৰ বাহিৰে আন একোৱেই যে প্ৰয়োজনীয় নহয়।

:মই মাৰ্ঘেৰিটাৰ ঘৰটো বিক্ৰী কৰিয়েই দিম।ঘৰৰ মানুহ ঘৰত থকা ভাল।দেউতাক এতিয়া অকলে এৰিব নোৱাৰি।

বিশ্বাস কৰা যায় নে বাৰে বাৰে বিশ্বাস ভঙা মানুহক?দেউতাই যেন মোক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে।প্ৰতিটো কথা নিজৰ ধৰণেৰে সজাই ধুনীয়াকৈ মোৰ আগত ৰাখিছে,আবিশ্বাসৰ থল ৰখা নাই।

কিন্তু ময়ো যে ইমান সহজ হৈ থকা নাই এতিয়া।

:আপুনি ঘূৰি আহিব বুলি জানি ভাল পালো।কিন্তু মই ইয়াৰ পিছত সদায় ককাৰ লগত থাকিম।ককাৰ য’তেই ইচ্ছা তাতেই থাকিম।
:মইতো তোক আঁতৰাই পঠিয়াম বুলি কোৱা নাই।
:আমি কেতিয়াবাই আঁতৰ হ’লো , আপুনি গমেই নাপায় নেকি?

(আগলৈ)

7 thoughts on “#আবিৰ খণ্ড (৭৭)

  1. সকলোৰে এটা নিজা কাহিনী থাকে…..
    দেউতাকৰ ফালৰ কাহিনীটো জানিবলৈ পাম বুলি আশা কৰিলোঁ।

    সকলো মানুহ সদায় ভুল হ’ব নোৱাৰে আৰু শুদ্ধও হ’ব নোৱাৰে।

    ভাল লাগিল বা।❤️❤️

    Liked by 1 person

  2. মনৰ জটিলতা বোৰ সহজেই ভাঙিব নোৱা ৰি । পাহৰো বুলিয়ে সব পাহৰিব নোৱাৰি 🥀💔🙂

    Liked by 2 people

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s