আঁতৰি যোৱাৰ পাছতো তেওঁ মোৰ মাজত সিঁচি গ’ল নিজক ভালপোৱাৰ হাজাৰটা অজুহাত।ব্যস্ত ৰুটিনৰ মাজত সম্পূর্ণ এক ঘণ্টা সময় তেওঁৰ বাবে উলিয়াই ৰাখোঁ।যিমানেই দেৰি নহওঁক কথা নপতাকৈ নোশোৱে তেওঁ।তালৈ গৈ প্ৰথম দুদিনমান গা বেয়া হ’ল।জ্বৰ,চৰ্দি।পানী সলনি হ’লে হয়েই।সেইকেইদিন অলপ বেছিয়েই ফোন,মেছেজ।মই নাথাকোঁতে কি কৰিছিল নাজানো।ইফালে ককা আৰু আয়ু নতুন ঘৰ বিচৰা মিছনত নামিছে।যিটো কাম মই নোহোৱাকৈ কৰিব নোৱাৰে মই ভালকৈয়ে জানো।আৰু চিনেমাত দেখুৱাৰ নিচিনাকৈ যেন একেদিনাই ঘৰটো কিনি পেলাব পাৰিব।কিমান দীঘলীয়া পৰিক্ৰমা সেইয়া মই জানো।তাৰোপৰি বুক কৰাৰ পিছত সোমাব পৰা হোৱালৈ প্ৰায় দুবছৰ লাগিবই।আজিও অফিচৰ পৰা অহাৰ পাছতে ককাই আৰম্ভ কৰিলে
: 3BHK এটা লাগিবই বুইছ।আয়ুয়ে কৈছে এক কোটি মানত ভাল বিল্ডাৰৰ ফ্লেট পাই যাম।
:উম।
:সি দেওবাৰে ওলাই থাকিবলৈ কৈছে,যাবিনে তই?
:যোৱা তোমালোকে চাই আহা।
:সেয়া, আকৌ তোৰ গপ লাগিলেই।
:গপ নাইলগা ককা।তুমি যে আয়ুৰ কথা ইমান চিৰিয়াছ কৈ লৈছা মই সেইয়া দেখিহে আচৰিত হৈছোঁ।সি কি জানে কোৱাচোন?নিজৰ ৰূমৰ ৰেন্ট এগ্ৰিমেণ্ট খন পঢ়ি চাইছেনে নাই ঠিক নাই।আৰু কি ভাবিছা তুমি?পইচা খিনি টোপোলা বান্ধি লৈ যাবা আৰু ঘৰটো দি দিব?লোণ ল’ব লাগিব।আৰু মোৰ ইনকাম চাই মই কেইটকা লোণ পাম জনা আছে।সেইকাৰণে এইবোৰ চিন্তা এতিয়া মই কৰাই নাই।ল’ম ঘৰ এটা কেতিয়াবা।যিটো মই নিজৰ উপাৰ্জনৰ পইচাৰে ঢুকি পাম,তেনেকুৱা এটা ঘৰ।
:মই দিলে মানে তই সেইটো ঘৰত নাথাক?
:চোৱা,পইচা আছে যদি ভালকৈ ৰাখা, থুপুৰ ভৱিষ্যতৰ কাৰণে ৰাখা।এতিয়া মই যি কৰি আছো, যেনেকৈ কৰি আছো মোক কৰিবলৈ দিয়া ককা।প্লিজ।
:আৰু ই আহিলে ক’ত থাকিব?
:ই মানে?
:মাৰে জানো লৈ যাবহি খোজা নাই তাক।
:তুমি গম পোৱা?
:সেইকাৰণেই তো ইমান খৰধৰ কৰিছোঁ।
:ইয়াতে থাকিব।মানুহ এনেকৈয়ে থাকে।থুপু মোৰ ল’ৰা।তাক মই বগা বাংলোৰ বাহিৰৰ পৃথিৱীখন দেখুৱাব খুজিম।সি প্ৰত্যেকটো বস্তুৰ মূল্য বুজা তো বিচাৰিম।ইয়াতে থাকিব সি।মোৰ লগত পকাত শুব।আমি যি খাওঁ তাকে খাব।বহুত ভাবিলোঁ মই,তাৰ কাৰণে ‘বিশেষ’ কিবা এটা কৰিম বুলি,কিন্তু নকৰোঁ।সি জানক, তাৰ মাকজনী নিজেই ‘বিশেষ’ মানুহ নহয়।মাত্ৰ অভিজাত পৰিয়াল এটাই বুটলি আনি আশ্ৰয় দিয়া মানুহ এজনীহে।
:তোক মই কেতিয়াবা তেনেকুৱা ব্যৱহাৰ কৰিছোঁ জানো?
:নাইকৰা।কেতিয়াও নাইকৰা।কিন্তু সঁচাটো সঁচাই ন ককা!
তুমি বেয়াকৈ নাভাবিবা।সময় সলনি হৈছে ককা।থুপুৰ ভালৰ বাবেই মই এনেকৈ ভাবিছোঁ।সি নাজানক তাৰ মাকৰ নামত কিমান সম্পত্তি আছে,তাৰ ককা আজুককাৰ কিমান প্ৰতিপত্তি আছে।সি কষ্ট কৰিবলৈ শিকিব লাগিব।মই শিকাম তাক।
আৰু কি জানা ককা,কষ্ট কৰি ঘটা এটকাৰ মূল্য আনে দিয়া হাজাৰ টকাতকৈ বেছি।মই সেইয়া বুজোঁ।
:তোৰ চিন্তাবোৰ আমাতকৈ বেলেগ।ভালেই ভাবিছ চাগে।
ককা আঁতৰি গ’ল।ভাতকেইট খাই মই লেপটপ খুলি বহিলো।কাম অলপ এতিয়াও বাকী আছে।অনিৰুদ্ধ গুচি যোৱাৰ পাছত অমৃত বেছি ব্যস্ত হৈ পৰিল।আৰু দিনটোত মোলৈ নতুন কাম আহিয়েই থাকে।অমৃতে মাত্ৰ গাইড কৰে কি কৰিব লাগিব।শেষ কৰাৰ দায়িত্ব মোৰ।তাৰবাবে পঢ়িবও লগীয়া হৈছে।ককাই আজিকালি hotstar এপটোত মহাভাৰত চায়।ভাত খাই একমিনিটো নৰয়।চিধাই টিভিৰ সন্মুখত।বিছনাত ভালকৈ আউজি চাব পৰাকৈ ৱালত ফিট কৰি দিছিলোঁ টিভিটো।এতিয়া তাত দিন ৰাতি ৰামায়ণ,চিয়া কে ৰাম,মহাদেৱ চলি থাকে।মাজে মাজে নিউজ।কামৰ মাজতে মাৰ ফোন আহিল।এবাৰ ৰিং হওঁতেই উঠালোঁ
:মা
:কি কৰিছ?
:অফিচৰ কাম।তুমি গুৱাহাটীৰ পৰা গ’লা নেকি?
:নাই যোৱা, ইয়াতে আছোঁ।
:থুপুক কেতিয়া আনিবা?মই আহোঁ নেকি গুৱাহাটীলৈ?ককাকো লৈ যাম।
:নালাগে মিছামিছি ।
মায়ে খঙত ক’লে।মনে মনে থাকিলোঁ।
:মাজু।
:হমম।চাবলৈ মন গৈছে নেকি তাক?
:ওঁ।
মাতটো ওলোৱা নাই মোৰ।আনৰ দৰে সহজতে মই কান্দিবও নোৱাৰোঁ।হয়তো মায়ে বুজি পায়।
:তোৰ ঘৰৰ এড্ৰেছটো দি থ মেছেজত।
ফোনটো থৈ মালৈ মেছেজ কৰিলোঁ।থুপু আহিব।ইয়াতকৈ ভাল লগা আৰু কি হ’ব পাৰে মোৰ বাবে।সময়বোৰ এনেকৈ সলনি হ’ব বুলি মই জানো ভাবিছিলোঁ।কিমান যাতনাৰ ৰাতি মই মৰি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ।থুপুক এৰি আহি প্ৰায় ছমাহলৈকে মইতো কেৱল উশাহ হে লৈছিলোঁ।কিমান বিষ বুকুত কঢ়িয়াইছিলোঁ।আৰু যেতিয়া বুকুৰ অমৃত চেপি উলিয়াই পেলাই দিছিলোঁ…
নোৱাৰোঁ ভাবিব !
লাহে লাহে নিচা লাগিছিল মোৰ আগতকৈ বেছি নিচা।অভ্যাস এটা গঢ় লৈছিল।দুখৰ সৈতে সহবাসৰ দুখ।আঙুলিৰ ফাঁকেৰে সৰকি যোৱা সুখৰ সময়ৰ স্মৃতিত জীয়াই থকাৰ অভ্যাস।এতিয়া ভাবোঁ, মই যদি তেতিয়া মৰি থাকিলেহেঁতেন, ধুনীয়া দিনবোৰ নেদেখাকৈয়ে গুচি গ’লোহেঁতেন…
দুখৰ পৰা পলাই যোৱাতকৈ, মোকাবিলা কৰা উচিত নহয়নে?
মোৰ লগত যি যি ঘটিছিল,তাৰ পাছতো জীয়াই থাকি মই জীৱনৰ প্ৰত্যহ্বানক উভতি ধৰিছিলোঁ।
হয়,তাৰবাবে ডুবিছিলোঁ অনামী নিচাত,নিজকে উৰুৱাই দিছিলোঁ চিগাৰেটৰ ধোঁৱাত ।
কিন্তু সেই সকলো নিচাতকৈ অধিক ৰাগী জীৱনৰ,জীয়াই থকাৰ, ভালপোৱাৰ..থুপুৰ!
মোৰ উশাহত গজা এটি নাম…থুপু!
ককাই ৰং দিয়া এটি প্ৰাণ… আবিৰ !
মায়ে বাৰু তাক কি বুলি মাতে???
ককা শুই পৰিছে।অনিৰুদ্ধই এতিয়াও ফোন কৰা নাই।ময়েই ভিডিঅ’ কল কৰিলোঁ।নুঠালে।কি বা হ’ল?হয়তো কামত ব্যস্ত।গান এটা লগাই আকৌ কামত লাগিলোঁ।পাপনৰ “তোমাৰ কথা ভাবিলেই জানা” গানটো প্ৰায়ে শুনো আজিকালি।মেটেলিকাৰ Whiskey In The Jar শুনি ভালপোৱা মই আজিকালি হুলস্থূল বেয়া পাওঁ।শান্ত সংগীতৰ প্ৰেমত পৰিছোঁ।
ওহোঁ..মই অনিৰুদ্ধৰ প্ৰেমত পৰিছো।
স্ক্ৰীণত তেওঁৰ ভিডিঅ’ কল।প্ৰায় চাৰিদিন পাছত আজি দেখিম।এইকেইদিন ৰূম ঠিক হোৱা নাই বুলি ভিডিঅ’ নকৰে।ইমান লাজ কিহৰ কাৰণে নাজানো।
ক’লা ভেষ্ট পিন্ধি, ডাঢ়িয়ে গোফে গোটেইটো ‘গলি কা গুণ্ডা’।
:এইটো কি ৰূপ?
:ট্ৰেজেদি হৈছে যে।দহদিন হৈ গ’ল,দেখা নাই তোমাক।
হাঁহি উঠি আহিল।
:বেয়া লাগিছে নেকি?
:বহুত বেছি।আৰু এইবোৰ কি হাইস্কুলৰ কাপোল বোৰৰ নিচিনা দিন হিচাপ কৰি আছে।আমি বুঢ়া হ’লো এতিয়া।
:No Way!মই যে নাই হোৱা দেই।তুমিহে নিজকে বুঢ়ী বনাই লৈছা।
:কথা এটা কওঁ নে?
:কোৱা আকৌ।
:I miss you, really!
:এইটো উইক এণ্ডত কি কৰি আছা?গুচি আহা না প্লিজ।
:এনেই যা তা কৈ থাকে কিয়?কেনেকৈ যাম মই?আৰু ককাক কি ক’ম?
:প্ৰব্লেমৰ ভাণ্ডাৰ সদায় ভৰ্তি হৈয়েই থাকে ন তোমাৰ।
তাৰ পাছতো বহুতো কথা আমাৰ।কওঁ কওঁ বুলিও ক’ব নোৱাৰিলোঁ তেওঁক মাৰ লগত কথা পতাৰ কথা।থুপুক লৈ অনাৰ কথা।কেতিয়াবা কিছুমান কথা মোৰ ডিঙিত আহি লাগি ধৰে।ছটফটাই থাকোঁ কিন্তু কৈ দিব নোৱাৰোঁ।আজিও নোৱাৰিলোঁ।কিজানি অনিৰুদ্ধই বুজি নাপায়, কিজানি মোৰ দৰে তেওঁ আনন্দত জঁপিয়াই নুঠে।
ভয়,আশাহত হোৱাৰ ভয়!
ককাক লৈ ওচৰৰ মন্দিৰলৈ যাম আজি।বহুতদিনৰ পৰা কৈ আছে যদিও সময় সুবিধা মিলাই নাই।শুই উঠিয়েই ককা ওলাই মেলি ৰেডি।মানুহগৰাকীয়ে ঘৰ সাৰি মচি গৈছে।ককাই ধূপ চাকি জলাইছে।বিছনাখন ঠিক ঠাক কৰি বাথৰূমত সোমালো।শ্বেম্পুটো হাতত লৈ গোন্ধটো উজাই লৈছোঁ।ষ্ট্ৰবেৰী আৰু মিণ্টৰ তেওঁ ভালপোৱা গোন্ধটো।বগা কুৰ্তীটো পিন্ধি চুলিখিনি তেনেকৈয়ে মেলি লৈ ককাৰ সৈতে ওলাই আহিলোঁ।খোজকাঢ়ি প্ৰায় এক কিলোমিটাৰ হ’ব।ৰাতিপুৱাৰ পূজা হৈ আছে।ককাই মন্দিৰৰ সন্মুখৰ দোকানখনৰ পৰা পূজাৰ সামগ্ৰী কিনি ভিতৰলৈ সোমাল।মই বাহিৰতে ৰ’লো।ভগৱানৰ লগত বৰ ভাল সম্পৰ্ক নহয় মোৰ।কেতিয়াবা বাধ্যত পৰি মূৰ দোৱাওঁ।আজিও একেই।ককাই ভিতৰত মানুহবোৰৰ সৈতে আৰতিত ভাগ লৈছে।
মই চিৰিৰ ওচৰতে বহি আছোঁ।
এনেতে মাৰ ফোন।
:আমি ফ্লাইটত উঠিছোঁ।তৰাও আছে লগত।তোৰ সেইখিনি পাওঁতে কেইটা বাজে নাজানো।
কি শুনিছোঁ এইয়া????
:মা… হেল্ল’..
নাই,বন্ধ হৈ গ’ল।
ফোনটো থৈ মন্দিৰৰ ভিতৰলৈ দৌৰ মাৰিলো।আঁঠুকাঢ়ি কি বিৰবিৰাইছোঁ নাজানো।থৰথৰকৈ কঁপা মোক আচৰিত হৈ চাইছে সৱেই।ককাই কিবা এটা বুজিছে।আৰতিৰ থালৰ ওপৰেৰে পূজাৰীজনে হাত ফুৰাই মোৰ ফালে আশীৰ্বাদ এখিনি দি দিছে।সন্মুখৰ মহাদেৱৰ মূৰ্ত্তিটোৰ চকুহালত মই যেন আজি প্ৰথমবাৰ ভগৱানৰ অস্তিত্বক দেখিলো।
:কি হ’ল মাজনী?
ককাক যেনেতেনে কথাকেইটা কৈছোঁ।কি কৰোঁ কি নকৰোঁ লাগিছে।কিমান যে কাম আছে মোৰ।পূজা শেষ হোৱালৈ নৰ’লো।ককাক টানি আজুৰি অট’ এখনত উঠাই ঘৰ পালোহি।থুপু এনেকৈ সুমাবহি নোৱাৰে।তলৰ ফুলৰ দোকানৰ পৰা ফুল কিনি আনিলোঁ।ঘৰৰ মুখ্য দুৱাৰত নাৰ্জী ফুলৰ দুডাল মালা লগালো।আয়ুক বেলুন আনিবলৈ দিলোঁ।গোটেই ঘৰতে বেলুন লগাম আজি।আৰু কি কি কৰিম?
মোৰ উশাহ বোৰ ছুটি ছুটি হৈ গৈছে।ককাও মোৰ সমানে সমানে কামত লাগিছে।
তাৰ মাজতে অনিৰুদ্ধই বাৰে বাৰে ফোন কৰি আছে, উঠাবলৈ সময় নাই।
:উফ কি হ’ল নো?
:ফোন কিয় উঠোৱা নাই?
:প্লিজ,মই এতিয়া কথা নাপাতোঁ।বহুত কাম আছে।
:আজি শনিবাৰে ইমান কি কাম?
তেওঁ ফোন কাটি আকৌ ভিডিঅ’ কল কৰিলে।আচৰিত হৈছোঁ আকৌ এইবাৰ।তেওঁচোন নিজৰ ঘৰত।মানে বেংগালুৰুৰ ঘৰত।
টোপনি খতিৰ চিন স্পষ্ট মুখত।চ’ফাখনতে আউজি পৰি আছে।
:কালি ৰাতি গুচি আহিলোঁ ড্ৰাইভ কৰি,মিছ কৰিছিলোঁ তোমাক।চাবলৈ আহিম এতিয়া।
মাথাটো ঘূৰাই গ’ল।সৱ একেলগে কিয় হয় মোৰ লগত!
:Noooooo.
:What?
উপায় নাছিল।সৱ খুলি ক’লো তেওঁক।মনে মনে শুনি থাকিল তেওঁ।একো নক’লে।
:মই তোমাৰ আৰু থুপুৰ মাজত নোসোমাও কেতিয়াও।It’s a special day for you. I am so happy for you Ananya..
ওহোঁ।
কৰ’বাত তেওঁ সম্পূৰ্ণ সুখী নহয়।কিন্তু মই এতিয়া সেইবোৰ ভাবিব নোৱাৰোঁ।দহ বাজিলেই।কেব বুক কৰি এয়াৰপোৰ্ট পাবলৈ এঘণ্টাৰ ওপৰত লাগিব।বেলুন আৰু চকলেট এসোপা লৈ আয়ু পালেহি।তাক আৰু ককাক ঘৰৰ দায়িত্ব দি মই কেবত উঠিলোঁ।মাৰ ফোন অফ।একো নাই মই বাহিৰত ৰৈ থাকিম।যিমান দেৰিয়েই ৰ’ব নালাগক মই ৰ’ম।
মন্দিৰলৈ ওলাই যোৱা ভাগেই ঘৰত পিন্ধা ছেণ্ডেলযোৰ পিন্ধিয়েই ওলাই আহিলো।কেবখন ইমান লাহে লাহে কিয় চলাইছে নাজানো।বাৰে বাৰে মাৰ ফোন লগাই আছোঁ।নাই এতিয়াও পোৱাহি নাই।বুকুৰ ভিতৰত কি চলিছে মই নিজেও বুজি পোৱা নাই।
এইবাৰ মাৰ নম্বৰ এৰি তেওঁলৈ ফোন কৰিলোঁ।
:ভয় লাগিছে মোৰ।
:কিয়?
:নাজানো।
:মই আহোঁ?
:প্লিজ,নালাগে।Its too overwhelming for me.
:ক’ত আছা?
:এয়াৰপোৰ্টলৈ গৈ আছোঁ।
:কল কৰিবা কিবা দিগদাৰ হ’লে।
ফোনটো কাটি দিলোঁ।মই আচলতে এতিয়া কি কৰিব লাগে মই নিজেই বুজি নাইপোৱা।
এঘণ্টাতকৈ বেছি সময় মই এয়াৰপোৰ্টৰ বাহিৰত ৰৈ আছোঁ।পেটৰ শব্দ শুনিহে মনত পৰিল মই যে ৰাতিপুৱাৰপৰা একোৱেই নাইখোৱা।খাবলৈ ল’লেই যদি থুপু আহি পায়হি।নাই নালাগে।পিছত খাম।তাৰ লগতে খাম।ঘড়ীটো চাই আছোঁ।এক বাজি চল্লিছ মিনিটত মাৰ ফোন আহিল।
:পালোহি, বেগ লৈ আছোঁ।
আৰু তাৰ পাছত।মই চকু টিপিয়াবলৈও ভয় কৰিছোঁ।এটা এটা পল এটা এটা বছৰ যেন লাগিছে।প্ৰায় বিশ মিনিটমানৰ পাছত এয়াৰপোৰ্টৰ এক্সিত গেইটখনেদি ওলাই আহিছে মা, তৰা আৰু মোৰ থুপু।
আঁঠু কেইটাই মোৰ ভৰ লৈ থাকিব নোৱাৰা হৈছে, হঠাৎ যেন গাৰ ওজন বহুতখিনি বাঢ়ি গৈছে মোৰ।
হাতখন আঁঠুত দি ৰৈ আছোঁ।চকু পানীবোৰ আজি নিজৰ ইচ্ছাত পাৰ ভাঙি বৈ আহিছে।
মায়ে দেখিলে মোক।
মোৰ ফালে আগবাঢ়ি আহোঁতে থুপুৱে তৰাৰ লগতে কিবা পাতি আছে।
বগা চোলাটো, নীলা সৰু হাফপেন্টটো,ফুলা ফুলা গাল দুখন,ডাঙৰ ডাঙৰ চকুকেইটা, কেঁকুৰা চুলিকোছা…
মোৰ পৰা একেবাৰেই ওচৰত।
তৰাই কোলাৰ পৰা তাক নমাই দিলে.. মই হাত দুখন মেলি ৰৈ আছোঁ..
নাই সি নাহে..
সি মোক চিনি নাইপোৱা..
অলপ সময় মোলৈ চাই থাকি বাওঁহাতৰ আধাখোৱা পিমপমটো মোলৈ আগবঢ়াই কৈছে…
:এইটো টেনা হৈ গ’ল,তুমি খোৱা..
মৰ্টনৰ আঠা লগা গালখন, হাতখন মই চুমাৰে উপচাই দিলোঁ
চপাই কোঁচাই সামৰি ল’লো মোৰ উশাহৰ টোপোলাটো..
উদাস বুকুত আজি আবিৰৰ ৰং ।
তাক বুকুতে সাৱটি ওলাই আহিবলৈ লওঁতেই অলপ দূৰত থকা কফিৰ দোকানত বহি থকা মানুহজন চকুত পৰিল।
আমালৈ চাই থকা,দূৰৈৰপৰাই মৰম দিয়া, ভাগৰুৱা মুখত প্ৰশান্তিৰ এটা হাঁহি লৈ সেইয়া অনিৰুদ্ধ!
(আগলৈ)
:
😍😍😍❤❣️
LikeLike
বহুত ভাল লাগিল বা ❤️
LikeLike
❤️❤️
LikeLike
Val lagil nohoi bht besi val lagil 🥺❣️
LikeLike
Abbir premot hosakoi porilu, hoptahor duta din mail khuli bare bare Sai thaku ketiya ahibo
LikeLike
❤️❤️
LikeLike
Ki hundar pratibhar pratifalan..aponar ai pratibha bohudur aguai jauk…
Abir r pratitu khanda ahaloi borkoi opekhya karu…hokolure antar sui goise…
LikeLike
আজিৰ খণ্ডটোৱে যে হৃদয় চুই গল বা। পৰৱৰ্তী খণ্ডৰ অপেক্ষাত❤️
LikeLike
আবিৰৰ প্ৰতিখণ্ডই সাহসৰ ৰঙ সানে
LikeLike
এটা খণ্ডতকৈও আনটো আৰু প্ৰিয় হৈ গৈছে|❤
LikeLike
Ba, bohut vl lagil dei porhi🥺❤
LikeLike
Every girl deserve a guy like Ani❤️🥺
LikeLike
Bohut bhal lagil porhi…bihekhkoi last r part tu Anirudha r kothatu loi…kiman j bhal pai …tothapiu Nijoke atorai rakhise teu..
LikeLike
💓
LikeLike
Bohut bhal lagil ba ❤️
LikeLike
It’s all about Magic of A…….love it
LikeLike
Bohut besi Val lagil baa…
LikeLike
❤❤
LikeLike
Plz ba Anirudh ru Ananyak blg nkribo.. njnu ki hbo goi ase kahini kintu kio jnu voy lgise jn anirudh ananyar prem adhorua hbo🥺
LikeLike
আৱিৰ খণ্ড ৬২দিয়া নাই নেকি
বহুত ভাল লাগিছে excited পিছৰখিনিলৈ
LikeLike
ইন্দ্ৰানী বা পঢ়ি খুব ভাল লাগিছে আবিৰ । ৬২ খণ্ড কেতিয়া আহিব ।
LikeLike
ইন্দ্ৰানী বা পঢ়ি খুব ভাল লাগিছে আবিৰ । ৬২ খণ্ড কেতিয়া আহিব । বহুত ইণ্টাৰেষ্টিং ।
LikeLike
Adhirr agrahare bat sai asu next part loi❤️
LikeLike
আবিৰ ❤️❤️
LikeLike
Please upload the next part 🙏🙏💖
LikeLike